ETV Bharat / politics

ডিফুত ৫ লাখ ভোট লাভ কৰি জয়ী হ'ব বুলি দৃঢ় বিশ্বাসী বিজেপি প্ৰাৰ্থী অমৰছিং টিছ' - bjp candidate amar singh tisso

Diphu Lok Sabha constituency : ডিফু সমষ্টিত আছে ৮.৯০ লাখ ভোটাৰ । এই ভোটৰ ৫ লাখেই লাভ কৰিব বিজেপিয়ে । ডিফু লোকসভা সমষ্টিত ৫ লাখ ভোট লাভ কৰি জয়ী হ'ব বিজেপি প্ৰাৰ্থী অমৰছিং টিছ' । বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে দলীয় টিকট গ্ৰহণ কৰি তেওঁ এইদৰে দৃঢ়তাৰে কয় ।

Diphu Lok Sabha constituency
বিজেপি প্ৰাৰ্থী অমৰ সিং টিছ'
author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 10:19 PM IST

বিজেপি প্ৰাৰ্থী অমৰ সিং টিছ'

গুৱাহাটী, ২২ মাৰ্চ: ডিফু লোকসভা সমষ্টিত ৫ লাখ ভোট লাভ কৰি জয়ী হ'ব বিজেপি প্ৰাৰ্থী অমৰছিং টিছ'। এই দাবী খোদ অমৰছিং টিছ'ৰ । শুকুৰবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে দলীয় টিকট গ্ৰহণ কৰে ডিফু সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰছিং টিছ'ই । দলীয় টিকট গ্ৰহণ কৰাৰ পাচত সংবাদ মাধ্যমৰ আগত অমৰছিং টিছ'ই কয় যে ডিফু সমষ্টিত ৮.৯০ লাখ ভোটাৰ আছে । ইয়াৰ ভিতৰত কমেও ৫ লাখ ভোট বিজেপিয়ে লাভ কৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

ডিফুত বিৰোধী শক্তিশালী নহয় বুলি উল্লেখ কৰি তেওঁ দৃঢ়তাৰে ৫ লাখ ভোট লাভ কৰিব বুলি কয় । তেওঁ পুনৰ কয় যে ডিফুত কংগ্ৰেছৰ প্ৰাৰ্থী কোনো ফেক্টৰ নহয় । পাহাৰীয়া জিলাখনত এতিয়া কোনো ধৰণৰ সমস্যা নাই বুলি সদৰি কৰি তেওঁ কয় যে উগ্ৰপন্থীৰ সমস্যাৰ ক্ষেত্রত চুক্তি কৰা হৈছে । কেন্দ্ৰই বহু আঁচনি দিছে আৰু এইবাৰ আৰু অধিক আঁচনি লাভ কৰিব বুলি তেওঁ আশাবাদী ।

আনহাতে, এই বছৰ কাৰ্বি আংলঙৰ বাবে দুই হাজাৰ কোটি টকাৰো অধিক পুঁজিৰ ৰাস্তা নিৰ্মাণৰ কাম হাতত লোৱা হৈছে বুলি সদৰী কৰি ডিফু সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰছিং টিছ'ই কয় যে তেওঁ ৰাইজৰ ওচৰলৈ উন্নয়নৰ ইচ্ছ্যু লৈ যাব । পৰ্যটনৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ কথা সদৰী কৰি তেওঁ কয় যে অৰ্থনৈতিক উন্নয়নৰ বাবে পৰ্যটন ক্ষেত্রত অধিক কাম কৰিব লাগিব । উল্লেখ্য যে ডিফু লোকসভা সমষ্টিত কংগ্ৰেছ দলে জয়ৰাম ইংলেঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। লক্ষণীয় বিষয় যে ডিফু লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ হৰেনছিং বে'ৰ পৰিৱৰ্তে বিজেপিয়ে অমৰছিং টিছ'ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ডিফুত দ্বিতীয় পর্যায়ত ২৬ এপ্রিলত নির্বাচন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান সমৰজিত হাফলংবাৰৰ - Samarjit Haflongbar Joins BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.