ETV Bharat / politics

বিধানসভা নিৰ্বাচনত 100 খন আসন দখলৰ লক্ষ্য বিজেপিৰ : পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA IN GUWAHATI

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 7:59 PM IST

Assam Assembly Election 2026: বাজপেয়ী ভৱনত প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ । সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাসকল আনন্দত থকা বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ মন্ত্ৰীগৰাকীয়ে আৰুনো কি কি ক’লে জানিবলৈ চাওক এই প্ৰতিবেদন ৷

PABITRA MARGHERITA IN GUWAHATI
2026 চনলৈ ৰণনীতি তৈয়াৰত ব্যস্ত বিজেপি (ETV Bharat Assam)

গুৱাহাটী, 30 জুন: সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাসকল আনন্দত আছে । এই মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ । দেওবাৰে বাজপেয়ী ভৱনত প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠান শুনাৰ পাছত সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

গুৱাহাটী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)

ইয়াৰ পূৰ্বে এনে ফলাফল পোৱা নাছিল বুলি সদৰী কৰি মাৰ্ঘেৰিটাই কয় যে, পূৰ্বে বিজেপিয়ে সৰ্বাধিক ৯ খন আসন লাভ কৰিছিল আৰু এইবাৰ ১১ খন আসন লাভ কৰিছে । যাৰবাবে দলৰ কৰ্মকৰ্তাসকল আনন্দত আছে । চৰকাৰ গঠন কৰিবলৈ ১২৬ টা সমষ্টিৰ ভিতৰত ৬৪ টা সমষ্টিত জয়লাভ কৰিব লাগে । এইবাৰৰ লোকসভা নিৰ্বাচনত ৯৩ টা সমষ্টিত জয় লাভ কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে, যাৰ বাবে এক উৎসৱমুখৰ পৰিৱেশ হৈছে ।

লগতে পঢ়ক: গৌৰৱ গগৈৰ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্য ভুল: পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA VISITS GUWAHATI

কেতবোৰ সমষ্টিত ভোটৰ হাৰ হ্ৰাস পোৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷ তেওঁ কয় যে, সোণাৰি, নাওবৈচা, শিৱসাগৰ, বিলাসীপাৰা আদি সমষ্টিত ভোটৰ হাৰ হ্ৰাস পাইছে, যি হ’ব নালাগিছিল । এই হ্ৰাসৰ কাৰণ সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব বুলি সদৰী কৰি ভোট বৃদ্ধি পোৱা সমষ্টিৰ ক্ষেত্ৰতো পৰ্যালোচনা কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

আনহাতে, পূৰ্বৰ তুলনাত ফলাফল ভবাতকৈ ভাল হোৱা বুলি উল্লেখ কৰি বহু সমষ্টিত ৫০ হাজাৰতকৈ বেছি ভোটৰ ব্যৱধানত বিজেপি জয়ী হোৱা বুলিও মন্তব্য কৰে মন্ত্ৰী মাৰ্ঘেৰিটাই । ৭২ টা সমষ্টিত ২৫-৩০ হাজাৰ ভোটৰ ব্যৱধানত দলীয় প্ৰাৰ্থী জয়ী হোৱা বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ পিচত প্ৰথমবাৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত পবিত্ৰ মাৰ্ঘেৰিটা - Union Minister Pabitra Margherita

জয়ী হোৱা ৯৩ টা সমষ্টিক ১০০ টালৈ বৃদ্ধি কৰাৰ সন্দৰ্ভত বিজেপিৰ চিন্তা-চৰ্চা চলি আছে । যোৰহাট আৰু নগাঁৱত পৰাজয়বৰণ কৰাৰ উপৰিও ধুবুৰীত ভোটৰ ব্যৱধান বহুত বাঢ়ি যোৱা বুলি পবিত্ৰ মাৰ্ঘেৰিটাই কয় ৷ প্ৰত্যেকটো সমষ্টি সকলোৰে বাবে শ্ৰদ্ধাৰ আৰু গুৰুত্বপূৰ্ণ । ভোটৰ হাৰ বৃদ্ধিৰ বাবে প্ৰত্যেকটো সমষ্টিকে সমমৰ্যদা দি সমবিশ্লেষণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

উল্লেখ্য যে, সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে এঘাৰখন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে তিনিখনকৈ আসন । কিন্তু আসন বেছি লাভ কৰিলেও সামগ্ৰিকভাৱে ভোটৰ হাৰ বিজেপিতকৈ কংগ্ৰেছৰ বেছি আছিল । বহু বিধানসভা সমষ্টিত বিজেপিৰ প্ৰদৰ্শন ভাল নাছিল । তথাপিও কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ১০০ খন আসনৰ সপোন দেখিছে মোদী মন্ত্ৰীসভাত নতুনকৈ স্থান পোৱা পবিত্ৰ মাৰ্ঘেৰিটাই ।

লগতে পঢ়ক: সৌভাগ্যৱান পবিত্ৰ মাৰ্ঘেৰিটা : মোদী মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ - Pabitra Margherita sworn in as Minister of State

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.