ETV Bharat / politics

চামগুৰিত বিজেপি সমৰ্থকৰ বিৰুদ্ধে ৰাহুল গান্ধীক অপদস্থ কৰাৰ অভিযোগ

BJP supporters attack on Rahul Gandhi : কলিয়াবৰ সমষ্টিৰ নলতলীৰ এখন সভাৰ পৰা উভতাৰ পথতে ৰাহুল গান্ধীৰ পদযাত্ৰাত আক্ৰমণ ৷ লগতে একাংশ প্ৰতিবাদকাৰীয়ে ৰাহুল গান্ধীক ক’লা পতাকা পদর্শন কৰি অপদস্থ কৰে । পৰৱৰ্তী সময়ত ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে ঘটনাস্থলীত উপস্থিত হৈ সুৰক্ষিত বাবে উক্ত স্থানৰ পৰা আঁতৰাই নিয়ে কংগ্ৰেছ নেতাগৰাকীক ।

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 9:32 PM IST

Updated : Jan 23, 2024, 10:53 AM IST

BJP workers attacked Bharat Jodo Nyay Yatra
ৰাহুল গান্ধীৰ পদযাত্ৰাত আক্ৰমণ
ৰাহুল গান্ধীৰ পদযাত্ৰাত আক্ৰমণ

নগাঁও, 21 জানুৱাৰী : অসমত প্ৰৱেশ কৰিয়েই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগাত পৰিছে ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ দেওবাৰে পুৱতি নিশা লখিমপুৰত ন্যায় যাত্ৰাৰ বেনাৰ-পোষ্টাৰ ফালি পেলোৱা হৈছিল ৷ তাৰ পাচতে ‘‘ভাৰত জোড়ো ন্যায় যাত্ৰা’’ত বিধিপথালি দিবলৈ চেষ্টা কৰা বিজেপি সমৰ্থকে দেওবাৰে দিনৰ ভাগত ৰাহুল গান্ধীৰ কনভয়ত আক্ৰমণ কৰে ৷

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত শাৰীৰিক আক্ৰমণৰ সন্মুখীন হ’ব লগাত পৰিছে ন্যায় যাত্ৰাত অংশগ্ৰহণকৰাৰী কংগ্ৰেছ নেতা-কৰ্মীৰ লগতে সমৰ্থকো ৷ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়তে বিজেপি সমৰ্থকে অসম প্ৰদেশ কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চ, অসমৰ সভাপতি ভূপেন বৰাক শাৰীৰিকভাৱে আক্ৰমণ কৰে ৷ বিজেপি সমৰ্থকৰ আক্ৰমণত গুৰুতৰভাৱে মুখমণ্ডলত আঘাত পায় ভূপেন কুমাৰ বৰাই ৷

লগতে পঢ়ক : তিনি বজাৰ পূৰ্বে গুৰুজনাৰ জন্মস্থানত উপস্থিত হ'ব নোৱাৰিব ৰাহুল গান্ধী !

একেটা দিনাই অৰ্থাৎ দেওবাৰে বিয়লিৰ ভাগত কলিয়াবৰ সমষ্টিৰ নলতলীৰ এক সভাত অংশগ্ৰহণ কৰি উভতাৰ পথত ৰাহুল গান্ধীৰ যাত্ৰাক বাধা দিয়াৰ চেষ্টা কৰে একাংশ লোকে ৷ চামগুৰি সমষ্টিৰ লাওখোৱাৰ পৰা পদযাত্ৰা কৰি আহি থকা পথতে ৰাহুল গান্ধীক ক’লা পতাকা পদর্শন কৰি একাংশ লোকে সাব্যস্ত কৰে প্ৰতিবাদ । এফালে যদি ৰাহুল গান্ধী জিন্দাবাদ, আনফালে আকৌ ৰাহুল গান্ধী মুর্দাবাদ ধ্বনি দি একাংশ প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে পৰিৱেশ ৷

আনকি একাংশ বিজেপিৰ প্ৰতিবাদী লোকে এই পদযাত্ৰাত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ সমৰ্থকৰ ওপৰত আক্ৰমণ চলায় । বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সৃষ্টি হোৱা এই সংঘাতৰ মাজতে আকৌ কোনো দুষ্ট প্ৰবৃত্তিৰ লোকে সংবাদ মাধ্যমৰ বাহনতো আক্ৰমণ কৰে ৷ অৱশ্যে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলায় ।

এই প্ৰতিবাদৰ ফলত উক্ত স্থানতে প্ৰায় ২০ মিনিট সময় আবদ্ধ হৈ পৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । পৰৱৰ্তী সময়ত ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ ঘটনাস্থলীত উপস্থিত হৈ সুৰক্ষিত বাবে আঁতৰাই নিয়ে কংগ্ৰেছ নেতাগৰাকীক ।

লগতে পঢ়ক : বিজেপি কৰ্মী দ্বাৰা চামগুৰিত উপমানিত হ’ল ৰাহুল গান্ধী !

Last Updated : Jan 23, 2024, 10:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.