ETV Bharat / politics

বিজেপি চৰকাৰে এইবাৰ সংবিধান সলনি কৰিব বিচাৰিছে : প্ৰদ্যুৎ বৰদলৈ - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

Nagaon Lok Sabha constituency: নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ ভূপেন বৰা আৰু লুৰীণজ্যোতি গগৈৰ । ডুমডুমীয়াত কংগ্ৰেছৰ ৰাজহুৱা সভাত বিজেপি, এ আই ইউ ডি এফক তীব্ৰ সমালোচনা ।

Nagaon Lok Sabha constituency
কংগ্ৰেছৰ বিশাল সভা ডুমডুমীয়াত
author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 9:58 PM IST

কংগ্ৰেছৰ বিশাল সভা ডুমডুমীয়াত

নগাঁও, 22 এপ্ৰিল: নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ সোমবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী ঐক্যমঞ্চ সমৰ্থিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অজাপৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে । নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ধিং বিধানসভা সমষ্টিৰ ডুমডুমীয়াত অনুষ্ঠিত কংগ্ৰেছৰ এক বিশাল সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ লগতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে ভূপেন বৰা, লুৰীণজ্যোতি গগৈৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ।

এই সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত বিজেপি আৰু এ আই ইউ ডি এফক কটাক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়," কংগ্ৰেছ চৰকাৰৰ দিনত ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ শ্লোগান আছিল । বিজেপি চৰকাৰৰ শ্লোগান হৈছে ৰাইজৰ পদূলিত মদৰ দোকান ।” সভাখনত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কয়,“বিজেপি চৰকাৰে এইবাৰ সংবিধান সলনি কৰিব বিচাৰিছে ।” এ আই ইউ ডি এফকো কটাক্ষ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয়, “নগাঁৱত এ আই ইউ ডি এফে ভোট বিভাজন কৰি বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক জয়ী কৰাব বিচাৰিছে ।”

ধিং বিধানসভা সমষ্টিৰ ডুমডুমীয়াত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি বিৰোধী ঐক্যমঞ্চ সমৰ্থিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অজাপৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে কয়,“এইবাৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰত্যক্ষভাৱে ৰাইজৰ যুঁজ হৈছে ।"

সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত প্ৰদ্যুৎ বৰদলৈৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, লুৰীণজ্যোতি গগৈ, নগাঁও জিলা কংগ্ৰেছৰ নেতা মাণিক আলী, হাইদৰ আলীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:মুকলি বিতৰ্কৰ বাবে প্ৰদ্যুৎ বৰদলৈক প্ৰত্য়াহ্বান আমিনুল ইছলামৰ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.