ETV Bharat / politics

সামগ্ৰীৰ দাম কিছুদিনৰ পৰা কমিছেহে: জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

গেছৰ দাম, তেলৰ দাম, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কিছুদিনৰ পৰা কমিছেহে ৷ মূল্যবৃদ্ধি ক’ত হৈছে আপোনালোকে গম পাব- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷

LOK SABHA ELECTION 2024
নলবাৰীৰ বাহজানীত ফণীভূষন চৌধুৰীৰ বিশাল ৰোড শ্ব
author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 9:19 PM IST

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ

নলবাৰী, 28 এপ্ৰিল : নলবাৰীত ব্যাপক নিৰ্বাচনী প্ৰচাৰ বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ ৷ দেওবাৰে নলবাৰীৰ বাহজানীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত ফণীভূষন চৌধুৰীয়ে এক বিশাল ৰোড শ্ব’ৰে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহজানী মণ্ডলৰ মৰোৱা উৎসৱ ক্ষেত্ৰৰ পৰা ফণীভূষন চৌধুৰীয়ে বিশাল বাইক ৰোড শ্ব’ বাহিৰ কৰি শক্তি প্ৰদৰ্শন কৰে ৷ ইয়াৰ পিচতে অময়াপুৰৰ এখন জনসভাত ভাগ লয় ফণীভূষণ চৌধুৰীৰ লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মন্ত্ৰী অতুল বৰাই ৷

সভাৰ অন্তত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংবাদিকৰ আগত কয় যে, সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ ফালে ঢাল খাইছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কামত ধৰ্মীয় সংখ্যালঘু লোক আকৃষ্ট হৈছে বুলি কয় তেওঁ ৷ বিজেপিৰ সংখ্যালঘু তুষ্টিকৰণৰ অভিযোগ সন্দৰ্ভত সোধা প্ৰশ্নত জয়ন্ত মল্ল বৰুৱাই কয় "আমি ভাৰতবৰ্ষৰ ভিতৰত ভোট খুজিছো, পাকিস্তান বা বাংলাদেশত ভোট খোজা নাই ৷ যিসকলে ভোট বেংক বুলি ব্যৱহাৰ কৰিছিল তেওঁলোকে কোনোদিন সংখ্যালঘুৰ উন্নয়ন নকৰিলে " ভাৰতৰ ভিতৰত থকা সকলো লোকৰে ভোট লাগে বুলিও মন্তব্য কৰে জয়ন্ত মল্লবৰুৱাই ৷ ইফালে মূল্যবৃদ্ধিৰ বাবে নিৰ্বাচনত ভোটদানৰ হাৰ কমিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়- "গেছৰ দাম, তেলৰ দাম, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কিছুদিনৰ পৰা কমিছেহে ৷ মূল্যবৃদ্ধি ক’ত হৈছে আপোনালোকে গম পাব কিন্তু মই যিমানদূৰ জানো গেছৰ দাম, তেলৰ দাম লগতে বহুতো বস্তুৰ দাম কমিছে ৷"

ইফালে এইবাৰ বৰপেটাত বিৰোধী বিহীন নিৰ্বাচন হোৱা বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ আনহাতে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে শুকুৰ আলীয়ে ভাল প্ৰতিদ্বন্দ্বিতা দিব বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে এই নিৰ্বাচনী সভাত অংশ লৈ অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই চি পি আই এম আৰু কংগ্ৰেছক সমালোচনা কৰে ৷

লগতে পঢ়ক : টকাৰ বাণ্ডিলৰ সৈতে ভাইৰেল যুৱনেতা: মুখ্যমন্ত্ৰীৰ মতে এনে ঘটনাৰ বাতৰি কৰিব নালাগে - UPPL Members Photo Viral

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.