ETV Bharat / politics

আমাৰ গাত পানী নাই, আমাৰ গাতো তেজেই আছে: মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই ভূপেন বৰাৰ মন্তব্য - Bhupen Borah on Himanta Biswa Sarma

Lok Sabha Election 2024: দখল কৰাটোৱেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম বুলি মন্তব্য ভূপেন বৰাৰ ৷ গুৱাহাটীৰ বাজপেয়ী ভৱনো দখল কৰা মাটিত নিৰ্মাণ কৰা বুলি ক’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ ৰাজীৱ ভৱন দখল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰসংগত প্ৰত্যাহ্বান জনালে ভূপেন বৰাই ৷

BHUPEN BORAH ON HIMANTA BISWA SARMA
নগাঁৱত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 7:02 PM IST

নগাঁৱত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

নগাঁও, 31 মাৰ্চ: দেওবাৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । নগাঁও লোকসভা সমষ্টিৰ চামগুৰিৰ বৰঘুলিত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে শাসকীয় বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

এক সভা সম্বোধন কৰি ভাষণত ভূপেন বৰাই কৰিলে বহুকেইটা মন্তব্য । বৰাই কয় যে মুছলমান মহিলাক সন্তান জন্ম দিয়া ফেক্টৰী বুলি কোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি দাবী কৰে বদৰুদ্দিন আজমলে । আনহাতে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক অসমৰ আটাইকেইগৰাকী প্ৰাৰ্থীৰ ভিতৰত অতি উপযুক্ত প্ৰাৰ্থী বুলি উল্লেখ কৰে ভূপেন বৰাই ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে নগাঁও লোকসভা সমষ্টিৰ পৰা আগন্তুক এশ বছৰলৈ জয়ী হ'ব নোৱাৰে এ আই ইউ ডি এফ । সংবাদ মাধ্যমৰ সন্মুখতো বহুকেইটা বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছ সভাপতি ভূপেন বৰাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এটা দিন পূৰ্বে ৰাজীৱ ভৱনত বিজেপিৰ শাখা কাৰ্যালয় খুলিব বুলি কৰা এক মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে ভূপেন বৰাই । বৰাই কয় যে দখল কৰাটোৱেই মুখ্যমন্ত্ৰীৰ কাম ৷

এই প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে কংগ্ৰেছ সভাপতি ভূপেন বৰাই । জনতা ভৱন দখল কৰিবলৈ আহিবলৈ ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ভূপেন বৰাই কয়, ‘‘আমাৰ গাত পানী নাই, আমাৰ গাতো তেজেই আছে ।’’ কংগ্ৰেছৰ হাতত কয়লা ছিণ্ডিকেট, মাছৰ ছিণ্ডিকেট ধন নাই বুলিও বিজেপিকে কটাক্ষ কৰে ভূপেন বৰাই । চামগুৰি সমষ্টিৰ বৰঘুলিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত সাংসদ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা উপস্থিত থাকে ।

লগতে পঢ়ক: এ আই ইউ ডি এফৰ জন্ম নোহোৱাহ'লে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলেহেতেন : ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.