ETV Bharat / politics

কি আছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ? - BJP manifesto - BJP MANIFESTO

BJP manifesto: শাসকীয় বিজেপিয়ে দেওবাৰে বহু প্ৰত্যাশিত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে । ইউনিফৰ্ম চিভিল কোড আৰু এক ৰাষ্ট্ৰ, এক নিৰ্বাচন ৰূপায়ণকে ধৰি দলটোৱে অসংখ্য প্ৰতিশ্ৰুতি দিছে ।

BJP manifesto
কি আছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত
author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 1:58 PM IST

নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দেওবাৰে শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে । য'ত ইউনিফৰ্ম চিভিল কোড আৰু এক ৰাষ্ট্ৰ, এক নিৰ্বাচন ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । ইয়াৰ উপৰিও 'বিকশিত ভাৰত'ৰ ৪ টা স্তম্ভ হিচাপে মহিলা সৱলীকৰণ, যুৱ শক্তি, কৃষক আৰু দৰিদ্ৰ লোকক ৰখা হৈছে ।

ইস্তাহাৰ মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নিৰ্বাচনী ইস্তাহাৰত বিকশিত ভাৰতৰ চাৰিটা স্তম্ভৰ ওপৰত গুৰুত্ব দিয়া হৈছে- মহিলা শক্তি, যুৱ শক্তি, কৃষক আৰু দৰিদ্ৰ । ইস্তাহাৰে জীৱনৰ মৰ্যাদা আৰু জীৱনৰ মানদণ্ড লগতে সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে চৰকাৰে প্ৰতিটো ঘৰলৈ পাইপযোগে গেছৰ যোগান ধৰা আৰু সৌৰ শক্তিৰ জৰিয়তে বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ ওপৰতো গুৰুত্ব দিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে ।

দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত ইস্তাহাৰ মুকলি অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাৰ লগতে অন্যান্য নেতাসকল উপস্থিত থাকে । বিজেপিয়ে ইস্তাহাৰত উল্লেখ কৰিছে যে ২০২৫ বৰ্ষটো 'জনজাতীয় বৰ্ষ' হ'ব ।

ইস্তাহাৰত গুৰুত্ব দিয়া এক মুখ্য বিষয় হৈছে 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' আৰু 'এখন ভোটাৰ তালিকা'। ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ অভিপ্ৰায়ৰ কথা দোহাৰি বিজেপিয়ে ইস্তাহাৰত ভাৰতক 'বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ' হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰে ।

ইস্তাহাৰখনত 'ঐতিহ্যৰ পৰা বিকাশ'(Virasat Se Vikas) আৰু সমগ্ৰ বিশ্বতে উদযাপন কৰা ৰামায়ণ উৎসৱৰ বিষয়ে কোৱা হৈছে, অযোধ্যাত অধিক উন্নয়নৰ প্ৰতিশ্ৰুতিও দিছে । বিজেপিৰ ইস্তাহাৰত প্ৰশ্নকাকত ফাদিল, শিক্ষা নীতিৰ বিৰুদ্ধে আইন প্ৰস্তুত আৰু ২০৩৬ চনত অলিম্পিক আয়োজনৰ বিষয়েও কোৱা হৈছে ।

ইস্তাহাৰখনত ৩ কোটি লাখপতি বাইদেউ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে । ইয়াৰ উদ্দেশ্য হৈছে কৰ্কট ৰোগ, মহিলাসকলৰ বাবে প্ৰসাৱগাৰৰ বৰ্ধিত সংখ্যা আৰু মহিলা শক্তি বন্দন আইন ৰূপায়ণৰ ওপৰত অধিক সজাগতা অনা ।

প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু একে শ্ৰেণীৰ লোকসকলক ই-শ্ৰম পৰ্টেলৰ সৈতে সংযুক্ত কৰা হ'ব আৰু তেওঁলোকে ইয়াৰ অধীনত প্ৰদান কৰা সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব বুলিও ইস্তাহাৰত কোৱা হৈছে ।

লগতে পঢ়ক :অসমলৈ আহিব প্ৰধানমন্ত্ৰী; বঙাইগাঁৱত উপস্থিত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.