গুৱাহাটী: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে । অসমৰ মুখ্য বাওঁপন্থী দলসমূহে ৰাজ্যখনত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি কৰিবলৈ প্ৰস্ততি আৰম্ভ কৰিছে । অসমৰ প্ৰধান বাওঁপন্থী দল চি পি আই এম, চি পি আই আৰু চি পি আই এম এল দলে শাসকীয় দল বিজেপি আৰু ইয়াৰ সহযোগী দলসূহক প্ৰাথমিক শত্ৰু গণ্য কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ।
এই কথা অসমৰ প্ৰধান বাওঁপন্থী দল চি পি আই এম, চি পি আই আৰু চি পি আই এম এল দলৰ নেতৃবৰ্গই ইটিভি ভাৰতৰ আগত স্পষ্ট কৰিছে । লগতে বাওঁপন্থী দলসমূহে আগন্তুক পঞ্চায়ত নিৰ্বাচনত লগ লাগি একেলগে অৱতীৰ্ণ হোৱাটো নিশ্চিত কৰিছে । শাসকীয় দল বিজেপিয়ে গ্ৰামোন্নয়নত কৰা ব্যাপক দুৰ্নীতি আৰু গাঁৱৰ অৰ্থনীতি ৰক্ষাৰ মূল ইচ্ছ্যু হিচাপে বাঁওপন্থী দলসমূহে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি বাওঁপন্থী দল চি পি আই এম, চি পি আই আৰু চি পি আই এম এল দলৰ নেতৃবৰ্গই সদৰী কৰে ।
এই সন্দৰ্ভত চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, "আগন্তুক পঞ্চায়ত নিৰ্বাচনত চি পি আই এমৰ মূল লক্ষ্য বিজেপি দলক পৰাজিত কৰা । বাওঁপন্থী দলসমূহ লগ লাগি নিৰ্বাচনত অৱতীৰ্ণ হ'ব । বাওঁপন্থী দলসূহৰ মাজত কোনো আনুষ্ঠানিক মিত্ৰতা হোৱা নাই, বাওঁপন্থীয়ে স্থানীয় পৰ্যায়ত সালসলনি কৰিবলৈ চেষ্টা কৰিব যাতে ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিযোগিতা এৰাই চলিব পৰা যায় ।"
তেওঁ লগতে কয়, "অসমৰ বিশেষত্ব হ'ল বিভিন্ন ভৌগোলিক অঞ্চলত বিভিন্ন বাঁওপন্থী দলৰ মূল সমৰ্থনৰ ভেটি আছে । যিবোৰ ঠাইত চি পি আই শক্তিশালী আৰু ইয়াৰ বিপৰীতে আমাৰ গণভিত্তি নাই । উদাহৰণস্বৰূপে নামনি অসমৰ বেছিভাগ ঠাইত আমাৰ এক শক্তিশালী প্ৰভাৱ আছে, কিন্তু চি পি আই বা চি পি আই এম এলৰ নাই । গতিকে আন্তঃ-বাওঁপন্থী যুঁজৰ সম্ভাৱনা কম । কিন্তু আমি এতিয়াও এল ডি এমৰ অন্যান্য উপাদানসমূহৰ সৈতে অন্ততঃ এক ন্যূনতম বুজাপৰাত উপনীত হ'বলৈ চেষ্টা কৰিম ।"
বাওঁপন্থী নেতাজনে লগতে কয়, "গাঁওবোৰৰ অৰ্থনৈতিক ভেটি ভাঙিবলৈ ধৰিছে । গাঁৱক ৰক্ষা কৰাৰ মাজেৰে অসমক ৰক্ষা কৰা শ্লোগানেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা যাব ।"
আনহাতে, চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয়, "পঞ্চায়তসমূহক বিজেপিৰ পৰা মুক্ত কৰাৰ বাৰ্তা লৈ আমি ভোটাৰসকলৰ ওচৰলৈ যাম । আমাৰ অগ্ৰাধিকাৰ হৈছে উন্নয়নৰ দিশত দৃষ্টি নিবদ্ধ কৰা আৰু দুৰ্নীতিৰ পৰা মুক্ত বিজেপিমুক্ত পঞ্চায়ত স্থাপন কৰা ।"
তেওঁ লগতে কয়, "নিৰ্বাচনৰ বাবে আমাৰ ৰাজনৈতিক শ্লোগান হ'ব বিজেপিক পৰাজিত কৰা । শাসক দলটোৱে গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে । আমি ভোটাৰসকলক চি পি আই আৰু অন্যান্য বাওঁপন্থী দলসমূহৰ পৰা প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ আহ্বান জনাম, যাতে আমি দুৰ্নীতি আৰু ৰাজনৈতিক পক্ষপাতিত্বৰ পৰা মুক্ত পঞ্চায়ত স্থাপন কৰিব পাৰোঁ ।"
আনহাতে, চি পি আই এম এলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কয়, "এবছৰ ধৰি শাসকীয় দল বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে । দলীয় কৰ্মীক বিজেপিয়ে কামত লগাইছে । যাৰ বাবে গ্ৰামোন্নয়নত ব্যাপক দুৰ্নীতি হৈছে । ৰাইজৰ তদাৰকীৰ অধিকাৰ হৰণ হৈছে । লগতে গণতন্ত্ৰ ধ্বংস হৈছে । এইবোৰ ইছ্যু লৈ বাওঁপন্থী দলসূহৰ লগত বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ম ।"