ETV Bharat / politics

আঞ্চলিকতাবাদ: টিডিপিয়ে কৰিব পৰা কামটো অগপই কৰিব নোৱাৰে কিয় ? - Role of regional politics

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 8:17 PM IST

Power of regional politics: মঙলবাৰে ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰো ফলাফল ৷ দেশৰ ৰাজনীতিত আঞ্চলিক দলৰ ভূমিকা অপৰিসীম ৷ অসমৰ অন্যতম আঞ্চলিক শক্তি অগপ আৰু অন্ধ্ৰপ্ৰদেশৰ তেলুগু দেশম পাৰ্টিৰ মাজত আছে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৷ কিন্তু আঞ্চলিক ৰাজনীতিৰ ক্ষেত্ৰত টি ডি পিৰ সৈতে সমানে আগুৱাব পাৰিছেনে অগপ ? এই সকলো দিশ সামৰি ই টিভি ভাৰতৰ গৌতম বৰুৱাৰ এক বিশ্লেষণাত্মক প্ৰতিবেদন...

Asom Gana Parishad
Role of regional politics (ETV Bharat Assam)

মঙলবাৰ, ৪ জুন 2024 ৷ দেশৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ দিন ৷ আগন্তুক পাঁচটা বছৰৰ বাবে দেশ চলাবলৈ কোনে এখন চৰকাৰ গঠন কৰিব সেই বিষয়ে দেশবাসীয়ে প্ৰদান কৰা গোপন ৰায় মঙলবাৰে ৰাজহুৱা হ'ব ৷ এই বিষয়ে ১ জুনৰ সন্ধিয়াৰ পৰাই দেশজুৰি নানা চৰ্চা আৰম্ভ হৈছে ৷ প্ৰায় সকলোখিনি এগজিট প'লেই মোটামুটিভাৱে একেখনেই ছবি দাঙি ধৰিছে ৷ আমি পিছে তাক লৈ আলোচনা কৰিব খোজা নাই ৷ আন এটা সৰু যেন লগা কিন্তু অসমৰ বাবে গুৰুত্বপূৰ্ণ বিষয়হে আলোচনা কৰিব খুজিছো ৷

মঙলবাৰে অৰ্থাৎ ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফলৰ লগতে একেলগে ফলাফল ওলাব অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰো ৷ অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতি বুলি ক'লেই দুজন মানুহৰেই ছবি ভাৰতবৰ্ষৰ মানুহৰ মনলৈ ভাহি আহে ৷ তাৰে প্ৰথমজনেই হৈছে এন টি ৰামাৰাও আৰু দ্বিতীয়জন চন্দ্ৰবাবু নাইডু ৷ এন টি ৰামাৰাও (এন টি আৰ) তেলুগু জাতিৰ বাবে প্ৰাতঃস্মৰণীয় ৷ আনহাতে চন্দ্ৰবাবু নাইডু এগৰাকী জনপ্ৰিয় নেতা ৷

লগতে পঢ়ক: কোনে মাৰিব শেষ হাঁহি ? কি বিচাৰে গুৱাহাটীৰ সাধাৰণ জনতাই ? - LOK SABHA ELECTION RESULTS 2024

বৰ্তমানৰ অত্যাধুনিক আৰু হাইটেক হায়দৰাবাদ চহৰখন গঢ়ি উঠাৰ আঁৰৰ মানুহ দুজনেই হৈছে প্ৰয়াত এন টি আৰ আৰু নাইডু ৷ বিগত পাঁচ বছৰ চন্দ্ৰবাবু নাইডু অন্ধ্ৰপ্ৰদেশৰ শাসনত নাছিল ৷ জগনমোহন ৰেড্ডীৰ YSRCP ৰ চৰকাৰ আছিল অন্ধ্ৰপ্ৰদেশত ৷ কিন্তু নাইডু নেতৃত্বাধীন তেলুগু দেশম পাৰ্টি (TDP) যোৱা পাঁচটা বছৰে এনেয়ে বহি থকা নাছিল ৷

এন টি আৰে গঢ়ি থৈ যোৱা এই দলটোক শক্তিশালী ৰূপত আগুৱাই নিবলৈ কোনো ফালৰ পৰা চেষ্টাৰ ত্ৰুটি কৰা নাছিল চন্দ্ৰবাবু নাইডুৱে ৷ দেশৰ এগৰাকী অন্যতম শক্তিশালী আৰু বিচক্ষণ নেতাৰূপে নাইডুৰ এটা নাম আছে ৷ এটা সময়ত বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ দল আছিল টি ডি পি ৷ কিন্তু বিভিন্ন কাৰণত টি ডি পি এন ডি এৰ পৰা ওলাই আহিছিল যদিও শেহতীয়া লোকসভা নিৰ্বাচনৰ আগে আগে টি ডি পি পুনৰ এন ডি এত চামিল হৈছিল ৷ এয়াই হৈছে নাইডুৰ বিচক্ষণতা ৷

লগতে পঢ়ক: অপেক্ষা কাইলৈৰ বাবে; প্ৰধানমন্ত্ৰী মোদীয়ে বিজয়ৰ নতুন অভিলেখ গঢ়িব পাৰিবনে ? - Lok Sabha Election Result 2024

অন্ধ্ৰপ্ৰদেশত বিজেপিৰ স্থিতি মুঠেও শক্তিশালী নহয় ৷ ১৭৫ জনীয়া অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত এইবাৰ বিজেপিয়ে মাত্ৰ ১০ খন আসনত প্ৰতিদ্বন্দ্ব্বিতা কৰিছিল আৰু সমীক্ষা অনুসৰি ইয়াৰে চাৰিৰ পৰা ছখন আসনত বিজেপি জয়ী হোৱাৰ সম্ভাৱনা আছে ৷ তেন্তে যিখন ৰাজ্যত বিজেপিৰ ভেটিয়েই শক্তিশালী নহয় সেইখন ৰাজ্যত সেই একেই বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ হ'বলৈ চন্দ্ৰবাবু নাইডুৱে পুনৰ মন মেলিলে কিয় ? এইটোহে ডাঙৰ প্ৰশ্ন ৷ এইখিনিৰ পৰাহে আহিব আমি ক'ব খোজা মূল কথাটো ৷

প্ৰয়াত এন টি আৰে তেলুগু দেশম পাৰ্টি জন্ম দিছিল তেলুগু জাতিৰ স্বাৰ্থত ৷ টি ডি পি এশ শতাংশই বিশুদ্ধ এটা আঞ্চলিকতাবাদী দল ৷ কিন্তু দেশৰ ৰাজনীতিত টি ডি পিৰ গুৰুত্ব বহুত বেছি ৷ দিল্লীত চৰকাৰ কাৰ হ'ব সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এটা আঞ্চলিকতাবাদী দল হিচাপে টি ডি পিয়ে জন্মলগ্নৰে পৰাই এক শক্তিশালী ভূমিকা পালন কৰি আহিছে ৷ আঞ্চলিক চৰিত্ৰ অটুট ৰাখি ৰাষ্ট্ৰীয় ৰাজনীতিত এক শক্তিশালী ভূমিকা পালন কৰি আহিছে টি ডি পিয়ে ৷

লগতে পঢ়ক: কিয় নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে জনতাই ? - Lok Sabha Election 2024

এইবাৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল যে পুনৰ নাইডুৰ পক্ষত যাব তাক লৈ এটা প্ৰায় স্পষ্ট ধাৰণা ফুটি উঠিছে ৷ সমীক্ষা অনুসৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ দল YSRCP হয়তো ক্ষমতাচ্যুত হ'ব ৷ হয়তো পুনৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ৰূপত দেখা যাব পাৰে চন্দ্ৰবাবু নাইডুক ৷ তেনে এক পৰিস্থিতি যদি হয় তেন্তে অন্ধ্ৰপ্ৰদেশত এন ডি এৰ চৰকাৰ হ'ল বুলিয়েই চৰ্চা চলিব ৷ কিয়নো অন্ধ্ৰপ্ৰদেশৰ আন এক শক্তিশালী আঞ্চলিক দল হৈছে চলচ্চিত্ৰ তাৰকা পবন কল্যাণ নেতৃত্বাধীন জনসেনা, যিটো দলো এন ডি এৰ অংশীদাৰ আৰু জনসেনাই ক'মেও ১৪ ৰ পৰা ১৬ খন আসন পাব পাৰে বুলি বিভিন্ন সমীক্ষাই কৈছে ৷

অৱশ্যে এইবাৰ সৰ্বাধিক আসন টি ডি পিৰ পক্ষতেই থাকিব বুলি সমীক্ষাসমূহত কোৱা হৈছে ৷ যদিহে অন্ধ্ৰপ্ৰদেশত এন ডি এৰ চৰকাৰ হয় তেন্তে এইখন ৰাজ্যৰ শাসনৰ ৰাজনীতিত বিগ ব্ৰাডাৰ হৈ থাকিব টি ডি পিহে, বিজেপি নহয় ৷ যিটো কথা চন্দ্ৰবাবু নাইডুৰ দৰে বিচক্ষণ নেতাই খুব ভালদৰে বুজি পায় ৷

লগতে পঢ়ক: কি হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল ? বিজেপিৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ - Lok Sabha Election 2024 results

তেলুগু দেশম পাৰ্টি আৰু অসম গণ পৰিষদৰ মাজত জন্মলগ্নৰে পৰাই এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে ৷ পূৰ্বতে অসমত বিধানসভা নিৰ্বাচনৰ সময়ত টি ডি পিৰ বহুকেইগৰাকী সাংসদ, বিধায়ক, নেতাই অসমলৈ গৈ অগপৰ হৈ প্ৰচাৰো চলাইছে ৷ আজিও দুয়োটা দলৰ মাজত সেই বন্ধুত্ব অটুট আছে ৷ তেনেক্ষেত্ৰত একেই আঞ্চলিকতাবাদী দল হৈয়ো আজি টি ডি পি আৰু অগপৰ মাজত ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটত গুৰুত্বৰ এক বৃহৎ পাৰ্থক্য কিয় ?

অগপক যদি আজিৰ তাৰিখত অসমত বিজেপিয়ে মিত্ৰ হৈ থকাটো নিবিচাৰে তেন্তে অগপৰ হাতত হয়তো কোনো উপায় নাথাকিব ৷ কাৰণ অসমত এটা সময়ত অগপ বিগ ব্ৰাডাৰ আছিল যদিও আজিৰ তাৰিখত কিন্তু বিজেপিহে বিগ ব্ৰাডাৰ ৷ বিজেপিৰ ইচ্ছা-অনিচ্ছাৰ ওপৰতেই যেন নিৰ্ভৰ কৰিছে অগপৰ ভৱিষ্যৎ !

অন্ধ্ৰপ্ৰদেশ বা প্ৰায়সংখ্যক দক্ষিণ ভাৰতৰ ৰাজ্যত তেনে হোৱা দেখা নাযায় ৷ টি ডি পি অগপৰ বন্ধু দল ৷ অগপও এন ডি এৰ অংশীদাৰ আৰু টি ডি পিও ৷ কিন্তু অন্ধ্ৰপ্ৰদেশৰ জনতা সদায় আঞ্চলিকতাবাদৰ পক্ষত ৷ সেয়া লাগিলে জগনমোহন ৰেড্ডীৰ দলেই হওক বা চন্দ্ৰবাবু নাইডুৰ দলেই হওক ৷

লগতে পঢ়ক: অগপৰ নিৰ্বাচনী প্ৰতিবেদনত বিধায়কৰ ভুৱা স্বাক্ষৰ ! - AGP Election Report

এটা সময়ত কংগ্ৰেছৰ দপদপনি আছিল যদিও এতিয়া তেনে পৰিবেশ নাই ৷ সেয়েহে অন্ধ্ৰপ্ৰদেশত আজিৰ তাৰিখত কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক কোনো এটা ৰাষ্ট্ৰীয় দলকেই তেলুগু জনতাই বৰ বেছিকৈ বিশ্বাসত নলয় ৷ আনহাতে দেশৰ বিভিন্ন প্ৰদেশত বিজেপিৰ উত্থান সম্ভৱ হৈ উঠিছে কেৱল স্থানীয় আঞ্চলিক দলসমূহৰ সহায়তহে ৷

অসমৰ ক্ষেত্ৰতো একেটাই কথা ৷ যিকেইখন ৰাজ্যত এন ডি এৰ চৰকাৰ হৈছে তাত বিজেপিতকৈ স্থানীয় আঞ্চলিক দলৰ অৱদানহে অধিক ৷ তেনেক্ষেত্ৰত অসমত অগপ আজি এন ডি এৰ অংশীদাৰ হোৱাৰ পিছতো টি ডি পিৰ দৰে শক্তিশালী এক স্থিতিত থাকিব নোৱৰাৰ কাৰণসমূহো বিশ্লেষণ কৰি চোৱাৰ নিশ্চয় প্ৰয়োজনীয়তা আছে ৷

অন্ধ্ৰপ্ৰদেশত এন ডি এৰ চৰকাৰ হওক বা নহওক, সেয়া ডাঙৰ কথা নহয় ৷ ডাঙৰ কথাটো হ'ল টি ডি পি বা চন্দ্ৰবাবু নাইডুৰ পৰা আঞ্চলিকতাবাদী চৰিত্ৰ সন্দৰ্ভত অগপই শিকিবলগীয়া বহুখিনি আছে ৷

লগতে পঢ়ক: ভোটাৰৰ মনৰ কথা : কোন হ'ব ডিব্ৰুগড়ৰ পৰৱৰ্তী সাংসদ ? - Lok Sabha Election 2024

আজি অসমত অগপ দল হৈছে চৰকাৰখনৰ অংশীদাৰ ৷ স্বাভাৱিকতেই শাসনত থকা দলটোৰ প্ৰতি মানুহ আকৰ্ষিত হ'ব ৷ এয়া বেছিভাগ মানুহৰ স্বভাৱজাত প্ৰবৃত্তি ৷ কিন্তু শাসনত নথকা অৱস্থাতো এটা আঞ্চলিক দলক সাধাৰণ মানুহৰ বুকুৰ কুটুম কৰি ৰাখিব পৰাটোহে ডাঙৰ কথা ৷ যিটো কাম চন্দ্ৰবাবু নাইডুৱে কৰিব পাৰিছে ৷ গৰিষ্ঠসংখ্যক তেলুগু মানুহৰ আজিও আবেগ জড়িত হৈ আছে টি ডি পিৰ সৈতে ৷

অসমীয়া জাতিৰো আবেগ জড়িত হৈ আছিল অগপৰ সৈতে ৷ তৎস্বত্বেও টি ডি পি আৰু অগপৰ মাজত এটা বৃহৎ চৰিত্ৰগত পাৰ্থক্য আহি পৰিল যাৰ বাবে অন্ধ্ৰপ্ৰদেশত আজিও বিজেপিৰ লগত থাকিও টি ডি পি বিগ ব্ৰাডাৰ হৈ থাকিল আৰু অসমত অগপ বিগ ব্ৰাডাৰ হৈ থাকিব নোৱাৰিলে ৷ টি ডি পিৰ নেতৃত্ব আৰু অগপৰ নেতৃত্বৰ মাজত এটা ভাল সম্পৰ্ক আজিও আছে ৷ আঞ্চলিকতাবাদী চৰিত্ৰ অটুট ৰাখি ৰাষ্ট্ৰীয়তাবাদ কৰাটোত কৰবাত যেন অলপ খেলিমেলি হৈ গৈছে অগপৰ ! পাৰিলে সেইখিনি দূৰ কৰক অগপই ৷ মানুহ ভালৰ দিনত সকলোৰে লগত থাকে ৷ তোষামোদকাৰীৰো অভাৱ নহয় ৷ কিন্তু সেই একেখিনি মানুহ বেয়া দিনতো লগত থকাটোহে আচল কথা ৷ নাইডুৱে সেই কথা বুজিছে ৷

লগতে পঢ়ক: পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে নগাঁৱৰ জনতাই ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.