ETV Bharat / politics

বিৰোধীৰ হাতত গোলা-বাৰুদো নাই, বন্দুকো নাই: বিজন মহাজন

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 10:04 PM IST

BJP Legal Cell Assam: বিজেপিৰ আইনী কোষৰ উদ্যোগত যোৰহাটত অনুষ্ঠিত হয় অধিবক্তা সন্মিলন ৷ অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা বিজন মহাজন ৷

BJP Lawyers Conference Jorhat
যোৰহাটত বিজেপিৰ আইনী কোষৰ অধিবক্তা সন্মিলন

যোৰহাট, ২৫ ফেব্ৰুৱাৰী : যোৰহাটৰ বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টী, যোৰহাট জিলা আইন কোষৰ উদ্যোগত আজি অনুষ্ঠিত হয় অধিবক্তা সন্মিলন । উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজন মহাজন ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি অধিবক্তাগৰাকীয়ে ‘অভিন্ন দেবানী বিধি আৰু ইয়াৰ প্ৰাসংগিকতা’ সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷ তেওঁ কয় যে মুছলাম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন- ১৯৩৫ অসম চৰকাৰৰ কেবিনেটে বাতিল কৰিছে । নিশ্চিতকৈ ই এক যুগান্তকাৰী পদক্ষেপ । মুছলমান মহিলাৰ উন্নতিকৰণ আৰু সৱলীকৰণৰ দিশত এক উল্লেখনীয় পদক্ষেপ বুলি মন্তব্য কৰে বিজন মহাজনে ৷

আনহাতে যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই ভাষণ প্ৰসংগত যোৰহাট জিলা আইন কোষৰ প্ৰথমখন আলোচনা সত্ৰ অনুষ্ঠিত হোৱাৰ বাবে ৰাজ্যিক সমিতিক ধন্যবাদ জনায় ৷ যিকোনো অনুষ্ঠানৰ গতিশীলতা আনিবলৈ হ'লে অনুষ্ঠানৰ প্ৰতি থকা দায়বদ্ধতাই সাংগঠনিক দৃষ্টিভংগী তথা পৰিসৰ অধিক শক্তিশালী কৰি তোলে বুলি মন্তব্য কৰে হেমন্ত কলিতাই ৷ ইয়াৰোপৰি তেওঁ কয় যে বৰ্তমান ভাৰতীয় জনতা পাৰ্টি এক বৃহৎ দল হিচাপে পৰিগণিত হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ভাৰতীয় জনতা পাৰ্টীৰ আইন কোষৰ আধুনিক মন আৰু চিন্তাই যোৰহাটক নতুন মাত্ৰা প্ৰদান কৰিব বুলি উল্লেখ কৰি সকলোৰে সহায়-সহযোগিতা বিচাৰে হেমন্ত কলিতাই । ইফালে জয়ন্ত গোস্বামীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে ভাবে যে উকীলসকল অপিনিয়ন মেকাৰ । পজিটিভ চিন্তা লৈ অসমৰ ক্ষেত্ৰত আওপুৰণি ব্যৱস্থাৰ সমাপ্তি কৰি বিজেপি চৰকাৰে নতুনত্ব আনিলে ।

অসমত ৫০ হাজাৰ অধিবক্তা আৰু ৫৩ খন বাৰ এচ'চিয়েশ্যন আছে বুলি সদৰী কৰে জয়ন্ত গোস্বামীয়ে । আনহাতে সমাগত লোকসভা নিৰ্বাচনৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে লাভ কৰাৰ বাবে অধিবক্তাসকলৰো সহায়-সহযোগিতা বিচাৰে জয়ন্ত গোস্বামীয়ে ।

অপিনিয়ন মেকাৰ হিচাপে অধিবক্তাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হকে কাম কৰিব লাগিব বুলি মন্তব্য কৰে বিজেপি আইন কোষৰ ৰাজ্যিক আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়ে ।

লগতে পঢ়ক: চাৰে এঘাৰৰ অংক সলনি; মুখ্যমন্ত্ৰীৰ মতে 11 খন আসনত বিজেপিৰ জয় নিশ্চিত অসমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.