ETV Bharat / politics

বিজেপি এৰি অৱশেষত 'কংগ্ৰেছী' হ'ল জয়ন্ত বৰা

বিজেপি এৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান বিহালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ । সাংসদ গৌৰৱ গগৈয়ে জনালে আদৰণি ।

Candidate Jayanta Bora formally joins Congress in Sonitpur
আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান জয়ন্ত বৰাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 24, 2024, 3:03 PM IST

তেজপুৰ: বহু জল্পনা-কল্পনাৰ অন্ত পেলাই কংগ্ৰেছ দলে অৱশেষত ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সৌ সিদিনালৈকে বিজেপি দলত থকা জয়ন্ত বৰাক । দীৰ্ঘদিন ধৰি বিৰোধী ঐক্য মঞ্চই সঘনাই আলোচনা কৰি এখন আসন বিৰোধী ঐক্য মঞ্চক এৰি দিবলৈ দাবী জনাই আহিছিল যদিও সেয়া বাস্তৱায়িত নহ'ল ।

বিৰোধী ঐক্য মঞ্চই বিশেষকৈ ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ আসনখন বিৰোধী ঐক্য মঞ্চ তথা অসম সন্মিলিত মৰ্চাই দাবী কৰি আছিল যদিও শেষত কংগ্ৰেছ দলেই সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰে ।

আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান জয়ন্ত বৰাৰ (ETV Bharat Assam)

আনহাতে দীৰ্ঘদিন ধৰি বিজেপি দলত থাকি দলীয় কাম কৰি কৰি বিজেপিৰ পৰা টিকট বিচাৰি থকা জয়ন্ত বৰাক বিজেপি দলে টিকট প্ৰদান নকৰাত যোৱা ১৮ অক্টোবৰত গুৱাহাটীত জীতেন্দ্ৰ সিঙৰ ওচৰত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা ওচৰত জয়ন্ত বৰাই কংগ্ৰেছ দলত ভৰি দিছিল যদিও বৃহস্পতিবাৰেহে আনুষ্ঠানিকতাৰে সদস্য পদ গ্ৰহণ কৰে শোণিতপুৰ জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত । আনহাতে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত বিহালী সমষ্টিৰ কংগ্ৰেছ দলৰ হৈ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰাই আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰা পিছতে সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাক কাষত বহুৱাই এখন সংবাদমেল আয়োজন কৰে ।

সংবাদমেলত বিহালীৰ ৰাইজক চিনাকি কৰাই দিয়াৰ লগতে জয়ন্ত বৰা এজন মাটিৰ মানুহ, বিহালী সমষ্টিৰ স্থানীয় লোকৰ বিপদৰ সময়ত সদায় থিয় দিয়া এজন ব্যক্তি বুলি উল্লেখ কৰে গগৈয়ে । লগতে সাংসদগৰাকীয়ে বিজেপি দলক সমালোচনা কৰি কয়,"বিজেপি দলে নিদিয়া সন্মান আমাৰ দলে জয়ন্ত বৰাক দিছে আৰু জয়ন্ত বৰাই ভৱিষ্যতে সুস্থ-সৱল সমাজ গঢ়াৰ ক্ষেত্ৰত ৰাইজৰ কাষত গৈ আশীৰ্বাদ ল'ব ।"

ইফালে বিজেপিক সমালোচনা কৰি সাংসদগৰাকীয়ে কয়,"বিজেপি দলৰ অত্যাচাৰৰ বিৰুদ্ধে ৰাইজ একত্ৰিত হৈ থিয় দিব লাগিব । জয়ন্ত বৰালৈ এতিয়া দিছপুৰৰ পৰা ডাঙৰ ডাঙৰ মন্ত্ৰী-বিধায়কে ফোন কৰি বিভিন্ন লোভ দিয়াৰ লগতে ভাবুকি দিব । এই ভাবুকিলৈ কংগ্ৰেছ দলে ভয় নকৰে । জয়ন্ত বৰাৰ লগত একমাত্ৰ বিহালী কংগ্ৰেছ নহয়, সমগ্ৰ অসমৰ কংগ্ৰেছ কৰ্মী আছে । জয়ন্ত বৰাৰ লগত কংগ্ৰেছ দলৰ সাংসদ-বিধায়ক দলীয় কৰ্মী আছে । অকলে নহয় সমগ্ৰ অসমৰ কংগ্ৰেছ কৰ্মী বিহালী ৰাইজৰ স্বাৰ্থত আহিব ।"

লগতে পঢ়ক: বিহালীত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়া সন্দৰ্ভত কি ক'লে ভূপেন বৰাই ?

নাটকৰ যৱনিকা; বিহালীত কংগ্ৰেছে দিলে বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক প্ৰাৰ্থিত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.