বাক্সা, ২৯ মাৰ্চ: বিটিআৰত এতিয়া বড়ো-অবড়ো নাই বুলি কৈছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ নৱ কুমাৰ শৰণীয়া সাংসদ হোৱাৰ সময়ত বিটিআৰত বিজেপিৰ ভেটি নাছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ক’লে যে তেতিয়া কান্দিলে চকুলো মচা মানুহ নাছিল বিজেপিৰ । এতিয়া বিটিআৰত বিজেপিৰ ভেটি মজবুত হৈছে ।
- " class="align-text-top noRightClick twitterSection" data="">
বিটিআৰৰ ৰাইজে বড়ো-অবড়ো নকৰে এতিয়া বুলি উল্লেখ কৰি ৰণজিৎ কুমাৰ দাসে কয় যে সেয়ে সাংসদ নৱ কুমাৰ শৰনীয়াৰ ভোটবেংক নাই কোকৰাঝাৰ লোকসভা সমষ্টিত ৷ বিটিআৰত বিজেপি মিত্ৰজোঁটৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত শান্তি প্ৰতিষ্ঠা হোৱা বুলি অহোপাৰ বিজেপি দলৰ বুথ সমিতিৰ সভাত ক’লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ’ব বুলি মন্তব্য কৰি বি পি এফক কেৱল হাগ্ৰামাৰ কাৰ্যকালৰ ঠিকাদাৰ বা দালালসকলেহে ভোট দিব বুলি ক’লে মন্ত্ৰীগৰাকীয়ে । ইফালে কংগ্ৰেছ-এআইডিইউ এফ বাৰিষাৰ ভেকুলী বুলি মন্তব্য কৰিলে মন্ত্ৰী দাসে ৷ বাৰিষা আহিলে যিদৰে ভেকুলীয়ে মাতে, তেনেদৰে নিৰ্বাচন আহিলেহে কংগ্ৰেছ-এ আই ইউ ডি এফ ওলাই আহে বুলি ক’লে মন্ত্ৰীগৰাকীয়ে ।
আনহাতে পৱিত্ৰ আত্মাৰ জনসাধাৰণ বিজেপি দলৰ লগত আছে বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ৷ প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মাই লেতেৰা হৈ থকা বিটিআৰৰ চোতালখন লাহে-লাহে চাফা কৰিলে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া যিসকল লোকে লেতেৰা পৰিৱেশ বিচাৰে তেওঁলোক হাগ্ৰামা মহিলাৰীৰ লগত আছে ৷
বুথ কমিটিৰ সভাত বি টি চি ই এম গৌতম দাস, বিজেপিৰ বাক্সা জিলা নেতৃত্ব উপস্থিত থাকে ।
লগতে পঢ়ক: কংগ্ৰেছে বিজেপিৰ লগত মিতিৰালি কৰিছে: অভিযোগ ৰিপুণ বৰাৰ