ETV Bharat / politics

কংগ্ৰেছ চৰকাৰে ছয় জনগোষ্ঠীক প্ৰদান কৰিব জনজাতিৰ স্বীকৃতি;গৌৰৱ গগৈ - Lok Sabha Election

Lok Sabha Election 2024: যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যৰ প্ৰক্ষেপিত প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈয়ে আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ ৷ বিজেপি সাংসদ ৰামেশ্বৰ তেলী আৰু সাংসদ পল্লৱলোচন দাসৰ টিকট কৰ্তন হোৱাৰ কাৰণ বাখ্যা কৰিলে গগৈয়ে ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো আশ্বাস প্ৰদান কংগ্ৰেছ নেতাজনৰ ৷

Congress government will grant tribal status to six ethnic groups MP Gaurav Gogoi assured
কংগ্ৰেছৰ চৰকাৰে ছয় জনগোষ্ঠীক প্ৰদান কৰিব জনজাতিকৰণৰ মৰ্যাদা;গৌৰৱ গগৈ
author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 7:15 AM IST

Updated : Mar 18, 2024, 9:24 AM IST

গৌৰৱ গগৈ

মৰাণ, 18 মাৰ্চ: বিজেপি সাংসদ তপন কুমাৰ গগৈৰ গৃহ সমষ্টিত নিবাৰ্চনী ৰণশিঙা বজালে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যৰ প্ৰক্ষেপিত প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈয়ে ৷ নিৰ্বাচনৰ সময়সূচী প্ৰকাশ হোৱাৰ পাচতেই যোৰহাট লোকসভা সমষ্টিত জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ।

সাংসদগৰাকীয়ে দেওবাৰে চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা সমষ্টিত চলায় প্ৰচাৰ অভিযান । প্ৰচাৰ অভিযানৰ মাজতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বৰ্তমানৰ বিজেপি সাংসদ ৰামেশ্বৰ তেলী আৰু সাংসদ পল্লৱলোচন দাসৰ টিকট কৰ্তন প্ৰসংগও উত্থাপন কৰে গগৈয়ে ৷ সংশ্লিষ্ট সমষ্টিটোবোৰত সাংসদ দুগৰাকীৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবেই দলে টিকট কৰ্তন কৰিছে বুলি কয় গগৈয়ে ৷

দেওবাৰে পুৱাই চৰাইদেউ মৈদামত পূৰ্বপুৰুষক সেৱা জনাই চৰাইদেউ জিলাত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে যোৰহাট লোকসভা সমষ্টিৰ মিত্ৰজোঁট প্ৰক্ষেপিত প্ৰাৰ্থী গৌৰৱ গগৈয়ে । সোণাৰিত উপস্থিত হৈয়ে বিভিন্ন চাহ বাগিচাত আয়োজিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে ।

চৰাইদেউ জিলাৰ চফ্ৰাই, নাফুক, টিয়ক, টাউকাকে আদি কৰি প্ৰায় তেৰখন চাহ বাগিচাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি চাহ শ্ৰমিকৰ সৈতে মত বিনিময় কৰে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে । নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে সোণাৰিৰ ৰাজহুৱা খেলপথাৰত ক্ৰিকেটাৰৰ ৰূপত দেখা গ'ল গৌৰৱ গগৈক । চৰাইদেউ জিলাৰ কেইবাখনো দেওবৰীয়া বজাৰলৈ গৈ ক্ৰেতা-বিক্ৰেতাসকলৰ সৈতে মত বিনিময় কৰি মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে গগৈয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

গৌৰৱ গগৈয়ে কয়, "মোদী মানেই মূল্যবৃদ্ধি , সেয়ে ৰাইজে হাতৰ চিনত ভোট দিব । কংগ্ৰেছৰ চৰকাৰৰ আহিলে ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা হ'ব । গৌৰৱ গগৈৰ সৈতে প্ৰচাৰ অভিযানত অংশ লয় তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে স্থানীয় বহু নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক: তপন গগৈ ডাঙৰীয়াক মই শ্ৰদ্ধা কৰোঁ: চৰাইদেউ মৈদামত গৌৰৱ গগৈ

Last Updated : Mar 18, 2024, 9:24 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.