ETV Bharat / politics

লখিমপুৰত মনোনয়ন দাখিল কংগ্রেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 5:07 PM IST

Lakhimpur Lok Sabha: লখিমপুৰত বুধবাৰে মনোনয়ন দাখিল কৰে কংগ্রেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাসহ কেইবাজনো নেতাৰ লগতে হেজাৰ হেজাৰ কৰ্মীৰ আনন্দৰ মাজত প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰে ।

LAKHIMPUR LS SEAT
উদয় শংকৰ হাজৰিকাৰ মনোনয়ন দাখিল

মনোনয়ন দাখিল কংগ্রেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ

লখিমপুৰ, 27 মাৰ্চ : আজি প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিনা লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰে ৷ ঢোলে-দগৰে হাজাৰ হাজাৰ সমৰ্থক তথা দলীয় কৰ্মীৰ উল্লাসৰ মাজেৰে সমদল কৰি আহি তেওঁ মনোনয়ন পত্ৰ দাখিল কৰে ৷

লখিমপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা হাজাৰ হাজাৰ সমৰ্থকৰ উল্লাসৰ মাজেৰে সমদল কৰি আহি তেওঁ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ জমা দিয়ে ৷ মনোনয়ন দাখিলৰ সময়ত উদয় শংকৰ হাজৰিকাৰ সৈতে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহাই, জিলা কংগ্ৰেছৰ সভাপতি গগন বৰা আদিকে ধৰি ভালেকেইজন নেতা ৷

মনোনয়ন দাখিলৰ পূৰ্বে প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই কয় যে, লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ কংগ্ৰেছৰ বিজয় হ’ব ৷ সমষ্টিটোত বিপুল ভোটত জয়লাভ কৰিব কংগ্ৰেছ দলে ৷ আজি সমবেত হোৱা বিশাল জনসমুদ্ৰই তাকেই প্ৰমাণ কৰিছে বুলি তেওঁ কয় ৷

ইফালে বিজেপি দলে কংগ্ৰেছ দল নিৰ্বাচনত ফেক্টৰ নহয় বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, বিজেপিৰ বাবে ফেক্টৰ হ’ব অ’ পি এছ বিচাৰি থকা কৰ্মচাৰী সকল, তেওঁলোকৰ বাবে ফেক্টৰ হ’ব অংগনৱাড়ী, আশা কৰ্মী, গাওঁবুঢা, টেট শিক্ষক, ভেন্সাৰ স্কুলৰ শিক্ষকসকল ৷ লগতে বান-খহনীয়াত আক্ৰান্ত এলেকাৰ ৰাইজ বিজেপিৰ বাবে ফেক্টৰ হ’ব বুলি কয় ভূপেন বৰাই ৷ উল্লেখ্য যে, কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলত লোকসভা সমষ্টিটোৰ আটাইকেইটা বিধানসভা সমষ্টিৰ পৰা দলীয় কৰ্মীসকল আহি সহযোগ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : মুকলি হ’ল কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী গীত - Lok Sabha Elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.