ETV Bharat / politics

দূৰত্ব বাঢ়িছে অখিল গগৈ-কংগ্ৰেছৰ : উপ-নিৰ্বাচনক লৈ ঐক্য মঞ্চত আকৌ অনৈক্য - Opposition unity Assam

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 6:56 PM IST

Bhupen Borah Vs Akhil Gogoi : উপ-নিৰ্বাচনে তুংগত তুলিছে ভূপেন বৰা-অখিল গগৈৰ সংঘাত ৷ দূৰত্ব বৃদ্ধি পাইছে দুয়ো নেতাৰ ৷ কংগ্ৰেছে অকলেই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি বৰাই কোৱাৰ পিচতে ফাট মেলিছে বন্ধুত্বৰ মাজত ৷

Bhupen Borah Vs Akhil Gogoi
দূৰত্ব বাঢ়িছে অখিল গগৈ-কংগ্ৰেছৰ (ETV Bharat Assam)

গুৱাহাটী, ১৭ জুলাই : ১২৬ টা সমষ্টিৰ অসমৰ বিধানসভা নিৰ্বাচনলৈ বহুদিন বাকী ৷ এতিয়া ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈয়ে থানবান হোৱাৰ দিশে অসমৰ বিজেপি বিৰোধী ঐক্য মঞ্চ ৷ প্ৰথমেই পঢ়ক দুই বিৰোধী শক্তিশালী নেতা ভূপেন বৰা আৰু অখিল গগৈৰ যোৱা ২৪ ঘণ্টাৰ কেইটামান উক্তি ৷

“দলীয় সভাত দলৰ নেতা-কৰ্মীসকলে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচটা বিধানসভা সমষ্টি ক্ৰমে ধলাই, চামগুৰি, বিহালী, চিদলী, বঙাইগাঁও বিধানসভা‌ সমষ্টিত অকলে কংগ্ৰেছ দলে যুঁজ দিয়াৰ পৰামৰ্শ দিছে ।’’- APCCৰ সভাপতি ভূপেন বৰা ৷ সময় : মঙলবাৰ, আবেলি ৷

‘‘ মূৰ্খৰ সৰগত বাস কৰিছে কংগ্ৰেছে ৷ ৰাইজৰ সামান্য সঁহাৰিতে অহংকাৰী হৈছে কংগ্ৰেছ ৷’’- অখিল গগৈ ৷ সময় : মঙলবাৰ, নিশা ৷

‘‘ দলীয় কৰ্মীৰ পৰামৰ্শ আমি শুনিব লাগিব, কোনোবাই বেয়া পালেও উপায় নাই ৷’’ - অখিল গগৈক বুধবাৰে পুৱা প্ৰত্যুত্তৰ ভূপেন বৰাৰ ৷

‘‘ ’২৪ত কংগ্ৰেছৰ অৱস্থা সামান্য ভাল হোৱাৰ মূলতে বিৰোধী ঐক্যমঞ্চৰ সহযোগিতা ৷ কংগ্ৰেছৰ অহংকাৰ কৰিবলৈ হোৱা নাই, আত্মসমালোচনা কৰক ৷’’- বুধবাৰে দুপৰীয়া পুনৰ সৰৱ অখিল গগৈ ৷

‘‘ বিৰোধী ঐক্যৰ লগত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন প্ৰসংগতহে আলোচনা হৈছিল ৷ উপ-নিৰ্বাচনক লৈ কথা হোৱা নাছিল ৷’’- কংগ্ৰেছ ৰাষ্ট্ৰীয় নেতা জীতেন্দ্ৰ সিঙৰ ভাষ্য ৷ বুধবাৰে ৷ (একে মন্তব্য ভূপেন বৰাৰো)

থান-বান হোৱাৰ দিশে বিৰোধী ঐক্য :

লোকসভা নিৰ্বাচনৰ পিচতেই ক্ৰমাৎ দুৰত্ব বাঢ়ি এতিয়া মিত্ৰতা থান-বান হোৱাৰ দিশে আগবাঢ়িছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল আৰু কংগ্ৰেছৰ ৷ স্পষ্ট হৈছে অসমৰ বিজেপিবিৰোধী ঐক্যমঞ্চত মহাফাট ৷ ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক লৈ ক্ষুণ্ণ ৰাইজৰ দলৰ নেতা অখিল গগৈ ৷ ভূপেন বৰাৰ মন্তব্যৰ পিচতেই নিজৰ মুকলি ক্ষোভ প্ৰকাশ কৰিছে অখিল গগৈয়ে ৷ বিৰোধীৰ ঐক্যমঞ্চৰ বিৰোধ যে এতিয়া থাপিথুপি থ’ব পৰাত নাই সেয়া এতিয়া স্পষ্ট হৈ পৰিছে ভূপেন বৰাৰ আৰু অখিল গগৈৰ মন্তব্যতে ৷

যিবোৰ কথা বিৰোধী দলৰ ভিতৰুৱা হৈ থাকিব লাগিছিল, সেইবোৰ কথা এতিয়া সংবাদ মাধ্যমৰ যোগেদি জনাইছে ইজনে-সিজনক ৷ ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বেই এক প্ৰকাৰ তিক্ত হৈ পৰিছে অখিল গগৈ আৰু কংগ্ৰেছৰ সম্পৰ্ক ৷

দূৰত্ব বাঢ়িছে অখিল গগৈ আৰু কংগ্ৰেছৰ :

ৰাজ্যত হ’বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছৰ নেতা-কৰ্মীয়ে দলটো অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পোষকতা কৰাৰ কথা কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰী কৰে ৷ তাৰ পিচতেই বিষয়টো লৈ বানপীড়িত অঞ্চল ভ্ৰমণ কৰি আহি কালি ৰাতি নিজৰ বিষোদ্গাৰ প্ৰকাশ কৰে অখিল গগৈয়ে ৷

উল্লেখযোগ্য যে ৪ মে’ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিচতেই অখিল গগৈৰ প্ৰতি ধৈৰ্যৰ বান্ধ ছিগিছিল কংগ্ৰেছৰ ৷ যোৱা মে’ মাহৰ ২৪ তাৰিখে অখিল গগৈলৈ এক পত্ৰ প্ৰেৰণ কৰি এক প্ৰকাৰ সকীয়নি দিছিল ভূপেন বৰাই । কংগ্ৰেছৰ দিনতেই আটাইতকৈ বেছি সংখ্যক ২০ বাৰ জে’ললৈ গৈছিল বুলি নিৰ্বাচনী প্ৰচাৰ সভাত নিজৰ ভাষণত ভালেকেইবাৰ অখিল গগৈয়ে ৰাজহুৱা সভাত মন্তব্য কৰিছিল । তদুপৰি কংগ্ৰেছ নেতৃত্বক মুকলিকৈ একাধিকবাৰ ৰাজহুৱাভাৱে বিভিন্ন দিশত ভুল ইত্যাদি দেখুৱাই মন্তব্য কৰিছিল অখিল গগৈয়ে ৷ ফলত মিত্ৰদলৰ এজন শক্তিশালী নেতা অখিল গগৈলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সকীয়নিভৰা পত্ৰও প্ৰেৰণ কৰিছিল- “ আপোনাৰ বক্তব্যত সকলো কংগ্ৰেছ নেতা-কৰ্মী অতিশয় ক্ষোভিত হৈছে ৷’’

যোৱা ১৫ জুলাইৰ পৰা আজি বুধবাৰলৈ পৃথকে-পৃথকে প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীৰে বৈঠকত বহিছে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিংসহ কংগ্ৰেছ নেতৃত্ব ৷ এইবাৰৰ লোকসভা নিৰ্বাচনৰ বাবে খালী হোৱা উপ-নিৰ্বাচন হ’বলগীয়া পাঁচ সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ সৈতে বৈঠকত বহিছিল কংগ্ৰেছ নেতৃত্ব ৷ তাৰ পিচতেই মঙলবাৰে ভূপেন বৰাই মন্তব্য কৰিছিল যে বিধানসভাৰ উপ-নিৰ্বাচনত কংগ্ৰেছ কৰ্মীসকলে কংগ্ৰেছে অকলেই নিৰ্বাচন খেলাৰ পোষকতা কৰিছে । লগে লগে ক্ষুব্ধ হৈ অখিল গগৈয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷

উপ-নিৰ্বাচনৰ ৫খন আসনক লৈয়ে বিৰোধী মিত্ৰজোঁটৰ এই অৱস্থা ৷ তেতিয়া ২০২৬ৰ বিধানসভা নিৰ্বাচনত ১২৬ খন আসনৰ ভাগ-বতৰা কৰিব লাগিব বিৰোধীয়ে ৷ ১২৬ খন আসন ভাগ-বতৰা কৰোতে স্বাভাৱিকতেই কি পৰিৱেশ হ’ব সেয়া সহজেই অনুমেয় ৷

লগতে মন কৰিবলগীয়া যে অখিল গগৈৰ বাদে বিৰোধী আন কোনো দলেই এই প্ৰসংগত কংগ্ৰেছক প্ৰশ্ন কৰা নাইবা একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ সেয়ে স্বাভাৱিকতে প্ৰশ্নৰ উদ্ৰেক হৈছে যে বিৰোধী ঐক্য মঞ্চৰ পৰা কংগ্ৰেছে নিৰ্দিষ্ট দূৰত্বত ৰাখিব খুজিছে নেকি অখিল গগৈ আৰু ৰাইজৰ দলক ? সি যিয়েই নহওক এটা কথা স্পষ্ট যে দূৰত্ব বাঢ়িছে অখিল গগৈ আৰু কংগ্ৰেছ দলৰ মাজত ৷

লগতে পঢ়ক : উপ-নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে ভূপেন বৰাই

লগতে পঢ়ক : ৰাজ্যিক বিজেপি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট লিমিটেড কোম্পানী : অখিল গগৈ

লগতে পঢ়ক : ডাবল ইঞ্জিনৰ চৰকাৰতো বাদেই, অসমত ছিংগল ইঞ্জিনো নাই: জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.