ডিফু, ১৭ এপ্রিল: লোকসভা নির্বাচনৰ ভোটগ্রহণৰ দিন চমু চাপি অহাৰ লগে লগে পাহাৰীয়া জিলাত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে শাসকীয় বিজেপিয়ে । পৰিষদৰ ২৬টা সমষ্টিত প্ৰচাৰ চলাই থকা কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে আজি পৰিষদীয় দেওপানী, নিলিপ আৰু দুৱাৰ বাগৰি সমষ্টিত একোখনকৈ নির্বাচনী সভাত অংশ গ্রহণ কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
ডিফু (জনজাতি) লোকসভা সমষ্টিৰ দেওপানী পৰিষদীয় সমষ্টিৰ শান্তিপুৰ বৰপথাৰত প্ৰথমখন নির্বাচনী সভাত অংশগ্রহণ কৰি ভাষণ প্রদান কৰি ৰংহাঙে দাবী কৰে যে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমষ্টিত এতিয়া আন ৰাজনৈতিক দল ত্যাগ কৰি ভাৰতীয় জনতা পার্টিত যোগদান কৰিছে । এটা সমষ্টিত এহেজাৰ, আন এটাত ১৬শ, এটাত দুহেজাৰ বিভিন্ন ৰাজনৈতিক দলৰ কর্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে বুলি তেওঁ কয় ।
কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে কয় যে অহা ২৬ এপ্রিলত অনুষ্ঠিত হ'বলগীয়া ভোটগ্রহণত কার্বি আংলং,পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ ৰাইজে সিদ্ধান্ত লৈছে ৩ লাখৰ পৰা ৪ লাখ ভোটৰ ব্যবধানত বিজেপি প্রার্থীক বিজয়ী কৰাব । আন দুখন নির্বাচনী সভাতো ৰংহাঙে বিজেপি দলে বিগত ১০টা বছৰত তিনিখন পার্বত্য জিলাৰ বাবে গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ ভিত্তিত এইবাৰ জনসাধাৰণে বিজেপি দলক ভোটদান কৰিব বুলি দাবী কৰে ।
কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙক সংগ দিয়ে সাংসদ হৰেণছিং বে',বিজেপি প্রার্থী অমৰছিং তিছ'ৰ লগতে বহুকেইগৰাকী কার্যবাহী সদস্য আৰু পূৱ কার্বি আংলং জিলা বিজেপিৰ সভাপতি ৰলেণ্ড কিলিঙে ।