ETV Bharat / politics

ৰাজনীতিবিদলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ : আঁতৰাব লাগিব সামাজিক মাধ্যমৰ পোষ্ট - ECI ON FAKE CONTENT

Lok Sabha Polls 2024: প্ৰতিগৰাকী ৰাজনৈতিক নেতা, নিৰ্বাচনী প্ৰাৰ্থী আৰু ৰাজনৈতিক দলসমূহলৈ নিৰ্বাচনী আয়োগৰ নিৰ্দেশ ৷ সামাজিক মাধ্যমত প্ৰচাৰ কৰা ভুৱা তথা আপত্তিজনক পোষ্ট ডিলিট কৰাৰ নিৰ্দেশ ৷ অন্যথা কৰা হ’ব আইনী ব্যৱস্থা গ্ৰহণ ৷

ECI On Fake Content
নিৰ্বাচনী আয়োগৰ জাননী (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 11:43 AM IST

নেশ্যনেল ডেস্ক, 14 মে’: দেশত অব্যাহত আছে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ বৰ্তমানলৈকে চাৰিটাকৈ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে এতিয়াও নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আছে তিনিটা পৰ্যায়ত ৷

এই নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰচাৰ কাৰ্যৰ বাবে ব্যাপক ৰূপত ব্যৱহাৰ হৈছে সামাজিক মাধ্যম ৷ প্ৰতিটো ৰাজনৈতিক দলে নিজ দলৰ প্ৰচাৰ কাৰ্য সামাজিক মাধ্যমতো ব্যাপক ৰূপত কৰা দেখা গৈছে ৷

পিছে কিছু আপত্তিজনক পোষ্টেৰে সামাজিক মাধ্যম ভৰি পৰাও দেখা গৈছে ৷ যিয়ে নিৰ্বাচনৰ পূৰ্বে হিংসাত্মক কাৰ্যকলাপ বৃদ্ধিত অৰিহণা যোগোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ যাক লৈ অধিক সজাগ হৈ পৰিছে নিৰ্বাচনী আয়োগ ৷

আয়োগে শেহতীয়াকৈ জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, প্ৰতিগৰাকী ৰাজনৈতিক নেতা বা দলে আয়োগৰ পৰা লাভ কৰা জাননীৰ তিনিঘণ্টাৰ ভিতৰত সামাজিক মাধ্যমৰ পৰা আঁতৰাব লাগিব তেনে কোনো ভুৱা আৰু আপত্তিজনক পোষ্ট ৷

দেশৰ ৰাজধানী চহৰ নতুন দিল্লীস্থিত নিৰ্বাচনী আয়োগৰ মুখ্য কাৰ্যালয়ে জাৰি কৰিছে এই নিৰ্দেশনা ৷ এই নিৰ্দেশ অমান্য কৰাজনৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব আইনী ব্যৱস্থা ৷ যিসকলে ইতিমধ্যে এনে ভুৱা আৰু আপত্তিজনক পোষ্ট সামাজিক মাধ্যমত আপলোড কৰিছিল, তেওঁলোকক ততালিকে পোষ্টসমূহ আঁতৰাবলৈ নিৰ্দেশ দিছে নিৰ্বাচনী আয়োগে ৷

নিৰ্বাচনী আয়োগে সদৰী কৰা অনুসৰি, পঞ্চম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত আছে মাথো কেইটামান দিন ৷ ৰাজনৈতিক দল বা প্ৰাৰ্থীসকলে প্ৰচাৰ কাৰ্যৰ বাবে প্ৰতিটো মাধ্যমকে ব্যৱহাৰ কৰি আছে ৷ এনেক্ষেত্ৰত তেওঁলোকে ভুৱা আৰু আপত্তিজনক পোষ্টসমূহো সামাজিক মাধ্যমত আপলোড কৰিব কুণ্ঠাবোধ কৰা নাই ৷ আয়োগে AI ৰ সহায়ত এই ভুৱা পোষ্ট অথবা ফটোসমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা ৷

আজিকালি ৰাজনৈতিক দলসমূহে প্ৰচাৰ কাৰ্যৰ বাবে ব্যাপক ৰূপত সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰি আহিছে ৷ সামাজিক মাধ্যমৰ প্ৰতিখন মঞ্চতে দৈনিক প্ৰায় শতাধিক নিৰ্বাচন সংক্ৰান্তীয় পোষ্ট আপলোড হৈ আছে ৷ পূৰ্বতেও AI ব্যৱহাৰ কৰি এনে ভুৱা পোষ্ট অথবা ফটোসমূহ প্ৰস্তুত কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷

AI ৰ জৰিয়তে এনে কণ্টেট মুহূৰ্ততে প্ৰস্তুত কৰিব পৰা যায়, যিয়ে অতি কম সময়ৰ ভিতৰতে ভিউৱাৰ্ছৰ সংখ্যা অধিক কৰি তুলিব পাৰে ৷ এই পোষ্টসমূহে নিৰ্বাচনত মাত্ৰাধিক প্ৰভাৱ পেলোৱাও দেখা যায় ৷ সেয়ে নিৰ্বাচনী আয়োগে এইক্ষেত্ৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি জাৰি কৰিছে এই নিৰ্দেশনা ৷

লগতে পঢ়ক: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাখিল কৰিব মনোনয়ন - PM Modi Nomination

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.