গুৱাহাটী: পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ মিত্রজোঁটে জয় সাব্যস্ত কৰাৰ পাছতে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
পাঁচটা সমষ্টিৰ চামগুৰি, বিহালী আৰু ধলাইত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ লগতে চিদলীত মিত্রদল ইউ পি পি এল আৰু বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী জয়ী হৈছে । এই জয়ৰ পাছত মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যম যোগে অসমবাসীক প্ৰণাম আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।
মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে,"নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসম । অসম বিধান সভাৰ উপ-নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৫ খনৰ ভিতৰত ৫ খনতে বিজয় সাব্যস্ত কৰা কথাটিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসন আৰু উন্নয়নৰ নীতিৰ বাস্তৱিক আৰু সাৰ্থক ৰূপটোকে প্ৰতিফলিত কৰিছে । বিশেষকৈ প্ৰায় ৬৫ শতাংশ সংখ্যালঘু ভোটাৰ থকা চামগুৰি সমষ্টিৰ ফলাফলৰ সন্দৰ্ভত আলোকপাত কৰি ক'ব বিচাৰিছোঁ, যিখন আসন ২৫ বছৰ ধৰি কংগ্ৰেছে দখল কৰি আছিল সেই কংগ্ৰেছৰাজৰ অৱসান ঘটাই আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আজি জয়লাভ কৰিলে ।"
তেওঁ লগতে কয়,"ইয়াৰ দ্বাৰা আমাৰ কল্যাণকামী মনোভাবাপন্ন কাৰ্য প্ৰণালীৰ প্ৰতি সন্মানীয় জনসাধাৰণৰ সমৰ্থন আৰু বিৰোধীৰ বিভাজনকাৰী ৰাজনীতিক তেখেতসকলে প্ৰত্যাখ্যান কৰা পৰিলক্ষিত হ'ল । আপোনালোকৰ অকুণ্ঠ সঁহাৰি তথা সহায়-সহযোগিতাৰ বাবে আমি আপোনালোকক অলেখ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু মই আশ্বাস দিছোঁ যে আমি এখন বিকশিত অসম গঢ়ি তুলিবলৈ আগন্তুক সময়ত একেলগে কাম কৰি যাম । এই সুন্দৰ ক্ষণত আমাৰ সকলো কঠোৰ পৰিশ্ৰমী সন্মানীয় কাৰ্যকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ । তেখেতসকলে আমাৰ প্ৰতিটো উন্নয়নী ধাৰণা, আমাৰ লক্ষ্য-আঁচনিক প্ৰতিটো বুথলৈ, সৰ্বসাধাৰণ জনতাৰ ওচৰলৈ লৈ যোৱাত অনন্য ভূমিকা গ্ৰহণ কৰিলে । এই যাত্ৰা ধাৰাবাহিকভাৱে অক্ষুণ্ণ থাকিব । পুনৰবাৰ আটাইলৈ মোৰ শত-সহস্ৰ প্ৰণাম ।"