ETV Bharat / politics

লখিমপুৰত একেদিনাই দুটাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশগ্রহণ কৰিব মুখ্যমন্ত্রীয়ে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 9:06 PM IST

লখিমপুৰত দুটাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । লগতে অংশগ্ৰহণ কৰিব পদযাত্রাতো ।

CM HIMANTA BISWA SARMA
12 এপ্ৰিলত লখিমপুৰলৈ মুখ্যমন্ত্ৰী

লখিমপুৰত দুটাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশগ্রহণ কৰিব মুখ্যমন্ত্রীয়ে

লখিমপুৰ, 6 এপ্ৰিল : লখিমপুৰত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ জিলাখনৰ দুটাকৈ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে পদযাত্ৰাতো অংশগ্ৰহণ কৰিব তেওঁ ৷ এই কথা জানিবলৈ দিয়ে লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লখিমপুৰ জিলা সভাপতিগৰাকীয়ে কয় যে, বিজেপিৰ প্ৰতি বিভিন্ন জাতি-জনগোষ্ঠীৰ পূৰ্বৰ ধাৰণা সলনি হৈছে ৷ তেওঁলোকে বিজেপিক আদৰি লৈছে ৷ যাৰ বাবে এতিয়া নিৰ্বাচনী প্ৰচাৰ সভা সমূহত বক্তা সকলক বিজেপিক ভোট দিয়ক বুলি কবলৈ ৰাইজে মানা কৰে ৷ ৰাইজে কয় চৰকাৰৰ অন্য আঁচনি আদিৰ কথা কওক ৷ ভোট দিবলৈ কব নালাগে, ৰাইজে বিজেপিক ভোট দিবই ৷ তেওঁ সংবাদ মাধ্যমৰ আগত বিজেপিৰ প্ৰতি সকলো ৰাইজৰ সমৰ্থনৰ প্ৰসংগ উল্লেখ কৰি এনেদৰে কয় ৷

বিজেপি নেতাজনে আৰু কয় যে, নিৰ্বাচনী প্ৰচাৰ সভাসমূহৰ পৰা বিৰোধীৰ কোনো অস্তিত্ব নোপোৱাৰ উমান পোৱা গৈছে ৷ বিৰোধী দলে বিজেপিয়ে হিতাধিকাৰী সৃষ্টি কৰাৰ কথা কৈ নিজৰ স্থান অৱনমিত কৰিছে ৷ বিৰোধী দলৰ প্ৰাৰ্থীৰ নামেই নাজানে ৰাইজে ৷ এইবাৰ বিজেপি দলে সৰ্বাধিক ভোট পাব বুলিও তেওঁ মন্তব্য কৰে ৷ লগতে বিজেপি দল পুনৰ ক্ষমতালৈ অহাৰ প্ৰয়োজন আছে বুলি ৰাইজে অনুভৱ কৰিছে বুলিও তেওঁ কয় ৷

তেওঁ 12 এপ্ৰিলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰঙানদী আৰু নাওবৈচা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ উপৰিও লখিমপুৰত পদযাত্ৰা কৰিব বুলি জানিবলৈ দিয়ে ৷ লোকসভা সমষ্টিটোত ইতিমধ্যে বিধায়ক মানৱ ডেকা, ভূবন পেগু, ৰূপেশ গোৱালা, বলীন চেতিয়া, নৱ দলে আদিয়ে প্ৰচাৰ কাৰ্যসূচী চলাই আছে বুলিও তেওঁ উল্লেখ কৰে ৷ নিৰ্বাচনী প্ৰচাৰ সভা সমূহত ৰাইজৰ সঁহাৰি অভূতপূৰ্ব বুলি উল্লেখ কৰি ফণীধৰ বৰুৱাই কয় যে, গাড়ী-মটৰ নোহোৱাকৈ ৰাইজে দলে-বলে আহি নিৰ্বাচনী প্ৰচাৰ সভাসমূহত অংশগ্ৰহণ কৰিছে ৷ এয়াই বিজেপিৰ প্ৰাৰ্থী যে অভূতপূৰ্ব ভোটৰ ব্যৱধানত বিজয়ী হ’ব তাৰেই ইংগিত প্ৰকাশ কৰিছে বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ তদাৰক কৰিলে মন্ত্ৰী অতুল বৰাই - Lok Sabha Elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.