ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাৰ আচৰণৰ বাবেই অসমতো বাংলাদেশৰ দৰে অৱস্থা হ’ব: অশোক শৰ্মা - Ashok Sarma to join Congress

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 10:38 PM IST

Ashok Sarma: শুকুৰবাৰে অনেক জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছত যোগ দিব সদ্যবিজেপি ত্যাগী নেতা অশোক শৰ্মাই ৷ কংগ্ৰেছত যোগদানৰ পূৰ্বেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যাপক ক্ষোভ প্ৰকাশ নেতাগৰাকীৰ ৷

Ashok Sarma
Ashok Sarma to join Congress (ETV Bharat Assam)

নলবাৰী, ৮ আগষ্ট: ৰাজনৈতিক জীৱনত তীব্ৰ মানসিক হেঁচা আৰু সংঘাতৰ অৱসান ঘটাই কাইলৈ অৰ্থাৎ শুকুৰবাৰে নতুন দলত যোগদান কৰিব জ্যেষ্ঠ আৰ এছ এছ নেতা তথা প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই । এসময়ত হিন্দুত্ববাদী আদৰ্শেৰে ৰাজনৈতিক জীৱনত খোজ দিয়া নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ পথ সলনি হ’ব ৷ নতুন পথত খোজ দিয়াৰ পূৰ্বৰ দিনটোত মানসিক শান্তিৰ উদ্দেশ্যে অশোক শৰ্মাই নিজৰ খেতিপথাৰত সময় কটায় ।

কংগ্ৰেছমুখী অশোক শৰ্মা (ETV Bharat Assam)

সাংবাদিকৰে হোৱা বাৰ্তালাপত জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীয়ে এক অস্থিৰ অৱস্থাৰ পৰা উদ্ধাৰ হোৱাৰ লগতে বাৰে বাৰে অপমানিত হৈ থকাৰ পৰা নিজক উদ্ধাৰৰ বাবে বিজেপি দল ত্যাগ কৰা বুলি কয় । ‘‘তীব্ৰ মানসিক যন্ত্ৰণাৰ অন্ততহে মই মোৰ সঠিক সিদ্ধান্ত লৈছো । তাৰ বাবে মানসিকভাবে সম্পূৰ্ণ সাজু হৈ কংগ্ৰেছ দলত যোগদান কৰিব ওলাইছো’’ বুলিও দুখ প্ৰকাশ কৰে অশোক শৰ্মাই ।

‘‘মই যি কথা দিছো তাত আৰু আধাতেই একো সিদ্ধান্ত নলওঁ । কংগ্ৰেছক কথা দিছো । কংগ্ৰেছত যোগদান কৰিম বুলি সদৰী কৰি বিজেপিৰ ঘৰখনত অপমানিত হ’বলৈ আৰু নাযাও ।’’ তেওঁ কয় ৷

উল্লেখযোগ্য যে নলবাৰীৰ ৰাজীৱ ভৱনত কাইলৈ ভাৰত ত্যাগ আন্দোলন দিৱস পালন কৰিব কংগ্ৰেছে । উক্ত কাৰ্যসূচীতেই কংগ্ৰেছ দলত যোগদান কৰিব সদ্য বিজেপিত্যাগী অশোক শৰ্মাই । আনহাতে উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ আৰু বহু নেতা-কৰ্মী ।

ইপিনে বিজেপি ত্যাগ কৰাৰ পিচতে দুদিন পূৰ্বে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া অশোক শৰ্মাৰ ঘৰলৈ আহিছিল ৷ এই সন্দৰ্ভত অশোক শৰ্মাই কয়, ‘‘পূৰ্বৰ পৰা ভাল সম্পৰ্ক আছিল মৃণাল শইকীয়া আৰু মোৰ । যুৱ মৰ্চা একেলগে কৰিছিলো আমি । সতীৰ্থৰ বিদায় বেলাত আন এজন সতীৰ্থক মাত কথা দিবলৈ অহাটো সু-ৰাজনৈতিক পৰম্পৰা ।’’ লগতে মৃণাল শইকীয়াই শেষ সময়ত ঘৰলৈ আহি খবৰ লোৱাটো একপ্ৰকাৰ মুখ্যমন্ত্ৰীৰ চাতুৰি হ’ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰে অশোক শৰ্মাই ।

আনহাতে বৰ্তমান বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমখনক নিজৰ পৈতৃক সম্পত্তি বুলি ভাবি একনায়কত্ববাদী শাসন চলাইছে বুলি কটাক্ষ অশোক শৰ্মাৰ । তেওঁ কয়, ‘‘ধাৰ কৰি কৰি ৰাজ্য চলাই আছে মুখ্যমন্ত্ৰীয়ে । এনে ৰাজনীতিত লাহে লাহে ৰাইজে যেতিয়া জাগ্ৰত হ’ব তেতিয়া বাংলাদেশৰ দৰে অসমতো একেই অৱস্থা হ’ব ।’’ সকলোৱে এদিন দল এৰি আহিব বুলিও মন্তব্য অশোক শৰ্মাৰ ।

তেওঁ পুনৰ কয়, ‘‘কেৱল হিন্দু-মুছলমান বুলি কৈ সমাজক বিভাজিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।’’ মুখ্যমন্ত্ৰীয়ে ২০৪১ ত অসমতো মুছলমানৰ নেতৃত্বত শাসন চলিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়ায় অশোক শৰ্মাই । যদি মুখ্যমন্ত্ৰীৰ প্ৰতিৰোধ কৰাৰ ক্ষমতাই নাই তেনেহ’লে কিয় এনেকুৱা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে তাক লৈ প্ৰশ্ন উত্থাপন কৰে অশোক শৰ্মাই ।

আনহাতে মুখ্যমন্ত্ৰীৰ এই বক্তব্যক কোনো হিন্দু মানুহে সমৰ্থন নকৰে বুলি সদৰী কৰি কেৱল নিজৰ ৰাজনৈতিক মুনাফাৰ বাবেহে মুখ্যমন্ত্ৰীয়ে এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰি আছে বুলি তেওঁ কয় । কেৱল কৌশলেৰে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰি ধাৰৰ ওপৰত ধাৰেৰে ৰাজ্য চলাই আছে । এই ব্যৱস্থা যেতিয়া ৰাইজে গম পাব তেতিয়া সেকা দিব বুলিও মন্তব্য কৰে অশোক শৰ্মাই ।

লগতে পঢ়ক: বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মাৰ পদত্যাগৰ পাচতে দলত আৰম্ভ প্ৰলোভনৰ ৰাজনীতি ! - Ashok Sharma to quit BJP

বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মাক আদৰি ল’বলৈ সাজু অসম প্ৰদেশ কংগ্ৰেছ - APCCC on Ashok Sarma Controversy

কংগ্ৰেছত বিসম্বাদ কৰা সকলেই বিজেপিত বিসম্বাদৰ বেমাৰ সৃষ্টি কৰিছে : গৌৰৱ গগৈ - GAURAV GOGOI REACTS ON BJP CONFLICT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.