ETV Bharat / politics

আজমলৰ অথন্তৰ; এখন সভাত সমৰ্থকক চৰ, আন এখনত দলীয় কৰ্মীৰ সাংবাদিকক প্ৰহাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 10:50 PM IST

Lok Sabha Election 2024
Dhubri LS seat

Dhubri LS seat: আজি দিনটো যেন ভালে যোৱা নাই ধুবুৰী লোকসভাৰ AIUDF-ৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ ৷ কাৰণ আজমলৰ কোনোবা এখন সভাত যদি কাণতলীয়া চৰ, আন কোনোবা সভাত আকৌ সংবাদকৰ্মীক খেদি খেদি আক্ৰমণ দলীয় কৰ্মীৰ । বুধবাৰৰ দিনটো যেন আজমলৰ বাবে খুবেই বেয়া আছিল ।

আজমলৰ অথন্তৰ

ধুবুৰী, ১ মে': বুধবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ধুবুৰীৰ গৌৰীপুৰৰ বালাজনত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত আজমলক তুলা-ধূনা দি তীব্র সমালোচনা কৰি যায় ৷ পিছে প্ৰিয়ংকাক প্ৰত্যুত্তৰ দিবলৈ আজমলে ভালদৰে সময় নৌপাওঁতেই মানকাচৰত আজমলৰ নিৰ্বাচনী প্ৰচাৰ সভাত লাগিল অথন্তৰ । ধৈৰ্যচ্যুতি ঘটিল আজমলৰ ।

দলীয় কৰ্মীক মঞ্চৰ ওপৰতে শোধালে প্ৰচণ্ড চৰ । ঘটনাৰ পিছতেই হতভম্ভ সকলো । তাতেই শেষ নহ'ল আজমলৰ অথন্তৰ । ধুবুৰীৰ গৌৰীপুৰৰ ৰূপচী এলেকাতো তেনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ল আজমল । সভাত একাংশ উত্তেজিত AIUDF কৰ্মীয়ে হঠাৎ একাংশ সংবাদকৰ্মীক দলবদ্ধভাৱে খেদি খেদি আক্ৰমণ কৰা ঘটনাই সৃষ্টি কৰিছে তীব্র প্ৰতিক্ৰিয়াৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

গৌৰীপুৰৰ দাওভাঙিত AIUDF দলৰ নিৰ্বাচনী সভাত বিধায়ক নিজানুৰ ৰহমানৰ উপস্থিতিত বিধায়কৰ একাংশ ভেৰোণীয়া গুণ্ডাৰ আক্ৰমণৰ বলি হয় একাংশ সাংবাদিক । কৰ্তব্যৰত একাংশ সংবাদকৰ্মীক সভাস্থলীত থকা চকী লৈ খেদি খেদি AIUDF কৰ্মীয়ে আক্ৰমণ কৰে । ফলত সৃষ্টি হয় এক ভয়াৱহ পৰিস্থিতিৰ । গুৰুতৰভাৱে আহত এজন স্থানীয় সাংবাদিক ।

উল্লেখ্য যে, হেলিকপ্টাৰযোগে আজমল দুপৰীয়াৰ ভাগত সভাত উপস্থিত হোৱাৰ কথা আছিল যদিও সন্ধিয়ালৈ সভাত উপস্থিত নোহোৱাত একাংশ ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু সাংবাদিকৰ আগত ক্ষোভ ব্যক্ত কৰে । তেনে সময়তে ভুল বাতৰি পৰিবেশন কৰা বুলি মঞ্চৰ পৰা বিধায়কে উচতনিমূলক মন্তব্য কৰাৰ পিছতেই একাংশ দলীয় কৰ্মীয়ে হাতত প্লাষ্টিকৰ চকী লৈ সাংবাদিকক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে ।

মানকাচৰৰ এখন সভাতো আজমলে দলীয় কৰ্মীক চৰিওৱাৰ পিছত AIUDF দলৰ কৰ্মীৰ উগ্ৰৰূপ দেখা গ'ল ধুবুৰীৰ গৌৰীপুৰৰ আন এখন সভাত । ঘটনাৰ পিছতেই ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষীৰ এটি দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আহত সংবাদকৰ্মীক সম্প্ৰতি প্ৰাথমিক চিকিৎসাৰ বাবে হাস্পতাল লৈ প্ৰেৰণ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: টকাৰ কাৰণে নিজৰ মাক- ভনীয়েকক বিক্ৰী কৰি দিব পাৰে অখিল-লুৰীণে: আজমল - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.