ETV Bharat / politics

কাৰ ভাগ্য উদয়ত সহায় কৰিব মঙলে ? ৰাজ্যৰ 52 টা কেন্দ্ৰত নিৰ্ণয় হ’ব 143 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 7:18 PM IST

Lok Sabha Election 2024 Results : ফলাফল ঘোষণাৰ বাবে সকলো প্ৰকাৰে সাজু হৈ উঠিছে নিৰ্বাচন আয়োগ ৷ দেশৰ আন ঠাইৰ লগতে ৪ জুনৰ পুৱাৰ পৰা আৰম্ভ হ'ব অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভোটগণনা ৷ চাওক ভোটগণনাৰ সবিশেষ এই প্ৰতিবেদনত ৷

Lok Sabha Election 2024 Results
মঙলবাৰে ঘোষণা হ’ব নিৰ্বাচনী ফলাফল (Etv Bharat)

গুৱাহাটী, ৩ জুন : কাইলৈ বহু প্ৰত্যাশিত মঙলবাৰ ৷ দেশবাসীৰ দৃষ্টি নিৱদ্ধ থাকিব এই বিশেষ দিনটোত ৷ পৰিব সকলো ৰাজনৈতিক জল্পনা-কল্পনাৰ ওৰ ৷ দেশৰ আন ঠাইৰ লগতে ৪ জুনৰ পুৱাৰ পৰা আৰম্ভ হ'ব অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভোটগণনা ৷ ফলাফল ঘোষণাৰ বাবে সকলো প্ৰকাৰে সাজু হৈ উঠিছে নিৰ্বাচন আয়োগ ৷

ইতিমধ্যে ভোটগণনাৰ বাবে নিৰ্বাচন আয়োগে ৰাজ্যৰ ৫২ টা কেন্দ্ৰৰ ১৫২ কাউণ্টিং হলৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ সোমবাৰে এই কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৷

১৪৩ গৰাকী প্ৰার্থীৰ ভাগ্য নিৰ্ণয় : ৰাজ্যৰ ১৪ টা সমষ্টিত ১৪৩ গৰাকী প্ৰার্থীয়ে লোকসভা নিৰ্বাচনত আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ৷ যাৰ ভিতৰত আছে ১২ গৰাকী মহিলা প্ৰার্থী ৷ এইসকল প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব ১,৯৯,৮৮,২৭৫ গৰাকী ভোটাৰে ৷ ৰাজ্যত সৰ্বমুঠ ২,৪৫,০৬,২৩৬ গৰাকী ভোটাৰ আছিল যদিও ৪৫,১৭,৯৬১ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত নকৰিলে ৷

১৫২ টা কাউণ্টিং হলত হ'ব এই ভোটগণনা : অধিকাংশ প্ৰার্থী নিজৰ নিজৰ সমষ্টিত সাজু হৈছে ৷ প্ৰার্থীয়ে এজেন্টসকলকো প্ৰশিক্ষণ দি সাজু কৰি তুলিছে এই বিশেষ দিনটোৰ বাবে ৷ ই ভি এম খোলাৰ পৰা ভোটগণনা সম্পূর্ণ হোৱালৈকে এজেন্টসকলৰ ভূমিকা কি হ'ব, প্ৰাৰ্থী আৰু দলে ইতিমধ্যে বুজাই দিছে ৷

ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ লগতে নিৰ্বাচন আয়োগেও শুদ্ধকৈ-সুকলমে ৪ জুনত ফলাফল ৰাজহুৱা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ নিৰ্বাচন আয়োগে ৰাজ্যজুৰি ৫২ টা কেন্দ্ৰৰ ১৫২ টা কাউণ্টিং হলত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷

এগজিট প’লৰ সমীক্ষা: লক্ষণীয় যে এগজিট প’লৰ সমীক্ষা অনুসৰি, ৰাজ্যত নির্দলীয় প্ৰার্থী জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই ৷ আটাইকেইটা সমষ্টিত কংগ্ৰেছ, বিজেপি, অসম জাতীয় পৰিষদ, বি পি এফ, ইউ পি পি এল, অগপ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ মাজৰে ১৪ গৰাকী প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিব ৷ এইসকলৰ ভিতৰত ৰাজ্যত বিজেপিয়ে অধিক আসন পাব বুলি সকলো সমীক্ষাত স্পষ্ট হৈছে ৷

ভোট গণনাক লৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ : শান্তি-শৃংখলা অটুট ৰখাৰ স্বাৰ্থত অসমৰ সকলো নিৰ্বাচনী জিলাতে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা ৷ সেই অনুসৰি,

  • ভোটগণনা কেন্দ্ৰৰ সমীপত কোনোধৰণৰ প্ৰতিবাদী কাৰ্যসূচী উলিওৱা বা শ্ল'গান দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷
  • তদুপৰি ভোটগণনা কেন্দ্ৰৰ ভিতৰত কোনো ৰাজনৈতিক দলৰ লোকে মাইক ব্যৱহাৰ কৰিব নোৱাৰিব ৷
  • গণনা কেন্দ্ৰৰ ভিতৰত কোনেও ম'বাইল অথবা কেমেৰা লৈ প্ৰৱেশ কৰিব নোৱাৰিব ৷
  • অনুমতি অবিহনে কোনো প্ৰার্থী অথবা ৰাজনৈতিক দলে সমদল উলিয়াব নোৱাৰিব ৷
  • ভোটগণনা কেন্দ্ৰৰ এক কিল’মিটাৰ দূৰত্বৰ ভিতৰত কোনো ব্যক্তিয়ে লাঠী বা আগ্নেয়াস্ত্ৰ লৈ ঘূৰি ফুৰিব নোৱাৰিব ৷
  • এক কিল’মিটাৰ দূৰত্বলৈকে পাঁচজনতকৈ অধিক লোক সমবেত হোৱাৰ ক্ষেত্ৰতো জিলা প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে ৷
  • ভোটগণনা সম্পূৰ্ণ হোৱাৰ পাছত ৪ জুনৰ দিনটোত কোনো আতচবাজী ব্যৱহাৰ কৰিব নোৱাৰিব বুলি নিৰ্বাচন আয়োগে স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে ৷

লগতে পঢ়ক: ভোটগণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন, তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী - Lok Sabha Election 2024

ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হোজাই জিলা প্ৰশাসনৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.