ETV Bharat / politics

কিয় ৰাইজে প্ৰত্যাখ্যান কৰিলে এ আই ইউ ডি এফক : গঠন কৰিব 'ফেক্ট ফাইণ্ডিং টিম' - Lok Sabha Election Results 2024

নিৰ্বাচনৰ পৰাজয় সন্দৰ্ভত এ আই ইউ ডি এফ দলৰ সংবাদমেল । দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে ক'লে ৰাইজে গ্ৰহণ নকৰাৰ কাৰণসমূহ কৰা হ'ব বিশ্লেষণ । নিশ্চয়কৈ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ভুল হৈছে । আমাৰ ভুলৰ বাবেই হয়তো ৰাইজে আমাক সমৰ্থন কৰা নাই। আমি আমাৰ ভুলসমূহ উলিয়াই ইয়াৰ শুধৰণি কৰিব লাগিব ।

AIUDF press conference
এ আই ইউ ডি এফৰ সংবাদমেল (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 10:27 PM IST

গুৱাহাটী, ৭ জুন: লোকসভা নিৰ্বাচনত কিয় ৰাইজে প্ৰত্যাখ্যান কৰিলে এ আই ইউ ডি এফ দলক । ইয়াৰ পুংখানুপুংখ পৰ্যবেক্ষণ কৰিব দলটোৱে । ইয়াৰ বাবে আনকি গঠন কৰা হ'ব 'ফেক্ট ফাইণ্ডিং টিম'। শুক্ৰবাৰে এ আই ইউ ডি এফৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে ।

এ আই ইউ ডি এফৰ সংবাদমেল (ETV BHARAT ASSAM)

বিধায়ক আমিনুল ইছলামে কয়," লোকসভা নিৰ্বাচনৰ জনাদেশক আমাৰ দলে সন্মান সহকাৰে মানি লৈছে ।" ভোটাৰ ৰাইজে দিয়া ৰায়দানেৰে নিৰ্বাচিত হোৱা সাংসদসকলক ধন্যবাদ জ্ঞাপন কৰি তেওঁ নৱনিৰ্বাচিত সাংসদসকলক সংসদত সক্ৰিয় ভূমিকা পালন কৰাৰ আহ্বান জনায় । তেওঁ কয় যে এ আই ইউ ডি এফে তিনিটা সমষ্টিত প্ৰাৰ্থী দিছিল আৰু আটাইকেইটা সমষ্টিতে পৰাজয়ৰ সন্মূখীন হয় । তিনিটা সমষ্টিৰ ভোটাৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয়. 'কিয় ৰাইজে আমাক গ্ৰহণ নকৰিলে তাৰ কাৰণসমূহ বিশ্লেষণ কৰা হ'ব । নিশ্চয়কৈ বিভিন্ন ঠাইত আমাৰ বিভিন্ন ধৰণৰ ভুল হৈছে । আমাৰ ভুলৰ বাবেই হয়তো ৰাইজে আমাক সমৰ্থন কৰা নাই । আমি আমাৰ ভুলখিনি উলিয়াই ইয়াৰ শুধৰণি কৰিব লাগিব ।" ইয়াৰ বাবে এটা ফেক্ট ফাইণ্ডিং টিম গঠন কৰা হ'ব বুলিও তেওঁ কয় ।

তেওঁ পুনৰ কয়,"এই দলটোৱে অঞ্চলে অঞ্চলে ৰাইজৰ মাজলৈ গৈ ভোট নিদিয়াৰ কাৰণসমূহ ফঁহিয়াই চাব । ৰাইজে দেখুৱাই দিয়া ভুলসমূহৰ পৰা আমি শিক্ষা ল'ব বিচাৰো । ভুলৰ সংশোধন ঘটাই ৰাইজৰ আস্থা পুনৰ লাভৰ বাবে আমি চেষ্টা কৰিম ।" দলে বিগত ১৯ বছৰে ৰাইজৰ সেৱাৰ বাবে যিদৰে কাম কৰি আহিছে আগলৈয়ো সেইদৰে কৰি যাব বুলি সদৰী কৰি তেওঁ কয় যে এই মূহুৰ্তত তেওঁলোকে কোনো দলক দোষ দিব বিচৰা নাই । জনাদেশক আমি মানি লৈছো বুলি উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ দেশতে সংখ্যালঘুৰ ভোট কংগ্ৰেছৰ পক্ষত গৈছে । নিৰ্বাচনত জয়-পৰাজয় থাকে বুলিও তেওঁ মন্তব্য় কৰে। সংবাদেমলত দলটোৰ কেইবাগৰাকী বিধায়ক আৰু নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:কি যাদুৰে আজমলৰ ফু-মন্ত্ৰ বশ কৰিলে ৰকিবুল হুছেইনে ? - Lok Sabha Election Results 2024

বহুত সোনকালে ৰকিবুলৰ গাড়ীৰ তেল শেষ হ’ব : বদৰুদ্দিন আজমল - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.