ETV Bharat / politics

কে চি আৰৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ: নিৰ্বাচন আয়োগৰ জাননী জাৰি - Lok Sabha Election 2024

EC Issues notice to KCR: কংগ্ৰেছ দলৰ বিৰুদ্ধে কৰা “অপমানজনক” মন্তব্যৰ বাবে নিৰ্বাচন আয়োগে তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক জাননী জাৰি কৰি ১৮ এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে ।

LOK SABHA ELECTION 2024
FORMER TELANGANA CM KCR
author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 8:10 PM IST

নিউজ ডেস্ক, ১৭ এপ্ৰিল: ভাৰত ৰাষ্ট্ৰ সমিতিৰ সভাপতি তথা তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক ৫ এপ্ৰিলত এখন সংবাদমেলত কংগ্ৰেছ দলৰ বিৰুদ্ধে কৰা “অপমানজনক” মন্তব্যৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে বুধবাৰে এক জাননী জাৰি কৰে । ২০২৪ চনৰ ৫ এপ্ৰিলত ছিৰচিলাত অনুষ্ঠিত সংবাদমেলত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কৰা অপমানজনক মন্তব্যৰ অভিযোগ উত্থাপন কৰি তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ উপ-সভাপতি জি নিৰঞ্জনে দাখিল কৰা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে এই জাননী জাৰি কৰে ।

অভিযোগৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাজন্না ছিৰচিলা জিলাৰ জিলা নিৰ্বাচনী বিষয়াই এক বাস্তৱিক প্ৰতিবেদন দাখিল কৰে য’ত উল্লেখ কৰা হৈছে যে সংবাদমেলৰ সময়ত কে চি আৰে কিছুমান বিশেষ মন্তব্য কৰিছিল । প্ৰতিবেদনত ৰাৱে দিয়া বক্তব্যসমূহৰ ওপৰত আলোকপাত কৰা হৈছে যিবোৰক অপমানজনক আৰু নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি গণ্য কৰা হৈছিল ।

প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাওক জাননী জাৰি কৰা প’ল পেনেলে ২০২৪ চনৰ ১৮ এপ্ৰিলৰ পুৱা ১১ বজাৰ ভিতৰত এই মন্তব্য সন্দৰ্ভত তেওঁৰ স্থিতি ব্যাখ্যা কৰিবলৈ আহ্বান জনাইছে । নিৰ্দিষ্ট সময়ৰ ভিতৰত সঁহাৰি নিদিলে আয়োগে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব ।

ইফালে, মঙলবাৰে প’ল পেনেলে লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ২০২৪ চনৰ ১৬ মাৰ্চৰ পৰা মডেল ক’ড অৱ কণ্ডাক্ট (এমচিচি) বলৱৎ হোৱাৰ পিচত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ তালিকা প্ৰস্তুত কৰে । নিৰ্বাচন আয়োগে প্ৰকাশ কৰে যে মুঠ অভিযোগৰ ভিতৰত ৫১ টা ভাৰতীয় জনতা পাৰ্টীৰ, ইয়াৰে ৩৮টা গোচৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে; ৫৯টা কংগ্ৰেছৰ আছিল, ইয়াৰে ৫১টা গোচৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ।

আন পক্ষৰ পৰা পোৱা অভিযোগ আছিল ৯০ টা, ইয়াৰে ৮০টা গোচৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক: মই অসমৰ গামোচাৰ ব্ৰেণ্ড এম্বেছাদৰ : প্ৰধানমন্ত্ৰী মোদী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.