ETV Bharat / politics

ভাল দিনৰ নামত বিজেপিয়ে সকলোকে ভেড়া সজালে: দেৱব্ৰত শইকীয়া - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

ৰাইজক চলাহী কথাৰে ভেড়া বনাবলৈ বিজেপিয়ে অপচেষ্টা কৰাৰ অভিযোগ বিৰোধী দলপতিৰ ৷ নৰেন্দ্ৰ মোদীৰ বিপক্ষে ঢৌ বলিছে বুলি সংবাদমেলযোগে ক’লে দেৱব্ৰত শইকীয়াই ৷

DEBABRAT SAIKIA
নলবাৰীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 5:23 PM IST

নলবাৰীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

নলবাৰী, ২৫ এপ্ৰিল : বৃহস্পতিবাৰে নলবাৰীত এক সংবাদমেল সম্বোধন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বক্তব্য বিকৃত কৰাৰ লগতে অপব্যাখ্যা কৰি বিজেপি দলে অপপ্ৰচাৰ চলাই থকাৰ অভিযোগ উত্থাপন কৰা হয় সংবাদমেলখনত । সংবাদমেল সম্বোধন কৰি দেৱব্ৰত শইকীয়াই কয় যে ভাৰতৰ ৰাইজক চলাহী কথাৰে ভেড়া বনাবলৈ বিজেপিয়ে অপচেষ্টা কৰিছে । একেদৰে বিজেপি দলে অপপ্ৰচাৰ চলাই থকাৰ অভিযোগ উত্থাপন কৰি কয় যে কংগ্ৰেছৰ ইস্তাহাৰত ক’তো এই কথাবোৰ উল্লেখ নাই ।

নৰেন্দ্ৰ মোদীৰ বিপক্ষে ঢৌ বলিছে বুলি মন্তব্য কৰি দেৱব্ৰত শইকীয়াই কয় যে এতিয়া বিজেপি দল অপপ্ৰচাৰত লিপ্ত হৈছে ৷ ইপিনে মিঞাৰ ভোট নালাগে বুলি ৬৫ আৰু ৩৫ শতাংশৰ অংক কৰি দম্ভালি মাৰি ফুৰা বিজেপিক হঠাৎ কিয় মিঞাৰ ভোট লগা হ’ল বুলিও প্ৰশ্ন কৰে দেৱব্ৰত শইকীয়াই ৷ বিজেপি দলে ভাৰতৰ সংবিধান ধ্বংস কৰিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰে বিৰোধী দলপতিগৰাকীয়ে ।

সামগ্ৰীৰ দামবৃদ্ধি ৰোধ কৰাত বিজেপি চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু চৰকাৰে দুৰ্নীতি ৰোধ কৰাৰ ক্ষেত্ৰতো বিফল বুলি মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে ৷ নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিজ গৃহ পঞ্চায়তত চৰকাৰী আৱাস গৃহ নিৰ্মাণৰ নামত আঞ্চলিক পঞ্চায়তৰ সদস্য জাম্ৰাত আলীয়ে দুৰ্নীতি কৰা বুলি তথ্য দাঙি ধৰে দেৱব্ৰত শইকীয়াই ।

আনহাতে এ আই ইউ ডি এফক বিজেপিৰ বি টীম বুলি উল্লেখ কৰি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিজেপিয়ে দলটোক হেলিকপ্টাৰো দিছে বুলিও অভিযোগ উত্থাপন কৰে দেৱব্ৰত শইকীয়াই । একেদৰে অসম চুক্তি উলংঘা কৰি অসমলৈ এজনো বিদেশী অনাটো নিবিচাৰে বুলিও শইকীয়াই মন্তব্য প্ৰকাশ কৰে ।

ইপিনে উজনিত বিজেপিৰ বিপক্ষে ৰাইজে ভোটদান কৰা বুলিও মন্তব্য কৰে দেবব্ৰত শইকীয়াই । আনহাতে সংবাদমেলত উপস্থিত থকা পৱন সিং ঘাটোৱাৰে কিৰেণ ৰিজিজুৱে কৰা মন্তব্য সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰীয়ে তথ্য লুকুৱাইছে বুলি স্পষ্ট মন্তব্য প্ৰকাশ কৰে ।

লগতে পঢ়ক: অসমত হাজং-চাকমা সকলক সংস্থাপনৰ সিদ্ধান্ত লোৱা বুলি কোৱা নাছিলো, সহায়ৰ কথাহে কৈছিলো : ৰিজিজু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.