ETV Bharat / politics

১০৫ টা বিধানসভা সমষ্টিত কাৰো মাতেই নাই, গজাল মাৰি দিয়া হৈছে : মুখ্যমন্ত্রী

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 3:56 PM IST

Himanta Biswa Sarma: অসমত বিজেপিয়ে ১১খন আসন পোৱাটো নিশ্চিত যদিও ১২ খনো পাব পাৰে । উত্তৰ-পূৰ্বাঞ্চলত ২৫ খনৰ ভিতৰত ২২ খন আসন পাব এন ডি এই । অসমত নিৰ্বাচন বুলি কোনো পৰিৱেশেই নাই । এইটো নিৰ্বাচনত প্ৰধানমন্ত্ৰীয়ে অসমৰ মানুহৰ আশীৰ্বাদ পাব । একাংশই হেডলাইন হোৱাৰ বাবে কৰে আন্দোলন । ধুবুৰীক লৈ কোনো গুৰুত্ব নাই মুখ্যমন্ত্ৰীৰ । কেৱল সন্মান প্ৰদৰ্শন কৰি ধুবুৰীত নিজৰ ভোটখিনি ল'ব বিজেপিয়ে । গজাল মাৰি দিয়া ১০৫ টা বিধানসভা সমষ্টিত কাৰো মাত নাই ।

Himanta Biswa Sarma
দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদমেল

গুৱাহাটী, ৭ মাৰ্চ: লোকসভাত বিজেপিয়ে ১১ খন আসন পোৱাটো নিশ্চিত যদিও ১২ খনো পাব পাৰে । এই সম্ভাৱনা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয় ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত অসমৰ ১০৫ টা বিধানসভা সমষ্টিত কাৰো মাতেই নাই ৷ ক্ষমতা পাবলৈ ৬৪খন আসনহে লাগে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰভাৱ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ১০৫ টা সমষ্টিত গজাল মাৰি দিয়া হৈছে ৷ তাত বেলেগ কাৰো কামেই নাই । এই গজাল বিজেপিৰ নহয়, অসমীয়া মানুহৰ গজাল ৷

অসমত নিৰ্বাচন নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে লোকসভাত বিজেপিয়ে ১১ খন আসন পাই আছে আৰু ভগৱানে সহায় কৰিলে ১২ খনো পাব পাৰে । নিৰ্বাচন বুলি অসমত একো নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেৱল ইয়ালৈ আহিলেহে নিৰ্বাচনৰ কথা সোধে, গাঁৱত পৰিৱেশেই বেলেগ । এইবাৰৰ নিৰ্বাচনত ২-৩ লাখ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী জয়ী হ’ব বুলি ভৱিষ্যদ্বাণী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইটো নিৰ্বাচন নহয়, আশীৰ্বাদ যাত্ৰাহে । প্ৰধানমন্ত্ৰীয়ে অসমৰ মানুহৰ আশীৰ্বাদ পাব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ড৹ শৰ্মাই লগতে কয় যে নিৰ্বাচনৰ কামত লাগি থকাৰ বিপৰীতে তেওঁলোকে উন্নয়নৰ কামত লাগি আছে । নিৰ্বাচনকেন্দ্ৰিক কোনো ব্যস্ততা নাই বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইটো নিৰ্বাচন এটা 'ডাল' নিৰ্বাচন । উত্তৰ-পূৰ্বাঞ্চলৰ ২৫খন আসনৰ ভিতৰত বিজেপিৰ নেতৃত্বত এন ডি এই ২২ খন আসন লাভ কৰিব । অসমত ১২ খন হ'লে এই সংখ্যা ২৩ খনলৈ বৃদ্ধি পাব পাৰে ।

আনহাতে প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ দিনা বিৰোধী ঐক্যমঞ্চকে ধৰি একাংশ দল-সংগঠনে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে অসমত এনে কিছুমান লোক আছে যি সদায় আন্দোলনৰ মাজেৰে হেডলাইন হোৱাটো বিচাৰে । এনেধৰণৰ তথাকথিত প্ৰতিবাদেৰে মিডিয়াক বুৰ্বক সজোৱা হয় । এনেধৰণৰ প্ৰতিবাদক জনতাই স্বীকৃতি নিদিয়ে । প্ৰকৃততে তেওঁলোকে সংবাদ মাধ্যমৰ লোকক বুৰ্বক সজাব বিচাৰে ।

সংবাদ মাধ্যমৰ লোকসকলৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে কয় যে বুৰ্বক হ’ব বিচাৰেনে নাই সেইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব ৷ আনহাতে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ নিৰ্বাচনকেন্দ্ৰিক নহয় বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সদৰী কৰে । ইফালে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ধুবুৰীক লৈ তেওঁৰ কোনো গুৰুত্ব নাই । ধুবুৰীত বিজেপিয়ে কেৱল সন্মান প্ৰদৰ্শন কৰি নিজৰ ভোটখিনি নিজে ল'ব । ধুবুৰীত ‘আমি নিজিকো’ বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয় । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ তিনিটা সমষ্টিত তেওঁলোক নাই, ১১ টা সমষ্টিতহে আছে । এইটো এটা সহজ অংক ।

লগতে পঢ়ক: আছুৱে পিছুৱালে CAA বিৰোধী আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.