ETV Bharat / politics

প্ৰদেশ কংগ্ৰেছত আছে মুখ্যমন্ত্রীৰ অতি ঘনিষ্ঠ এজন বিয়াগোম নেতা : আব্দুল খালেকৰ প্ৰতিক্ৰিয়া - barpeta congress candidate list

Barpeta Congress Candidate : বৰপেটাত সাংসদ আব্দুল খালেকক বঞ্চিত কৰি দীপ বায়নক প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত ৰূপৰেখা সলনি হ'ল বৰপেটা সমষ্টিৰ । বিজেপিৰ মিত্রদল অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বিপৰীতে কংগ্ৰেছৰ দীপ বায়ন । বিগত নিৰ্বাচনত ১,৩৫,৪৪৫টা ভোটত জয়ী হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক ।

Barpeta Congress Candidate
আব্দুল খালেকৰ প্ৰতিক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 7:30 PM IST

Updated : Mar 13, 2024, 7:39 PM IST

গুৱাহাটী, 13 মাৰ্চ : বহু প্ৰতীক্ষাৰ অন্ত পেলাই কংগ্ৰেছ দলে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত দেখা নগ'ল বৰপেটাৰ সাংসদ আব্দুল খালেকৰ নাম ৷ বৰপেটা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিলে দীপ বায়নক ৷ টিকটৰ পৰা বঞ্চিত কৰা হ'ল সাংসদগৰাকীক ৷ টিকটৰ পৰা বঞ্চিত হোৱা সন্দৰ্ভত বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ খালেকে কয় - 'মোতকৈ ভাল প্ৰাৰ্থী পাইছে বাবে হয়তো মোক বঞ্চিত কৰিলে ৷' তেওঁ লগতে অভিযোগ উত্থাপন কৰি কয় যে প্ৰদেশ কংগ্ৰেছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এজন অতি ঘনিষ্ঠ বিয়াগোম নেতা আছে ৷

তেওঁ লগতে উল্লেখ কৰে যে, তেওঁ দলক কৈছিল যে দলে তেওঁক য'ত দিব তাতেই তেওঁ খেলিব ৷ 14 টা সমষ্টিৰ তিনিটা সংৰক্ষিত আৰু 11 টা অসংৰক্ষিত ৷ দলে তেওঁতকৈ ভাল প্ৰাৰ্থী পাই টিকট দিয়াৰ বাবে ভাল পাইছে বুলি সদৰী কৰে যদিও তেওঁৰ অন্তৰৰ বেদনা মুখমণ্ডলত ফুটি উঠিছিল ৷ এতিয়া তেওঁ কি কৰিব বুলি জানিবলৈ বিচৰাত তেওঁ কয়, ‘কংগ্ৰেছতে আছো ৷’ দলে কি ভাবি প্ৰাৰ্থী দিছে সেইটো দলেহে জানিব বুলি সদৰী কৰি তেওঁ কয় যে যোৱাবাৰ তেওঁ 1.40 লাখ ভোটৰ ব্যৱধানত জয়ী হৈছিল ৷ দলে ভাবিছে হয়তো এইবাৰ বেছি ব্যৱধানত জয়ী হ'ব আৰু তাৰ বাবে অধিক উপযুক্ত প্ৰাৰ্থী দিছে ৷ তেওঁ লগতে কয় যে প্ৰদেশ কংগ্ৰেছত এজন বিয়াগোম নেতা আছে যিজন মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ ৷ সেইজনৰ ঘনিষ্ঠ কেইজনমান পদাধিকাৰীয়ে তেওঁক ব্যাপক তুলাধূনা দি আছে বুলি তেওঁ সদৰী কৰে ৷

কংগ্ৰেছ দলে অনুশাসনৰ কথা কয় বুলি মন্তব্য কৰি তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে ৰাজহুৱাকৈ কথা কৈ থকা সকলৰ ক্ষেত্ৰত দলে ব্যৱস্থা ল'ব লাগে ৷ দলৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ এজন সদস্যক সমালোচনা কৰাটো অনুশাসন ভংগ বুলি তেওঁ উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে তেওঁ গান্ধী, নেহৰু আৰু আজাদৰ আদৰ্শক বিশ্বাস কৰে আৰু সেই বিশ্বাস অটুট থাকিব ৷ টিকটৰ পৰা বঞ্চিত হোৱাৰ পাচত যথেষ্ট হতাশ আৰু নিৰাশ হৈছে যদিও সাংসদগৰাকীয়ে নিজকে নিয়ন্ত্ৰণ কৰি মন্তব্য কৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে আগন্তুক সময়ত তেওঁ কি দৰে নিজকে নিয়ন্ত্ৰণত ৰাখে সেয়াহে মন কৰিবলগীয়া কথা ৷

লক্ষণীয় বিষয় যে সমষ্টি পুনৰ নিৰ্ধাৰণেই কাল হ'ল বৰপেটাৰ সাংসদগৰাকীৰ ৷ কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত সমষ্টিটোৰ ৰূপৰেখা বহুখিনি সলনি হ'ল ৷ সংখ্যালঘুৰ প্ৰভাৱত থকা সমষ্টিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত সংখ্য‍ালঘুৰ পৰা মুক্ত হ'ল ৷ যাৰ পৰিপ্ৰেক্ষিতত টিকটৰ পৰা বঞ্চিত হ'ল আব্দুল খালেক ৷ উল্লখ্য যে 2019 ৰ লোকসভা নিৰ্বাচনত বৰপেটাৰ পৰা জয়ী হোৱাৰ পূৰ্বে তেওঁ 2006 চনত আৰু 2016 চনত জনিয়া বিধানসভা সমষ্টিৰ পৰা জয়ী হৈছিল ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত বৰপেটা সমষ্টিটোৰ কিছু সালসলনি হৈছে যদিও বিধানসভা সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে দহটাই আছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত 10 টা বিধানসভা সমষ্টি হৈছে- অভয়াপুৰী, বঙাইগাঁও, ভৱানীপুৰ-সৰভোগ, বৰপেটা (এছ চি), পাকাবেতবাৰী, বজালী, হাজো (এছ চি), বৰক্ষেত্ৰী, নলবাৰী আৰু টিহু ৷

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে বঙাইগাঁও, অভয়াপুৰী (উত্তৰ), অভয়াপুৰী (দক্ষিণ), পাটাচাৰকুছি, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্ৰী, চেঙা আৰু ধৰমপুৰ বিধানসভা সমষ্টিৰে গঠিত আছিল বৰপেটা লোকসভা সমষ্টিটো ৷ বেছিভাগ সময় কংগ্ৰেছৰ দখলত থকা বৰপেটা সমষ্টিত 2019 চনৰ লোকসভা নিৰ্বাচনত মুঠ 13 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ ইয়াৰ ভিতৰত কংগ্ৰেছৰ আব্দুল খালেক, তৃণমূল কংগ্ৰেছৰ আছাহক আলী দেৱান, অগপৰ কুমাৰ দীপক দাস, এ আই ইউ ডি এফৰ ৰফিকুল ইছলাম, পূৰ্বাঞ্চল জনতা পাৰ্টিৰ (চেকুলাৰ) অৰুণ বৰুৱা, এছ ইউ চি আইৰ (কমিউনিষ্ট) চিত্ৰলেখা দাস, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰ্নেশ্যনেলৰ ছানিয়াৰা পাৰবীন, এন পি পিৰ প্ৰণৱজ্যোতি দাস ৰাজবংশী, নেশ্যনেল ৰিপাব্লিকান কংগ্ৰেছৰ ভদ্ৰেশ্বৰ বৰ্মন, দ্য নেশ্যনেল ৰ’ড মেপ পাৰ্টি অব ইণ্ডিয়াৰ মটিয়াৰ ৰহমান, ৰিপাব্লিকান পাৰ্টি অব ইণ্ডিয়া (এ)ৰ ৰেজাউল কৰিম, ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জী আৰু নিৰ্দলীয় আৰ্ফান আলী আছিল ৷

বিগত লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত বৃহৎ জয় লাভ কৰিছিল কংগ্ৰেছ দলে ৷ 1,35,445 টা ভোটত জয়ী হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক ৷ সমষ্টিটোত কংগ্ৰেছ, অগপ আৰু এ আই ইউ ডি এফৰ মাজত হৈছিল মূল যুঁজ ৷ তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাত আব্দুল খালেকে 6,40,227 টা ভোট পোৱাৰ বিপৰীতে অগপৰ কুমাৰ দীপক দাসে 5,04,782 টা আৰু এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে লাভ কৰিছিল 2,44,789 টা ভোট ৷ বৰপেটা সমষ্টিত সংখ্যালঘু ভোটাৰে প্ৰভাৱ বিস্তাৰ কৰি আহিছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত পৰিস্থিতি যথেষ্ট সলনি হৈছে ৷ শাসকীয় দল বিজেপিয়ে বৰপেটা সমষ্টিটো মিত্ৰদল অগপক এৰি দিছে ৷ অগপই বৰপেটাৰ প্ৰাৰ্থী হিচাপে বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীক প্ৰক্ষেপ কৰিছে ৷ কংগ্ৰেছ দলে আব্দুল খালেকক আঁতৰাই যুৱনেতা দীপ বায়নক প্ৰাৰ্থিত্ব দিছে ৷ গতিকে এইবাৰ বৰপেটাৰ যুঁজখন যথেষ্ট লক্ষণীয় হ'ব ৷

লগতে পঢ়ক : বৰপেটা লোকসভা সমষ্টিত চি পি আই এমৰ প্ৰাৰ্থী হ'ব মনোৰঞ্জন তালুকদাৰ

Last Updated : Mar 13, 2024, 7:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.