ETV Bharat / politics

বিজেপি দলৰ বৃহৎ জয় হ'ব বুলি আত্মবিশ্বাসী প্ৰদান বৰুৱা - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:44 PM IST

LS polls 2024: লখিমপুৰত যুদ্ধ ঘোষণা বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ। মঙলবাৰে লখিমপুৰৰ দলহাটত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি তেওঁ সাংবাদিকৰ আগত কয়, "যুদ্ধ হ'ব ! কিন্তু এই যুদ্ধত আমাৰ ভাল হ'ব ।"

LS polls 2024
Lok Sabha election 2024

বৃহৎ জয় হ'ব বুলি আত্মবিশ্বাসী প্ৰদান বৰুৱা

লখিমপুৰ ২ এপ্রিল: যুদ্ধ হ'ব । এইবাৰ নিৰ্বাচনত যুদ্ধ হ'ব । লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ এই হুংকাৰ । শেহতীয়াকৈ অসমৰ সংগীত জগতত খলকনি লগোৱা এটি গীত হল "যুদ্ধ হ'ব মৰমৰে, যুদ্ধ যৌৱনৰে ।" পিছে মঙলবাৰে লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱায়ো ক'লে যুদ্ধ হ'ব । তেওঁ ক'লে যুদ্ধ হ'ব ! কিন্তু ভাল হ'ব । এই যুদ্ধ হ'ব নিৰ্বাচনী ক্ষেত্রত ।

  • " class="align-text-top noRightClick twitterSection" data="">

লখিমপুৰ লোকসভা সমষ্টিত কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি প্ৰদান বৰুৱাই যুদ্ধ হ'ব কিন্তু ভাল হ'ব বুলি মন্তব্য কৰে । উল্লেখ্য মঙলবাৰে লখিমপুৰৰ দলহাট বজাৰৰ সমীপত বিশাল জনসভাত অংশগ্রহণ কৰি প্ৰদান বৰুৱাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি কয় নিৰ্বাচনত বিৰোধী দল থাকিবই । বিৰোধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবই । লখিমপুৰ সমষ্টিত প্ৰধান বিৰোধী দল কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক তেওঁ শুভেচ্ছা জ্ঞাপন কৰে । শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয় যুদ্ধ হ'ব । কিন্তু যুদ্ধত আমাৰ ভাল হ'ব ।

বিজেপিৰ প্ৰতি ৰাইজৰ আকৰ্ষণৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় এয়া নৰেন্দ্ৰ মোদীৰ চমক । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা দহটা বছৰে দেশৰ আৰ্থ সামাজিক, অৰ্থনৈতিক, আন্তঃগাঁঠনি, সামাজিক সুৰক্ষা আদিৰ ক্ষেত্ৰত যি কাম কৰি দেশক বিশ্বমানলৈ আগুৱাই নিছে সেয়াই ৰাইজক আকৰ্ষিত কৰিছে । আনহাতে বিজেপিৰ জন্মলগ্নৰ পৰাই যিসমূহ ইছ্যু আছিল সেই সমূহ বাস্তবায়িত কৰাটোও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্যতম কৃতিত্ব বুলি বৰুৱাই কয় ।

তেওঁ লগতে কয় যে ৰাম মন্দিৰ নিৰ্মাণ, তালাক প্ৰথা আদিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে সুন্দৰভাৱে কাম কৰিছে । মানুহৰ সৰু সৰু কামবোৰো প্ৰধানমন্ত্ৰীজনে সুন্দৰভাৱে সফলতাৰে সমাধান কৰিছে । ইয়াৰ বাবে ৰাইজ আকৰ্ষিত হৈছে আৰু নিৰ্বাচনত বিজেপি দলে আশানুৰূপ ফল লাভ কৰিব বুলি তেওঁ কয় । সভাখনত জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা, অগপৰ জিলা সভাপতি দীপক বৰদলৈ, কেন্দ্রীয় বিষয় ববীয়া জয়ন্ত খাউণ্ড আদি কেইবাজনো বিজেপি আৰু অগপৰ নেতাই অংশগ্রহণ কৰে ।

লগতে পঢ়ক: ফণীভূষণ চৌধুৰীৰ মন্তব্যত মনোৰঞ্জন তালুকদাৰৰ প্ৰতিক্ৰিয়া: ক'লে দীৰ্ঘায়ু হওক - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.