ETV Bharat / politics

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাঁচখনৰ এখনতহে কংগ্ৰেছক সমৰ্থন দিব চি‌পিআই (এম)এ - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 5:13 PM IST

CPIM over seat sharing : কংগ্ৰেছৰ লগত কোনো আসন‌ বুজাবুজি হোৱা নাই বুলি স্থিতি স্পষ্ট কৰিলে চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে । ইপিনে,কাজিৰঙা আৰু শোণিতপুৰত কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰত্যক্ষভাৱে সমৰ্থন নকৰে বুলিও ক'লে চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে ।

Press Meet of CPIM
চি পি আই (এম)ৰ সংবাদমেল
চি পি আই (এম)ৰ সংবাদমেল

গুৱাহাটী, ১ এপ্ৰিল: আসন বুজাবুজিক লৈ মনোমালিন্য হোৱা বাবে অসমৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পাঁচটা সমষ্টিৰ এটা সমষ্টিতহে কংগ্ৰেছৰ‌ প্ৰাৰ্থীক মুকলি সমৰ্থন আগবঢ়াব চি পি আই (এম)এ । আজি এটা সমষ্টিতহে কংগ্ৰেছৰ‌ প্ৰাৰ্থীক মুকলি সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে চি পি আই (এম)ৰ ৰাজ্যিক কমিটীয়ে । চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে সোমবাৰে ইয়াত আয়োজিত এখন‌ সংবাদমেলত এই কথা সদৰী কৰে ।

চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে সোমবাৰে এখন‌ সংবাদমেলত কয়," কংগ্ৰেছৰ আমাৰ দলৰ লগত কোনো আসন‌ বুজাবুজি বা নিৰ্বাচনী বুজাবুজি হোৱা নাই । গতিকে দলে নিজাববীয়াকৈ সিদ্ধান্ত লৈছে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যোৰহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত চি পি আই এম দলে প্ৰচাৰ চলাব ।‌ আনহাতে, লখিমপুৰত চি পি আইৰ প্ৰাৰ্থীৰ সমৰ্থনত চি পি আই (এম) দলে প্ৰচাৰ চলাব । "

ইপিনে, লখিমপুৰত চি পি আই (এম) দলে কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক কোনো কাৰণতেই সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে । আনহাতে, কাজিৰঙা আৰু শোণিতপুৰত চি পি আই (এম) দলে কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰত্যক্ষভাৱে সমৰ্থন নকৰে । যি প্ৰাৰ্থীয়ে বিজেপি প্ৰাৰ্থীক পৰাজিত কৰাৰ ক্ষমতা আছে তেওঁক অগ্ৰাধিকাৰ দিব বুলি চি‌ পি আই (এম ) দলে স্পষ্ট কৰিছে । ইপিনে, ইতিমধ্যে ডিব্ৰুগড়ত বিজেপিৰ হাই প্ৰ'ফাইল প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক পৰাজিত কৰাৰ বাবে চি পি আই (এম)এ অজাপৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।

এই সংবাদমেলত চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বৰপেটাত অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰি কয়," বিৰোধী দলৰ এজন বিধায়কৰ হাত এখন হেৰুৱাটো আমি নিবিচাৰো । আনহাতে,ফণীভূষণ চৌধুৰীৰ ইচ্ছামৃত্যু আমি কামনা নকৰো । বিজেপি আৰু অগপ দল চি পি আই (এম)ৰ প্ৰাৰ্থী যে বৰপেটাত শক্তিশালী সেয়া প্ৰতিয়ন গৈছে । এইক্ষেত্ৰত চি পি আই (এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । উল্লেখ্য যে অহা ১৯ এপ্ৰিলত অসমৰ পাঁচটা সমষ্টি ক্ৰমে ডিব্ৰুগড়, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু লখিমপুৰত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:সংখ্যালঘুৱে বিবেক ভোট দিলে বিজেপিয়ে ১৩ খন আসন লাভ কৰিব : ৰণজিৎ কুমাৰ দাস - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.