ETV Bharat / politics

বিধায়ক পদ ত্যাগ কৰি আবেগিক ৰঞ্জিত দত্ত - Ranjit Dutta resigns as MLA - RANJIT DUTTA RESIGNS AS MLA

Ranjit Dutta resignation : বিধায়ক পদৰ পৰা পদত্যাগ কৰি আৱেগিক হৈ পৰিল ৰঞ্জিত দত্ত ৷ ৰোমন্থন কৰিলে বিধানসভাৰ মজিয়াৰ স্মৃতি ৷ 2001 চনৰ পৰা বিধায়ক পদত আছিল জ্যেষ্ঠ বিজেপি নেতাগৰাকী ৷

Ranjit Dutta resignation
বিধায়ক পদ ত্যাগ কৰিলে ৰঞ্জিত দত্তই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 3:38 PM IST

গুৱাহাটী, ১৮ জুন : সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ‌ পিচত মঙলবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত দত্তই বিধায়ক পদ ত্যাগ কৰে । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক তেওঁ পদত্যাগ পত্ৰ অৰ্পণ কৰে ।

বিধায়ক পদ ত্যাগ কৰিলে ৰঞ্জিত দত্তই (ETV Bharat Assam)

ইপিনে বিধায়ক পদ ত্যাগ কৰি আৱেগিক পৰে বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত দত্ত । পুৰণি বিধানসভাৰ সদনৰ নিজৰ আসনত তেওঁ বহি ৰোমন্থন কৰিলে পুৰণি কথাবোৰ ৷ সংবাদিকসকলক সম্বোধন কৰি তেওঁ কয়, ‘‘২০০১ চনৰ পৰা মই চাৰিবাৰকৈ বিধায়ক হৈছো ৷ বিধায়ক পদ ত্যাগ কৰি আজি দুখ লাগিছে ৷ বিৰোধীত থকাৰ সময়ত মই উপ-দলপতি পৰ্যন্ত হৈছিলো । সেই কথাবোৰ আজি বিধায়ক পদ ত্যাগ কৰি মনত পৰিছে ৷’’

লগতে পঢ়ক: ৩ বছৰত বিধানসভাত এটাও লিখিত প্ৰশ্ন নকৰা দুগৰাকী সংসদলৈ !

তেওঁ কয় যে ভৱিষ্যতে বিহালীৰ উপ-নিৰ্বাচনত তেওঁৰ দৰে এগৰাকী বিধায়ক বিচাৰে । সমষ্টিটোৰ ৰাইজৰ সৈতে যিয়ে মিলি যাব পাৰিব তেনে প্ৰাৰ্থী হ'ব লাগে । পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি অহাৰ ইচ্ছা নাই বুলি ৰঞ্জিত দত্তই মন্তব্য কৰে । ৰাজনীতিত অৱসৰ বুলি এটা কথা থাকে বুলি কয় ৰঞ্জিত দত্তই । পিচত তেওঁ এই বিষয়ত অৱগত কৰিব বুলিও উল্লেখ কৰে । তদুপৰি ৰঞ্জিত দত্তই কয় যে সমষ্টি পুনৰনিৰ্ধাৰণৰ ফলত বিহালীত তেওঁ নিৰ্বাচন খেলাৰ সুযোগো নাই । পল্লৱলোচন দাস বিহালীত উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হ’বনে নহয় সেয়া দল আৰু নেতৃত্বই সিদ্ধান্ত ল’ব বুলি তেওঁ মন্তব্য কৰে ।

উল্লেখ্য যে শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই নিকটতম প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰেমলাল গঞ্জুক তিনি লাখ ৫৭ হেজাৰ আঠশ ভোটত পৰাভূত কৰে ৷ দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি দত্তই লাভ কৰে ৭,৬৮,২৭০টা ভোট ৷ আনহাতে কংগ্ৰেছৰ প্ৰেমলাল গঞ্জুৱে ৪,১০,৪৭০টা ভোট লাভ কৰে ৷

লগতে পঢ়ক: দেশৰ নিৰ্বাচনত ই ভি এমত কিমান ত্ৰুটি পোৱা গ’ল ? নিৰ্বাচন আয়োগক তথ্য বিচাৰিছে গৌৰৱ গগৈয়ে

উল্লেখ্য যে শোণিতপুৰ লোকসভা সমষ্টিত মুঠ আঠজন প্ৰাৰ্থী এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৷ এইসকলৰ ভিতৰত আম আদমি পাৰ্টীৰ ঋষিৰাজ কৌণ্ডিন্যই ৩২,৬৯২টা ভোট, বিপিএফৰ ৰাজু দেউৰীয়ে ১৯,৫১৫টা, বহুজন সমাজ পাৰ্টীৰ আলম আলীয়ে ৪,১৬৯টা, ভিপিআইৰ কামেশ্বৰ দেউৰীয়ে ৭,২৫৪টা, গণশক্তি পাৰ্টীৰ প্ৰাৰ্থী ৰিংকু ৰয়ে ৬,৭৫৯টা, নিৰ্দলীয় প্ৰদীপ ভাণ্ডাৰীয়ে ৮,০৯৪টা ভোট লাভ কৰাৰ বিপৰীতে নটাত ১৮,৪৫৯টা ভোট পৰে ।

মন কৰিবলগীয়া যে শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাবে বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত বিজয়ী হোৱাৰ পিচৰে পৰা উপ-নিৰ্বাচন আসন্ন হৈ পৰা বিহালী সমষ্টিত স্বাভাৱিকতে চৰ্চা চলিছে কোন হ’ব ৰঞ্জিত দত্তৰ উত্তৰসূৰী ? ইতিমধ্যে বিহালী বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে শাসক-বিৰোধী উভয়ে কুচকাৱাজ আৰম্ভ কৰিছে ৷ নিৰ্বাচনৰ দিন ঘোষণা নোহোৱাকৈয়ে একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক: কমি আহিছে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.