ETV Bharat / politics

এই জয় ৰাইজৰ জয়: কামাখ্যা প্ৰসাদ তাছা - assam lok sabha election results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 9:08 AM IST

BJP Candidate Kamakhya Prasad Tasa wins : বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীক মুঠ 3,04,969 টা ভোটত পৰাজিত কৰি 10 নং কাজিৰঙা লোকসভা সমষ্টিত জয়ধ্বজা উৰুৱায় ৷

ASSAM LOK SABHA ELECTION RESULTS 2024
এই জয় ৰাইজৰ জয় - কামাখ্যা প্ৰসাদ তাছা (etv bharat assam)

গোলাঘাট, 5 জুন: মঙলবাৰে সমগ্ৰ দেশৰ লগতে অসমত অনুষ্ঠিত হৈ যোৱা ষষ্ঠদশ লোকসভা নিৰ্বাচনৰ ভোটগণনা সম্পন্ন হয় ৷ কলিয়াবৰ, বঢ়মপুৰ, বিন্নাকান্দি, হোজাই, লামডিং, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰকে লৈ 10 টা সমষ্টিক লৈ গঠিত 10 নং কাজিৰঙা লোকসভা সমষ্টিৰ ভোটগণনাও সমষ্টিটোৰ বিভিন্ন স্থানত সম্পন্ন হয় ৷

ফৰকাটিং মহাবিদ্যালয়ত স্থাপন কৰা ভোটগণনা কক্ষত জিলাখনৰ 103 নং গোলাঘাট, 104 নং দেৰগাঁও আৰু 106 নং খুমটাই বিধানসভা সমষ্টিৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় । এই ভোট গণনা প্ৰক্ৰিয়াত পুৱাৰ পৰাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই অগ্ৰগতি লাভ কৰে আৰু অন্ত পৰালৈকে এই অগ্ৰগতি অব্যাহত থাকে ।

বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীক মুঠ 3,04,969 টা ভোটত পৰাজিত কৰি জয়লাভ কৰে । 10 টা বিধানসভা সমষ্টিৰে গঠিত কাজিৰঙা লোকসভাত মুঠ 20,48,197 গৰাকী ভোটাৰে কামাখ্যা প্ৰসাদ তাছাক 10,53,731 টা ভোট প্ৰদান কৰাৰ বিপৰীতে প্রতিদ্বন্দ্বী ৰ'জলীনা তিৰ্কীক 7,48,762 টা ভোট প্ৰদান কৰে ।

উল্লেখ্য যে, লোকসভা সমষ্টিটোৰ পৰা ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ, অসম জন মৰ্চাৰ চেলিম আহমেদ, নিৰ্দলীয় প্ৰাৰ্থী বিনোদ গগৈ, দিলোৱাৰা বেগম চৌধুৰী, আব্দুল হক, ত্ৰিদিব জ্যোতি ভূঞা, জ্যোতিষ্ক ৰঞ্জন গোস্বামী, ভোটাৰছ পাৰ্টি ইন্টাৰনেশ্যনেলৰ অনিমা ডেকা গুপ্তা আৰু ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে)ৰ ছালেহ আহমেদ মজুমদাৰে কাজিৰঙা লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছিল ।

মন কৰিবলগীয়া যে কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ 1,84,528 গৰাকী ভোটাৰে তাছাক 1,01,607 টা আৰু তিৰ্কীক 39,854 টা ভোট প্ৰদান কৰে । বৰহমপুৰ বিধানসভা সমষ্টিতো মুঠ 2,28,826 ভোটাৰে তাছাক 1,06,271 টা আৰু তিৰ্কীক 71,532 টা ভোট প্ৰদান কৰে । বিনাকান্দি বিধানসভা সমষ্টিত মুঠ 2,55,190 গৰাকী ভোটাৰে তাছাক 40,920 টা ভোট আৰু তিৰ্কীক 1,54,164 টা ভোট প্ৰদান কৰে ।

আনহাতে, হোজাই বিধানসভা সমষ্টিৰ মুঠ 2,45,524 গৰাকী ভোটাৰে তাছাক 1,36,382 টা আৰু তিৰ্কীক 66,196 টাভোট প্ৰদান কৰে । লামডিং বিধানসভা সমষ্টিৰ মুঠ 2,40,421 গৰাকী ভোটাৰৰ তাছাক 1,28,555 টা ভোট আৰু তিৰ্কীক 61,116 টা ভোট প্ৰদান কৰে । গোলাঘাট বিধানসভা সমষ্টিৰ মুঠ 2,01,770 গৰাকী ভোটাৰৰ তাছাক 1,26,628 টা আৰু তিৰ্কীক 94,014 টা ভোট প্ৰদান কৰে । দেৰগাঁও বিধানসভা সমষ্টিৰ মুঠ 1,73,606 গৰাকী ভোটাৰে তাছাক 1,29,725 টা আৰু তিৰ্কীক 85,510 টা ভোট প্ৰদান কৰে । খুমটাই বিধানসভা সমষ্টিৰ মুঠ 1,66,411 গৰাকী ভোটাৰে তাছাক 1,25,193 টা আৰু তিৰ্কীক 82,398 টা ভোট প্ৰদান কৰে ।

বোকাখাট বিধানসভা সমষ্টিৰ মুঠ 1,58,191 গৰাকী ভোটাৰে তাছাক ৭৩,৪৩৪ টা আৰু তিৰ্কীক 38,364 টা ভোট প্ৰদান কৰে আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ মুঠ 1,93,697 গৰাকী ভোটাৰে তাছাক 80,739 টা আৰু তিৰ্কীক 52,641 টা ভোট প্ৰদান কৰে।

এই জয়ৰ পিচতে কামাখ্যা প্ৰসাদ তাছাই কয়, 'মই ৰাইজৰ ওচৰত সদায় দায়বদ্ধ হৈ থাকিম, এই জয় ৰাইজৰ জয় ৷ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে বিপুল জয়লাভ কৰাতো মোৰ কোনো কৃতিত্ব নহয় । ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত ৰাইজৰ ই এক সঠিক সিদ্ধান্ত । কাজিৰঙা সমষ্টিবাসী ৰাইজক কৃতজ্ঞতা জনোৱাৰ মোৰ কোনো ভাষা নাই ।'

ইয়াৰ লগতে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকৰ নেতৃত্বত অসমে আগন্তুক দিনত বিকাশৰ যাত্ৰা ত্বৰান্বিত কৰিব বুলি উল্লেখ কৰে । বিগত নিৰ্বাচনত সংবাদ মাধ্যমৰ নিৰপেক্ষ ভূমিকাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: লখিমপুৰত পুনৰ পদুম ফুলিলেও সন্তুষ্ট নহয় প্ৰদান বৰুৱা - lok sabha election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.