ETV Bharat / politics

অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ : ৫ টা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য - Lok Sabha elections 2024 - LOK SABHA ELECTIONS 2024

Lok sabha election 2024 : বুধবাৰে বিয়লি ৫ বজাৰ লগে লগে সামৰণি পৰিল নিৰ্বাচনী প্ৰচাৰৰ । দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত কোনো ৰাজনৈতিক দলে চলাব নোৱাৰিব প্রার্থীৰ সমৰ্থনত প্ৰচাৰ । দ্বিতীয় পৰ্যায়ৰ ভোটৰ বাবে ৰাজ্যৰ ৫টা লোকসভা সমষ্টিৰ অন্তর্গত জিলা কেইখনত ৪৮ ঘণ্টাৰ বাবে ড্রাই ডে'। ২৬ এপ্ৰিলত ৫ টা সমষ্টিৰ ৬১ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য।

Etv BharatLok sabha election 2024
৫ টা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য
author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 6:34 PM IST

গুৱাহাটী, ২৪ এপ্রিল: অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। ইতিমধ্যে ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে । ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ আৰু ৭ মে'ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ।

ৰাজ্যজুৰি এতিয়া নিৰ্বাচনৰ গৰম বতাহ । ২৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি বিয়লি ৫ বজাত সামৰণি পৰে। দ্বিতীয় পৰ্যায়ৰ পাঁচটা সমষ্টিত আজি বিয়লিৰে পৰা বন্ধ হয় ভোটৰ প্ৰচাৰ । দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত আজি বিয়লি ৫ বজাৰ পৰা কোনো ৰাজনৈতিক দলে প্রার্থীৰ সমৰ্থনত প্ৰচাৰ চলাব নোৱাৰিব ।

উল্লেখ্য যে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫ টা লোকসভা সমষ্টিত মুঠ ৬১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে । এই সমষ্টিকেইটাত এইবাৰ সাংসদ, প্রাক্তন সাংসদ, মন্ত্রী, বিধায়ক, প্রাক্তন বিধায়ক, স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কার্যবাহী সদস্য, প্রাক্তন আই এ এছ বিষয়া অর্থাৎ কেইবাজনো হাইপ্রফাইল নেতা প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে । আটাইকেইটা সমষ্টিত মূল প্রতিদ্বন্দ্বী দল কংগ্ৰেছ, বিজেপি যদিও নগাঁও আৰু কৰিমগঞ্জ সমষ্টিত এ আই ইউ ডি এফ আৰু দৰং-ওদালগুৰিত বি পি এফেও শক্তিশালী ৰূপত নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হৈছে । নগাঁও সমষ্টিত কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দি টিকট লাভ কৰা সুৰেশ বৰাকে ধৰি মুঠ ১৩ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।

দৰং-ওদালগুৰিত বিজেপিৰ সাংসদ দিলীপ শ‍ইকীয়া, কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী আৰু বি পি এফৰ বিধায়ক দুৰ্গাদাস বড়োকে ধৰি ১১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । সেইদৰে ডিফু সমষ্টিত প্রাক্তন বিধায়ক জয়ৰাম ইংলেং, স্বায়ত্ত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জটচন বে', অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া জন ইংতি কাথাৰ, বিজেপিৰ হৈ অমৰ সিং টিছ'কে ধৰি ৫ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত নামিছে ।

আনহাতে বৰাক উপত্যকাৰ সমষ্টি দুটাত ক্ৰমে শিলচৰত মুঠ আঠগৰাকী প্ৰাৰ্থীৰ ভিতৰত ৰাজ্যৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিজেপিৰ হৈ, প্ৰাক্তন সাংসদ ৰাধেশ্যাম বিশ্বাসে তৃণমূল কংগ্ৰেছৰ পৰা আৰু কংগ্ৰেছৰ পৰা সূর্যকান্ত সৰকাৰ নিৰ্বাচনী ৰণত নামিছে ।

কৰিমগঞ্জ সমষ্টিত বিজেপিৰ প্রার্থী সাংসদ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী, এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰীকে ধৰি মুঠ ২৪ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত নামিছে । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ লগে লগে এতিয়া অপেক্ষা মাথো ২৬ এপ্ৰিলৰ । সিদিনা পাঁচটা সমষ্টিত অৱতীৰ্ণ হোৱা ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে ।

উল্লেখ্য যে, নির্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি জন প্রতিনিধিত্ব আইন-১৯৫১ৰ ধাৰা ১২৬ অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতিটো পৰ্যায়তে ভোট গ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগতে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ সমাপ্ত কৰিব লাগিব । এই অনুসৰি দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ ক্ষেত্ৰত ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা কোনো লোকে নির্বাচনী প্ৰচাৰ সম্বন্ধীয় কোনো সভা, শোভাযাত্রা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমত নির্বাচনী প্ৰচাৰ চলাব নোৱাৰিব ।

তদুপিৰ টেলিভিশ্যন, চিনেমেটোগ্রাফ বা অন্য তেনে কোনো মাধ্যমত নির্বাচনী প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সময়ছোৱাত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা যিকোনো মনোৰঞ্জনধর্মী অনুষ্ঠান অনুষ্ঠিত কৰি নিৰ্বাচন সম্পৰ্কীয় প্ৰচাৰেৰে জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব ।

এই সময়খিনিত ছপা, বৈদ্যুতিন বা আন কোনো মাধ্যমতে এক্সিট প'ল, অপিনিয়ন প'ল প্রকাশ-প্রচাৰ সম্প্ৰচাৰ কৰিব নোৱাৰিব । জ্যোতিষীৰ ভৱিষ্যতবাণী, টেৰট কার্ড ৰিডিং, ৰাজনৈতিক বিশ্লেষণ আদিও প্ৰচাৰ-প্ৰকাশ কৰিব নোৱাৰিব । ভোট প্রদানৰ ক্ষেত্ৰত ভোটাৰসকলে স্বসিদ্ধান্তৰে নিৰ্বাচনত অংশগ্ৰহণৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

ইফালে দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ সামৰণি পৰাৰ লগে লগে তুংগত উঠিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ । ৭ মে'ত গুৱাহাটী, কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানত নামি পৰিব ৰথী-মহাৰথী । ইফালে দ্বিতীয় পর্যায়ৰ নিৰ্বাচনৰ বাবে আজি সন্ধিয়াৰে পৰা প্ৰযোজ্য হৈছে ড্রাই ডে'।

দ্বিতীয় পৰ্যায়ৰ ভোটৰ বাবে ৫ টা লোকসভা সমষ্টিৰ অন্তর্গত জিলা কেইখনত আজি বিয়লিৰ পৰা ৪৮ ঘণ্টাৰ বাবে ড্রাই ডে' ঘোষণা কৰা হৈছে। ৰাজনৈতিক দলসমূহে যাতে ভোটাৰক প্ৰৰোচিত কৰাৰ বাবে সুৰা বিতৰণ কৰিব নোৱাৰে সেই সন্দৰ্ভত কঠোৰ স্থিতি গ্রহণ কৰিছে নির্বাচন আয়োগে । নির্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি উক্ত ৫ টা লোকসভা সমষ্টি অন্তর্গত জিলাসমূহত সংশ্লিষ্ট জিলা আয়ুক্তই ২৪ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ সম্পূৰ্ণ ৪৮ ঘণ্টাৰ বাবে ড্ৰাই ডে' ঘোষণা কৰিছে।

কোনো ব্যক্তি অথবা প্রতিষ্ঠানে নিয়ম ভংগ কৰিলে জনপ্রতিনিধি আইন, ১৯৫১ ৰ ১৩৫ (গ) ধাৰা তথা আবকাৰী আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সকীয়াই দিয়া হৈছে ৷

লগতে পঢ়ক: ৰহস্যৰ আৱৰ্তত ভোটৰ সময়ত আৱিৰ্ভাৱ হোৱা অস্তিত্বহীন ৰাজনৈতিক দল ! - Lok Sabha elections 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.