ETV Bharat / politics

বিটিচিত খোপনি পুতিলে বিজেপিয়ে : চূড়ান্ত ব্যৰ্থৰ তালিকাত বিপিএফ-গণ সুৰক্ষা পাৰ্টি - Lok Sabha Election Results 2024

Lok Sabha Election 2024 : শেহতীয়াকৈ ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলত বিটিচিত মুখঠেকেচা খালে বিপিএফ আৰু গণ সুৰক্ষা পাৰ্টিয়ে ৷ বড়ো জনগোষ্ঠী অধ্যুষিত এলেকাত বিশেষ প্ৰভাৱ থকা বি পি এফ আৰু সংখ্যালঘু এলেকাত বিশেষ প্ৰভাৱ থকা এ আই ইউ ডি এফ দল এইবাৰ লোকসভা নিৰ্বাচনত সম্পূৰ্ণ ধূলিসাৎ হৈ পৰে ৷

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 3:58 PM IST

LOK SABHA ELECTION RESULTS 2024
বিটিচিত বিজেপিৰ স্থিতি দৃঢ় (Etv Bharat Assam)

গুৱাহাটী, ৬ জুন : এইবাৰৰ লোকসভা নিৰ্বাচন বি পি এফ আৰু এ আই ডি এফ দলৰ বাবে সুখকৰ নহ'ল ৷ বড়ো জনগোষ্ঠী অধ্যুষিত এলেকাত বিশেষ প্ৰভাৱ থকা বি পি এফ আৰু সংখ্যালঘু এলেকাত বিশেষ প্ৰভাৱ থকা এ আই ইউ ডি এফ দল এইবাৰ লোকসভা নিৰ্বাচনত সম্পূৰ্ণ ধূলিসাৎ হৈ পৰে ৷

হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ ব্যৰ্থতা : তিনিবাৰকৈ বি টি চি শাসন কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে মঙলবাৰে ঘোষণা কৰা নিৰ্বাচনী ফলাফলত এখনো আসনত জয়লাভ কৰিব নোৱাৰিলে ৷ ইউ পি পি এলতকৈ সাংগঠনিক দিশত শক্তিশালী দলটোৱে এইবাৰ দৰং-ওদালগুৰি অথবা কোকৰাঝাৰৰ মাজৰ যিকোনো এখন আসনত জয়লাভ কৰিব বুলি আশা কৰিছিল যদিও সেই আশা পূৰণ নহ'ল দলটোৰ ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচন: বাঘা বাঘা নেতা কিয় পৰিল ৰ'ণত ? - DEFEATED HEAVYWEIGHT LS CANDIDATES IN ASSAM

উল্লেখ্য যে, কোকৰাঝাৰ সমষ্টিত দলটোৰ প্ৰাৰ্থী, বি টি চিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী ইউ পি পি এলৰ প্ৰার্থী তথা বিধায়ক জয়ন্ত বসুমতাৰীৰ হাতত 51,583 ভোটৰ ব্যৱধানত পৰাজিত হয় ৷ 2011 আৰু 2016 চনৰ বিধানসভা নিৰ্বাচনত বি পি এফ দলে বি টি এ ডিৰ অন্তৰ্ভুক্ত 12 টাকৈ বিধানসভা সমষ্টিত জয়লাভ কৰিছিল ৷

কিন্তু 2021 চনত দলৰ বিপর্যয় ঘটাত সেই সংখ্যা তিনিখনতে সীমাবদ্ধ হৈ পৰে ৷ বি টি চিৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা পোৱাৰ পাছতো বিজেপিৰ ভঙা-গঢ়া, কিনা-বেচাৰ ৰাজনীতিৰ বাবে পৰিষদ শাসন কৰিব নোৱাৰা দলটোৱে পাছৰ পৰ্যায়ত বিজেপিৰ সৈতে প্ৰত্যক্ষ মিত্ৰতাত আৱদ্ধ নহ'ল যদিও বিধানসভাৰ ভিতৰে-বাহিৰে বিজেপি(এন ডি এ) ক সমর্থন দি থকা দেখা যায় ৷

লগতে পঢ়ক: বহুত সোনকালে ৰকিবুলৰ গাড়ীৰ তেল শেষ হ’ব : বদৰুদ্দিন আজমল - Lok Sabha Election Results 2024

লোকসভা নিৰ্বাচনত বি পি এফে চাৰিটা সমষ্টিত প্ৰাৰ্থিত্ব দিলে যদিও বিজেপি বা এন ডি এৰ বিৰুদ্ধে আগ্ৰাসী প্ৰচাৰ চলাব নোৱাৰিলে ৷ সেয়ে দৰং-ওদালগুৰিত বি পি এফৰ প্ৰাৰ্থী দুর্গাদাস বড়োৱে 3,10,574 টা ভোট লাভ কৰি তৃতীয় স্থানতেই সন্তুষ্ট থাকিবলগীয়া হ'ল ৷ বি পি এফে বৰপেটা আৰু শোণিতপুৰত ভোট ভাঙি বিজেপিক সহায় কৰিবলৈ প্ৰার্থী দিয়া বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছিল ৷ বৰপেটাত বি পি এফৰ প্ৰাৰ্থীজনে লাভ কৰিলে মাত্ৰ 9,692 টা আৰু শোণিতপুৰত লাভ কৰিলে মাত্ৰ 19,892 টা ভোট ৷

নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টী নিশ্চিহ্ন : এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত বড়ো ভোটাৰৰ লগতে অন্য জাতি-জনগোষ্ঠীৰ ভোটাৰৰ সমৰ্থন লাভ কৰাত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীৰ বিজয় সুনিশ্চিত হ'ল ৷ অবড়ো ৰাজনীতি কৰি সমষ্টিটো বিগত দুটা কাৰ্যকাল ধৰি গণ সুৰক্ষা পাৰ্টীৰ নেতা নৱ কুমাৰ শৰণীয়াৰ দখলত আছিল ৷

সমষ্টিটোৰ অবড়ো ৰাইজৰ সমস্যাক মূলধনৰূপে লৈ শৰণীয়া বিজয়ী হৈছিল ৷ অবড়ো ৰাইজৰ সমস্যা এতিয়াও আছে ৷ কিন্তু এইবাৰ সেই ইছ্যু নিৰ্বাচনত চৰ্চাৰ বিষয় নহ'ল ৷ নৱ কুমাৰ শৰণীয়াৰ ভুৱা জাতিগত প্ৰমাণ-পত্ৰৰ বিষয়টোৱে চৌদিশে প্ৰচাৰ লাভ কৰাত তথা ইউ পি পি এলৰ হৈ বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিৰ বন্যাই বড়ো-অবড়ো ইছ্যু তল পেলালে ৷

লগতে পঢ়ক: নিৰ্বাচনী আচৰণ বিধি উলংঘা ! ভোটাৰৰ মাজত ধন বিলাই থাকোঁতে হাতে-লোটে ধৰা পৰিল ইউপিপিএলৰ নেতা - Lok Sabha Election 2024

শৰণীয়াই সাংসদৰূপে ৰাইজৰ কাম সঠিকভাৱে কৰিব নোৱৰাৰ অভিযোগো আছে ৷ নৱ কুমাৰ শৰণীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিলে যদিও দলটোৰ হৈ কোকৰাঝাৰত শেষ মূহুৰ্তত প্ৰতিদ্বন্দ্বিতা কৰিছিল বিনীতা ডেকাই ৷ শেষ মুহূৰ্তত প্ৰতিদ্বন্দ্বিতা কৰিও ডেকাই লাভ কৰিলে 94,189 টা ভোট ৷

যদিহে গণ সুৰক্ষা পাৰ্টীয়ে কোকৰাঝাৰত সাংগঠনিক দিশত কাম কৰিব পাৰে, তেন্তে দলটো কিছু আগুৱাব পাৰিব ৷ গণ সুৰক্ষা পাৰ্টীয়ে এইবাৰ দৰং-ওদালগুৰি সমষ্টিত প্ৰার্থী দিছিল যদিও দলটোৰ হৈ নিৰ্বাচনী যুঁজত অংশ লোৱা স্বর্ণা দেৱীয়ে 11,112 টা ভোটতেই সন্তুষ্ট থাকিবলগীয়া হয় ৷

কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱৰ্তন : দুটাকৈ কাৰ্যকাল গণ সুৰক্ষা পাৰ্টীৰ নেতা নৱ কুমাৰ শৰণীয়াৰ হাতত থকাৰ পিছত এইবাৰ বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ প্ৰার্থী, বিধায়ক জয়ন্ত বসুমতাৰীয়ে কোকৰাঝাৰ লোকসভা সমষ্টি দখলৰ পিছতে কোকৰাঝাৰ লোকসভা সমষ্টি তথা বি টি চিত ৰাজনৈতিক পট পৰিৱৰ্তন হয় ৷ বিজেপিৰ মাৰাথন প্ৰচাৰে সমষ্টিটোত ইউ পি পি এলৰ প্ৰাৰ্থীজনৰ বিজয় নিশ্চিত কৰিলে ৷

উল্লেখ্য যে, জয়ন্ত বসুমতাৰী যোৱা বিধানসভা নিৰ্বাচনত ইউ পি পি এলৰ পৰা 31 নং চিদলী সমষ্টিৰ পৰা নিৰ্বাচন খেলি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ বিধায়ক হোৱাৰ পূৰ্বে জয়ন্ত বসুমতাৰী এবছুৰ কেন্দ্ৰীয় উপ সভাপতি আছিল ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এবছুৰ পৰা পদত্যাগ কৰি নিৰ্বাচন খেলি বিধায়ক হোৱাৰ পিচত এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে ইউ পি পি এলে জয়ন্ত বসুমতাৰীক কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল ৷

লগতে পঢ়ক: এইবাৰ বিপিএফ নিৰ্ঘাত হাৰিব : পীযুষ হাজৰীকা - Lok Sabha Election 2024

এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত ইউ পি পি এলে 4,88,995 টা ভোট লাভ কৰাৰ বিপৰীতে বি পি এফে 4,37,412 টা আৰু কংগ্ৰেছ দলে 1,13,736 টা ভোট লাভ কৰে ৷

উল্লেখ্য যে, 2014 চনৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিজয়ী হয় নৱ কুমাৰ শৰণীয়া । শৰণীয়াই 6,34,428 টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা নিৰ্দলীয় প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই লাভ কৰে 2,78,649 টা ভোট । তৃতীয় স্থানত থকা বি পি এফ প্ৰাৰ্থী চন্দন ব্ৰহ্মই 2,98,985 টা ভোট লাভ কৰাৰ বিপৰীতে ন’টাত পৰে 18,183 টা ভোট ।

2019 চনত সমষ্টিটোৰ সাংসদ হয় নৱ কুমাৰ শৰণীয়া ৷ 2019 চনত নৱ কুমাৰ শৰণীয়াই 4,84,560 টা ভোট লাভ কৰি সমষ্টিটোৰ পৰা দ্বিতীয়বাৰৰ বাবে জয়ী হৈছিল ৷ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী বি পি এফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই লাভ কৰিছিল 4,46,774 টা আৰু ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই লাভ কৰিছিল 3,12,435 টা ভোট ৷

লগতে পঢ়ক: কোকৰাঝাৰত বিজয়ৰ হাঁহি মাৰিলে ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.