ETV Bharat / politics

কাউণ্ট ডাউন আৰম্ভ : নিৰ্ণয় হ'ব ১৪৩ প্ৰাৰ্থীৰ ভাগ্য; কি আছিল ২০১৯ৰ প্ৰেক্ষাপট - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 10:08 PM IST

Lok Sabha Election 2024: ৪ জুনত ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল । অসমৰ ১৪ টা লোকসভা সমষ্টিত ইয়াক লৈ জল্পনা-কল্পনা অব্যাহত আছে । এই সমষ্টিবোৰত কোন কেইগৰাকী প্ৰাৰ্থী শক্তিশালীস্থিতিত আছে ? ২০১৯ চনৰ নিৰ্বাচনৰ ফলাফলৰ প্ৰেক্ষাপট কেনে আছিল ? এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ।

Lok Sabha Election 2024
নিৰ্ণয় হ'ব ১৪৩ প্ৰাৰ্থীৰ ভাগ্য (ETV Bharat)

বিশেষ প্ৰতিবেদন,২ জুন : আৰম্ভ হ'ল কাউণ্ট ডাউন । মাজত মাত্র এটা দিন বাকী । ৪ জুনত খোল খাব ইভিএম । নিৰ্ণয় হ'ব প্ৰাৰ্থীসকলৰ ভাগ্য । অসমৰ ১৪ টা লোকসভা সমষ্টিৰ বাবে প্ৰথম তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল । ইয়াৰ পিচত আৰম্ভ হৈছিল জল্পনা-কল্পনা । মঙলবাৰে সকলো জল্পনা-কল্পনাৰ অৱসান ঘটিব আৰু পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোটগণনা । ইতিমধ্যে সাজু হৈছে নিৰ্বাচন আয়োগ । মঙলবাৰে অসমৰ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব । ইয়াৰ ভিতৰত শেষ হাঁহি মাৰিব ১৪ গৰাকী প্ৰাৰ্থীয়ে ।

লক্ষণীয়ভাৱে এইবাৰ অসমৰ প্ৰায় প্ৰতিটো সমষ্টিতে তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে । ইফালে এইবাৰ অসমত ভোটদানৰ হাৰো যথেষ্ট ভাল । তিনিটা পৰ্যায়ত ৰাজ্যত ৮১.৫৬ শতাংশ ভোটদান হয় । ৪ জুনত ইয়াৰ উত্তৰ ওলাব । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত হোৱা এই নিৰ্বাচনে যথেষ্ট তাৎপৰ্য বহন কৰিছে । কাৰণ এইবাৰ সমষ্টিসমূহৰ ৰূপৰেখা যথেষ্ট সলনি হৈছে । ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পৰিৱেশ আৰু এইবাৰৰ নিৰ্বাচনৰ পৰিৱেশ কিছু পৃথক । কেইবাটাও সমষ্টিৰ নামো সলনি হ'ল । বিগত নিৰ্বাচনৰ ফলাফলৰ অৱলোকনেৰে এই বিশেষ প্ৰতিবেদন ।

যোৰহাট লোকসভা সমষ্টি :

যোৰহাট সমষ্টিত মূল যুঁজখন বিজেপিৰ তপন গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাজতে হৈছে । যোৰহাট লোকসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৭৯.৮৯ শতাংশ । যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে সোণাৰিত ৮০.৪৭ শতাংশ, মাহমৰাত ৮১.৮১ শতাংশ, ডিমৌত ৮০.৯৩ শতাংশ, শিৱসাগৰত ৮০.৫৮ শতাংশ, নাজিৰাত ৮১.৭১ শতাংশ, মাজুলীত ৮১.০০ শতাংশ, টিয়কত ৭৯.৩৯ শতাংশ, যোৰহাটত ৭৫.৪৯ শতাংশ, মৰিয়নিত ৭৭.৭৩ শতাংশ আৰু তিত‌াবৰত ৭৯.৪১ শতাংশ ।

Lok Sabha Election 2024
যোৰহাট লোকসভা সমষ্টি (ETV Bharat)

যোৰহাটত ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফল : যোৰহাটত ২০১৯ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৭.৫৭ শতাংশ । যোৰহাটত বিজেপিৰ তপন গগৈয়ে ৫,৪৩,২৮৮ টা ভোট (৫১.৩৫ শতাংশ) লাভ কৰি জয়ী হৈছিল । আনহাতে দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ সুশান্ত বৰগোহাঁইয়ে লাভ কৰিছিল ৪,৬০,৬৩৫ টা ভোট (৪৩.৫৪ শতাংশ)। ন'টাত ভোট পৰিছিল ১২,৫৬৯ টা (১.১৯ শতাংশ) ।

ডিব্ৰুগড় লোকসভা সমষ্টি :

ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু বিজেপিৰ হৈ অৱতীৰ্ণ হোৱা কেন্দ্ৰীয় মন্ত্রী তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ মাজতে মূল যুঁজখন হৈছে । ইফালে আম আদমি পার্টীৰ মনোজ ধানোৱাৰে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাত ভোটৰ বিভাজন হোৱাত যুঁজখন যথেষ্ট প্ৰত্যাহ্বানমূলক হৈছে । ডিব্ৰুগড়ত কোন জয়ী হ'ব সেয়া নিশ্চিতভাৱে কোৱা কঠিন । ডিব্ৰুগড় সমষ্টিত এইবাৰ ভোটদান হৈছে ৭৬.৭৫ শতাংশ । সমষ্টিটোৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে মাৰ্ঘেৰিটাত ৭৬.৩২ শতাংশ, ডিগবৈত ৭৪.৭২ শতাংশ, মাকুমত ৭৬.২২ শতাংশ, তিনিচুকীয়াত ৭৩.৩৮ শতাংশ, চাবুৱা-লাহোৱালত ৭৮.৮৯ শতাংশ, ডিব্ৰুগড়ত ৭৬.৭৬ শতাংশ, খোৱাঙত ৭৯.৪৩ শতাংশ, দুলীয়াজানত ৭৫.২৪ শতাংশ, টিংখঙত ৮০.৩৩ শতাংশ আৰু নাহৰকটীয়াত ৭৬.১২ শতাংশ ।

Lok Sabha Election 2024
ডিব্ৰুগড় লোকসভা সমষ্টি (ETV Bharat)

ডিব্ৰুগড় সমষ্টিত ২০১৯ৰ নিৰ্বাচনী ফলাফল : ডিব্ৰুগড়ত ২০১৯ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৭.৩০ শতাংশ । সমষ্টিটোত বিজেপিৰ ৰামেশ্বৰ তেলীয়ে ৬,৫৯,৫৮৩ টা ভোট (৬৪.৯৪ শতাংশ) লাভ কৰি জয়ী হৈছিল । দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰে ২,৯৫,০১৭ টা ভোট (২৯.০৪ শতাংশ) লাভ কৰিছিল । ন'টাত ভোট পৰিছিল ২১,২৮৮ টা (২.১০ শতাংশ) ।

কৰিমগঞ্জ লোকসভা সমষ্টি :

এইবাৰ কৰিমগঞ্জ সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে সৰ্বাধিক ২৪ গৰাকী প্ৰাৰ্থীয়ে । ইয়াৰ ভিতৰত ১৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী । সমষ্টিটোত বিজেপিৰ হৈ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হৈ হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু এ আই ইউ ডি এফৰ হৈ চাহাবুল ইছলাম চৌধুৰীয়ে নিৰ্বাচন খেলিছে । বিগত নিৰ্বাচনত সংখ্যালঘু ভোট বিভাজন হোৱাৰ বাবে বিজেপি জয়ী হৈছিল । এইবাৰো তেনে এখন ছবি স্পষ্ট হৈছে । কৰিমগঞ্জ সমষ্টিত এইবাৰ ৮০.৪৮ শতাংশ ভোটদান হৈছে । সমষ্টিটোৰ অন্তৰ্গত ৬ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে হাইলাকান্দিত ৮১.৭৯ শতাংশ, আলগাপুৰ-কাটলিচেৰাত ৮২.৬৬ শতাংশ, কৰিমগঞ্জ দক্ষিণত ৮০.৮৬ শতাংশ, কৰিমগঞ্জ উত্তৰত ৭৮.০৭ শতাংশ, পাথাৰকান্দিত ৮০.৩৪ শতাংশ আৰু ৰামকৃষ্ণ নগৰত ৭৯.৩০ শতাংশ ।

Lok Sabha Election 2024
কৰিমগঞ্জ লোকসভা সমষ্টি (ETV Bharat)

কৰিমগঞ্জ সমষ্টিত ২০১৯ৰ নিৰ্বাচনী ফলাফল : কৰিমগঞ্জ সমষ্টিত ২০১৯ৰ নিৰ্বাচনত বিজেপিৰ কৃপানাথ মাল্লাই ৪,৭৩,০৪৬ টা ভোট (৪৪.৬২ শতাংশ) লাভ কৰি জয়ী হৈছিল । দ্বিতীয় স্থানত থকা এ আই ইউ ডি এফৰ ৰাধেশ্যাম বিশ্বাসে লাভ কৰিছিল ৪,৩৪,৬৫৭ টা ভোট (৪১ শত‍ংশ) । ব্যৱধান যথেষ্ট কম আছিল । আনহাতে ন'টাত ৬,৫৫৫ টা ভোট (০.৬২ শতাংশ) পৰিছিল । সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৭৯.১৮ শতাংশ ।

দৰং-ওদালগুৰি সমষ্টি (পূৰ্বৰ মঙলদৈ সমষ্টি) :

দৰং-ওদালগুৰি সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মূল যুঁজখন হ'ব বুলি ভবা হৈছিল যদিও বি পি এফৰ প্রার্থীগৰাকীয়ে ভোটাৰৰ আস্থা বুটলিবলৈ সক্ষম হয় । যাৰ বাবে সমষ্টিটোত তিনিকোণীয়া প্রতিদ্বন্দ্বিতা হোৱা বুলি ধাৰণা কৰা হৈছে । সমষ্টিটোৰ পৰা ১১ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছে । সমষ্টিটোত বিজেপিৰ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশীৰ আৰু বি পি এফৰ দুৰ্গা দাস বড়োৰ মাজত মূল যুঁজখন হৈছে । সমষ্টিটোত ভোটদানৰ হাৰ ৮২.০১ শতাংশ । সমষ্টিটোৰ অন্তৰ্গত ১১ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে ৰঙিয়াত ৮১.৮২ শতাংশ, কমলপুৰত ৮৩.৮১ শতাংশ, তামুলপুৰত ৭৭.৪১ শতাংশ, গোৰেশ্বৰত ৭৮.৫৯ শতাংশ, ভেৰগাঁৱত ৭৮.৩৯ শতাংশ, ওদালগুৰিত ৭৬.৮৯ শতাংশ, মাজবাটত ৭৯.৯৪ শতাংশ, টংলাত ৭৯.১৬ শতাংশ, ছিপাঝাৰত ৮১.৫১ শতাংশ, মঙলদৈত ৮৪.৪৩ শতাংশ আৰু দলগাঁৱত ৯৩.০০ শতাংশ ।

Lok Sabha Election 2024
দৰং ওদালগুৰি লোকসভা সমষ্টি (ETV Bharat)

মঙলদৈ সমষ্টিত (বৰ্তমানৰ দৰং-ওদালগুৰি) ২০১৯ৰ নিৰ্বাচনী ফলাফল : সমষ্টিটোত বিগত নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৩.৬৯ শতাংশ । বিজেপিৰ দিলীপ শইকীয়াই ৭,৩৫,৪৬৯ টা ভোট (৪৮.৮৩) লাভ কৰি জয়ী হৈছিল । কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতাই ৫,৯৬,৯২৪ টা ভোট (৩৯.৬৩) লাভ কৰি দ্বিতীয় স্থানত আছিল । ন'টাত ভোট পৰিছিল ১৮,৫১৮ টা (১.২৩ শতাংশ) ।

ধুবুৰী লোকসভা সমষ্টি :

ধুবুৰীত কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ মুৰব্বী তথা বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলৰ মাজত হৈছে তুমুল প্ৰতিদ্বন্দ্বিতা । সমষ্টিটোত নিৰ্বাচন খেলিছে মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে । শাসকীয় দল বিজেপিয়ে সমষ্টিটো মিত্রদল অগপক এৰি দিছে যদিও পূৰ্বৰে পৰাই সমষ্টিটো জয়ৰ তালিকাত ৰখা নাই । অৱশ্যে অগপই আশা বাদ দিয়া নাই । অগপৰ হৈ জাবেদ ইছলামে নিৰ্বাচন খেলিছে । ধুবুৰীত ভোটদানৰ হাৰ হৈছে সৰ্বাধিক ৯২.০৮ শতাংশ । সমষ্টিটোৰ অন্তৰ্গত ১১ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে গোলকগঞ্জত ৯০.৬৯ শতাংশ, গৌৰীপুৰত ৯৪.০৩ শতাংশ, ধুবুৰীত ৯২.৯৩ শতাংশ, বীৰসিং-জাৰুৱাত ৯৪.১০ শতাংশ, বিলাসীপাৰাত ৮৯.২২ শতাংশ, মানকাচৰত ৯২.০৫ শতাংশ, জলেশ্বৰত ৯৩.৭৮ শতাংশ, গোৱালপাৰা পূবত ৯১.৮৬ শতাংশ, সৃজনগ্ৰামত ৯২.৪৯ শতাংশ, মন্দিয়াত ৮৯.৩২ শতাংশ আৰু চেঙাত ৯১.৩১ শতাংশ ।

Lok Sabha Election 2024
ধুবুৰী লোকসভা সমষ্টি (ETV Bharat)

ধুবুৰী সমষ্টিত ২০১৯ৰ নিৰ্বাচনী ফলাফল : বিগত নিৰ্বাচনত সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৯০.৬৬ শতাংশ । সমষ্টিটোত এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে ৭,১৮,৭৬৪ টা ভোট (৪২.৬৬ শতাংশ) লাভ কৰি জয়ী হৈছিল । আনহাতে কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীয়ে ৪,৯২,৫০৬ টা ভোট (২৯.২৩ শতাংশ) আৰু অগপৰ জাবেদ ইছলামে ৩,৯৯,৭৩৩ টা ভোট (২৩.৭২ শত‍াংশ) লাভ কৰিছিল ।

গুৱাহাটী লোকসভা সমষ্টি :

গুৱাহাটী সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্রার্থী কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী আৰু বিজেপিৰ বিজুলী কলিতা মেধিৰ মাজতে হৈছে মূল যুঁজ । সমষ্টিটোৰ পৰা নিৰ্বাচন খেলিছে ৮ গৰাকী প্ৰাৰ্থীয়ে । এইবাৰ গুৱাহাটী সমষ্টিত ভোটদানৰ হাৰ হৈছে ৭৮.৩৯ শতাংশ । সমষ্টিটোৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে পশ্চিম গোৱালপাৰাত ৮৭.০৪ শতাংশ, দুধনৈত ৮৫.৯৯ শতাংশ, চমৰিয়াত ৮৯.৮৯ শতাংশ, বকো-ছয়গাঁৱত ৮০.৭০ শতাংশ, পলাশবাৰীত ৮০.০৯ শতাংশ, দিছপুৰত ৬৯.৭৯ শতাংশ, ডিমৰীয়াত ৭৬.৯৪ শতাংশ, নিউ গুৱাহাটীত ৬৭.৯৩ শতাংশ, গুৱাহাটী চেণ্ট্ৰেলত ৭১.২৪ শতাংশ আৰু জালুকবাৰীত ৭৬.৫০ শতাংশ ।

Lok Sabha Election 2024
গুৱাহাটী লোকসভা সমষ্টি (ETV Bharat)

গুৱাহাটী সমষ্টিত ২০১৯ৰ নিৰ্বাচনী ফলাফল : বিগত নিৰ্বাচনত গুৱাহাটী সমষ্টিত ভোটদানৰ হাৰ আছিল ৮০.৮৭ শতাংশ । সমষ্টিটোৰ পৰা বিজেপিৰ কুইন ওজাই ১০,০৮,৯৩৬ টা ভোট (৫৭.২০ শতাংশ) লাভ কৰি জয়ী হৈছিল । আনহাতে দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ ববিতা শৰ্মাই লাভ কৰিছিল ৬,৬৩,৩৩০ টা ভোট (৩৭.৬১ শতাংশ) । ন'টাত ভোট পৰিছিল ১০,৪৬৬ টা (০.৫৯ শতাংশ)।

কোকৰাঝাৰ লোকসভা সমষ্টি :

সমষ্টিটোৰ পৰা এইবাৰ মুঠ ১২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছে । বি পি এফৰ খাম্ফা বৰগয়াৰী আৰু ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীৰ মাজত মূল যুঁজখন হৈছে যদিও কংগ্ৰেছৰ গৰ্জন মুছাহাৰীও এগৰাকী শক্তিশালী প্ৰাৰ্থী । কোকৰাঝাৰত সমষ্টিত এইবাৰ ৮৩.৫৫ শতাংশ ভোটদান হৈছে । সমষ্টিটোৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে গোসাইগাঁৱত ৮১.৩৬ শতাংশ, দুতমাত ৮৩.২২ শতাংশ, কোকৰাঝাৰত ৮১.২৭ শতাংশ, বাওখুংৰীত ৮৫.৯৬ শতাংশ, পৰ্বতঝৰাত ৮৯.০৪ শতাংশ, চিদলী চিৰাঙত ৮৩.৭৯ শতাংশ, বিজনীত ৮৬.৭৮ শতাংশ, মানসত ৮১.৬৬ শতাংশ আৰু বাক্সাত ৭৮.৬৭ শতাংশ ।

Lok Sabha Election 2024
কোকৰাঝাৰ লোকসভা সমষ্টি (ETV Bharat)

কোকৰাঝাৰ সমষ্টিত ২০১৯ৰ নিৰ্বাচনী ফলাফল : কোকৰাঝাৰ সমষ্টিত বিগত নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৩.৩০ শতাংশ । সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই ৪,৮৪,৫৬০ টা ভোট (৩২.৭৫ শতাংশ) লাভ কৰি জয়ী হৈছিল । আনহাতে বি পি এফৰ প্ৰমিলা ৰাণী ব্ৰহ্মই ৪,৪৬,৭৭৪ টা ভোট (৩০.২ শত‍াংশ) আৰু ইউ পি পি এলৰ ইউ জি ব্ৰহ্মই ৩,১২,৪৩৫ টা ভোট (২১.১২ শতাংশ) লাভ কৰিছিল । ন'টাত ভোট পৰিছিল ১৫,৯৮৮ টা (১.০৮ শতাংশ)।

বৰপেটা লোকসভা সমষ্টি :

পূৰ্বতে সংখ্যালঘুৰ অধিপত্য থকা সমষ্টিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সংখ্যাগুৰুৰ অধীনলৈ আহে । যাৰ ফলত সমষ্টিটোৰ ৰূপৰেখা সলনি হৈ পৰে । বৰপেটাৰ যুঁজখন যথেষ্ট লক্ষণীয় হৈছে । সমষ্টিটোত কংগ্ৰেছে দীপ বায়নক প্ৰক্ষেপ কৰিছিল যদিও মূল যুঁজখন বিজেপিৰ মিত্রদল অগপ আৰু চি পি আই এমৰ মাজতে হৈছে । অগপৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ মাজতে যুঁজ হৈছে । সমষ্টিটোত মুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছে । বৰপেটাত ভোটদানৰ হাৰ হৈছে ৮৫.২৪ শতাংশ । সমষ্টিটোৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে অভয়াপুৰীত ৮৭.০৪ শতাংশ, বঙাইগাঁৱত ৮৮.৫৬ শতাংশ, ভবানীপুৰ-সৰভোগত ৮৪.৬০ শতাংশ, বৰপেটাত ৮২.৮৬ শতাংশ, পকাবেটবাৰীত ৯০.৯০ শতাংশ, বজালীত ৮০.০৬ শতাংশ, হাজো-শুৱালকুছিত ৮৩.১২ শতাংশ, বৰক্ষেত্রীত ৮৬.৪৪ শতাংশ, নলবাৰীত ৮৬.০৪ শতাংশ আৰু টিহুত ৮০.৪৬ শতাংশ ।

Lok Sabha Election 2024
বৰপেটা লোকসভা সমষ্টি (ETV Bharat)

বৰপেটা সমষ্টিত ২০১৯ৰ নিৰ্বাচনী ফলাফল : বিগত নিৰ্বাচনত বৰপেটা সমষ্টিত ভোটদানৰ হাৰ আছিল ৮৬.৫৭ শতাংশ । সমষ্টিটোৰ পৰা কংগ্ৰেছৰ আব্দুল খালেকে ৬,৫৪,১৭৩ টা ভোট (৪৪.২৩ শত‍াংশ) লাভ কৰি জয়ী হৈছিল । আনহাতে অগপৰ কুমাৰ দীপক দাসে লাভ কৰিছিল ৫,০৪,৮৬৬ টা ভোট (৩৪.৬১ শতাংশ)।

কাজিৰঙা লোকসভা সমষ্টি (পূৰ্বৰ কলিয়াবৰ সমষ্টি) :

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ হোৱা কাজিৰঙা সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে ১১ গৰাকী প্ৰাৰ্থীয়ে । চাহ জনগোষ্ঠীৰ ভোটাৰৰ বিশেষ প্ৰাধান্য থকা সমষ্টিটোত মূল যুঁজখন জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা দুই প্ৰাৰ্থীৰ মাজতে হৈছে । সমষ্টিটোত বিজেপিৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা আৰু কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা ৰ'জলীনা তির্কীৰ মাজত যুঁজ হৈছে । কাজিৰঙা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৭৯.৩৩ শতাংশ । সমষ্টিটোৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে কলিয়াবৰত ৮৩.৮১ শতাংশ, বঢ়মপুৰত ৭৮.৩১ শত‍াংশ, বিন্নকান্দিত ৮১.৯৬ শতাংশ, হোজাইত ৮৩.৪৮ শতাংশ, লামডিঙত ৮২.৬৪ শতাংশ, গোলাঘাটত ৭৪.৯২ শতাংশ, দেৰগাঁৱত ৭৭.৭৪ শতাংশ, বোকাখাটত ৭৬.২৫ শতাংশ, খুমটাইত ৭৮.২২ শতাংশ আৰু সৰুপথাৰত ৭২.৯৫ শতাংশ ।

Lok Sabha Election 2024
কাজিৰঙা লোকসভা সমষ্টি (ETV Bharat)

কলিয়াবৰ সমষ্টিত (বৰ্তমানৰ কাজিৰঙা সমষ্টি) ২০১৯ৰ নিৰ্বাচনী ফলাফল : বিগত নিৰ্বাচনত কলিয়াবৰ সমষ্টিত ৮২.১২ শতাংশ ভোটদান হৈছিল । সমষ্টিটোৰ পৰা কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ৭,৮৬,০৯২ টা ভোট (৫৫.১৮ শতাংশ) লাভ কৰি জয়ী হৈছিল । দ্বিতীয় স্থানত থকা অগপৰ মণিমাধৱ মহন্তই লাভ কৰিছিল ৫,৭৬,০৯৮ টা ভোট (৪০.৪৪ শতাংশ)। ন'টাত ভোট পৰিছিল ১৫,৯১৩ টা (১.১২ শতাংশ)।

শোণিতপুৰ লোকসভা সমষ্টি (পূৰ্বৰ তেজপুৰ সমষ্টি) :

৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱা শোণিতপুৰ সমষ্টিত মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে হৈছে । কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু আৰু বিজেপিৰ বিধায়ক ৰঞ্জিত দত্তৰ মাজতে যুঁজ হৈছে । সমষ্টিটোত এইবাৰ ৭৮.৪৬ শতাংশ ভোটদান হৈছে । শোণিতপুৰৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে ঢেকীয়াজুলিত ৭৭.৬০ শতাংশ, বৰচলাত ৭৭.১৭ শতাংশ, তেজপুৰত ৭৮.১৬ শতাংশ, ৰঙাপৰাত ৭৯.৬৭ শতাংশ, নাদুৰত ৭৯.২৭ শতাংশ, বিশ্বনাথত ৮০.২০ শতাংশ, বিহালীত ৮০.০৯ শতাংশ, গহপুৰত ৭৮.৬৫ শতাংশ আৰু বিহপুৰীয়াত ৭৫.৫৫ শতাংশ ।

Lok Sabha Election 2024
শোণিতপুৰ লোকসভা সমষ্টি (ETV Bharat)

তেজপুৰ সমষ্টিত (বৰ্তমানৰ শোণিতপুৰ সমষ্টি) ২০১৯ৰ নিৰ্বাচনী ফলাফল : বিগত নিৰ্বাচনত তেজপুৰ সমষ্টিত ভোটদানৰ হাৰ আছিল ৭৯.৪৮ শতাংশ । সমষ্টিটোৰ পৰা বিজেপিৰ পল্লব লোচন দাসে ৬,৮৪,১৬৬ টা ভোট (৫৭.৪৮ শতাংশ) লাভ কৰি জয়ী হৈছিল । আনহাতে কংগ্ৰেছৰ এম জি ভি কে ভানুৱে ৪,৪১,৩২৫ টা ভোট (৩৭.০৩ শতাংশ) লাভ কৰিছিল । ন'টাত ভোট পৰিছিল ১৫,৬২৬ টা (১.৩১ শতাংশ)।

লখিমপুৰ লোকসভা সমষ্টি :

লখিমপুৰ সমষ্টিতো মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ আছে । সমষ্টিটোত নিৰ্বাচন খেলিছে ৯ গৰাকী প্ৰাৰ্থীয়ে । লখিমপুৰত বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱা আৰু কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাৰ মাজতে যুঁজ হৈছে । সমষ্টিটোত ভোটদানৰ হাৰ হৈছে ৭৬.৪২ শতাংশ । লখিমপুৰ সমষ্টিৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে ৰঙানদীত ৮৩.৯৮ শতাংশ, নাওবৈচাত ৮১.৩৮ শতাংশ, লখিমপুৰত ৭৭.৬৯ শতাংশ, ঢকুৱাখনাত ৭৬.৫৯ শতাংশ, ধেমাজিত ৭৪.১৮ শতাংশ, শিশিবৰগাঁৱত ৭২.৮২ শতাংশ, জনিয়াত ৭৫.৯৭ শতাংশ, শদিয়াত ৭০.৩১ শতাংশ আৰু ডুমডুমাত ৭৬.২২ শতাংশ ।

Lok Sabha Election 2024
লখিমপুৰ লোকসভা সমষ্টি (ETV Bharat)

লখিমপুৰ সমষ্টিত ২০১৯ৰ নিৰ্বাচনী ফলাফল : বিগত নিৰ্বাচনত লখিমপুৰত ভোটদানৰ হাৰ আছিল ৭৫.৩১ শতাংশ । সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰদান বৰুৱাই ৭,৭৬,৪০৬ টা ভোট (৬০.৪৯ শতাংশ) লাভ কৰি জয়ী হৈছিল । কংগ্ৰেছৰ অনিল বৰগোহাঁইয়ে ৪,২৫,৮৫৫ টা ভোট (৩৩.১৮ শতাংশ) লাভ কৰি দ্বিতীয় স্থানত আছিল । ন'টাত ভোট পৰিছিল ১৫,২২০ টা (১.১৯ শতাংশ)।

ডিফু লোকসভা সমষ্টি (পূৰ্বৰ স্বায়ত্তশাসিত জিলা) :

পাহাৰীয়া সমষ্টিটোত এইবাৰ নিৰ্বাচন খেলিছে ৫ গৰাকী প্ৰাৰ্থীয়ে । সমষ্টিটোত আছে কংগ্ৰেছৰ জয়ৰাম ইংলেং, বিজেপিৰ অমৰছিং তিছ', এ এছ ডি চিৰ জৎছন বে', গণ সুৰক্ষা পার্টীৰ জন বাৰ্নাড চাংমাই আৰু নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাথাৰ । ডিফুত বিজেপি আৰু কংগ্ৰেছৰ মাজত যুঁজ হৈছে যদিও এ এছ ডি চি আৰু নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱা জন ইংতি কাথাৰৰ বিশেষ জনসমৰ্থন আছে । ডিফু সমষ্টিত ভোটদানৰ হাৰ হৈছে ৭৫.৭৪ শতাংশ । ডিফুৰ অন্তৰ্গত ৬ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে বোকাজানত ৭৬.৬৪ শতাংশ, হাওৰাঘাটত ৭৭.৫৭ শতাংশ, ডিফুত ৭৫.০৫ শতাংশ, ৰংখাঙত ৭৬.৮১ শতাংশ, আমৰিত ৭৩.৭৬ শতাংশ আৰু হাফলঙত ৭৩.৮৩ শতাংশ ।

Lok Sabha Election 2024
ডিফু লোকসভা সমষ্টি (ETV Bharat)

স্বায়ত্তশাসিত জিলা সমষ্টিত (বৰ্তমানৰ ডিফু সমষ্টি) ২০১৯ৰ নিৰ্বাচনী ফলাফল : সমষ্টিটোত বিগত নিৰ্বাচনত ৭৭.৬৩ শতাংশ ভোটদান হৈছিল । জয়ী হৈছিল বিজেপিৰ হৰেণ সিং বে' । তেওঁ লাভ কৰিছিল ৩,৮১,৩১৬ টা ভোট (৬১.৭৩ শতাংশ)। আনহাতে কংগ্ৰেছৰ বীৰেণ সিং ইংতিয়ে ১,৪১,৬৯০ টা ভোট (২২.৯৪ শতাংশ) লাভ কৰিছিল । ন'টাত ভোট পৰিছিল ৮,১৯৪ টা (১.৩৩ শতাংশ) ।

শিলচৰ লোকসভা সমষ্টি :

৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱা শিলচৰ লোকসভা সমষ্টিত বিজেপিৰ জয়ৰ সম্ভাৱনা বেছি । বিজেপিৰ বৰ্তমানৰ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ বিপৰীতে আছে কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ আৰু তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস । শিলচৰ সমষ্টিত ভোটদানৰ হাৰ হৈছে ৭৯.০৫ শতাংশ । সমষ্টিৰ অন্তৰ্গত ৭ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে লখিপুৰত ৭৭.০৬ শতাংশ, উধাৰবন্দত ৭৮.৪৫ শতাংশ, কাটিগড়াত ৮২.৪৭ শতাংশ, বৰখলাত ৮২.৪৬ শতাংশ, শিলচৰত ৭৫.১১ শতাংশ, সোনাইত ৭৮.৮৭ শতাংশ আৰু ঢলাইত ৭৮.৬৪ শতাংশ ।

Lok Sabha Election 2024
শিলচৰ লোকসভা সমষ্টি (ETV Bharat)

শিলচৰ সমষ্টিত ২০১৯ৰ নিৰ্বাচনী ফলাফল : বিগত নিৰ্বাচনত শিলচৰ সমষ্টিত ভোটদানৰ হাৰ আছিল ৭৯.৫১ শতাংশ । সমষ্টিটোৰ পৰা বিজেপিৰ ৰাজদ্বীপ ৰয়ে ৪,৯৯,৪১৪ টা ভোট (৫২.৫৯ শতাংশ) লাভ কৰি জয়ী হৈছিল । আনহাতে কংগ্ৰেছৰ সুস্মিতা দেৱে ৪,১৭,৮১৮ টা ভোট (৪৩.৯৯ শতাংশ) ল‍াভ কৰি দ্বিতীয় স্থানত আছিল । ন'টাত ভোট পৰিছিল ৮,৫৪৭ টা (০.৯০ শতাংশ)।

নগাঁও লোকসভা সমষ্টি :

নগাঁও সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে ১৩ গৰাকী প্ৰাৰ্থীয়ে । সমষ্টিটোত কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিজেপিৰ সুৰেশ বৰা আৰু এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ মাজত যুঁজখন হৈছে যদিও কংগ্ৰেছে শেষ হাঁহি মৰাৰ সম্ভাৱনা বেছি । সমষ্টিটোত ভোটদানৰ হাৰ হৈছে ৮৪.৯৭ শতাংশ । নগাঁৱৰ অন্তৰ্গত ৮ টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে জাগীৰোডত ৮৪.৯১ শতাংশ, লাহৰিঘাটত ৯০.৪৭ শতাংশ, মৰিগাঁৱত ৮০.৭৮ শতাংশ, ধিঙত ৮৭.৫৬ শতাংশ, ৰূপহীহ‍াটত ৮৭.৯৫ শতাংশ, চামগুৰিত ৮৯.৩৮ শতাংশ, নগাঁও-বটদ্ৰৱাত ৭৭.৩১ শতাংশ আৰু ৰহ‍াত ৭৯.৪৭ শতাংশ ।

Lok Sabha Election 2024
নগাঁও লোকসভা সমষ্টি (ETV Bharat)

নগাঁও সমষ্টিত ২০১৯ৰ নিৰ্বাচনী ফলাফল : বিগত নিৰ্বাচনত নগাঁও সমষ্টিত ভোটদানৰ হাৰ আছিল ৮৩.২২ শতাংশ । সমষ্টিটোত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে ৭,৩৯,৭২৪ টা ভোট (৪৯.৫৩ শতাংশ) লাভ কৰি জয়ী হৈছিল । আনহাতে বিজেপিৰ ৰূপক শৰ্মাই ৭,২২,৯৭২ টা ভোট (৪৮.৪০ শতাংশ) লাভ কৰি দ্বিতীয় স্থানত আছিল । ভোটৰ ব্যৱধান যথেষ্ট কম আছিল । ন'টাত ভোট পৰিছিল ১০,৭৫৭ টা (০.৭২ শতাংশ)।

লগতে পঢ়ক :কম ভোটত হ'লেও জয়লাভ কৰিম: আপ প্ৰাৰ্থী মনোজ ধানোৱাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.