ETV Bharat / politics

'কা' বিৰোধী প্ৰতিবাদৰ দিন সলনি কৰিলে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যই

Anti CAA Protest : প্ৰতিবাদী কাৰ্যসূচীৰ দিন সলনি কৰিলে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ ঐক্য মঞ্চই ৷ কলিয়াবৰত বিৰোধীৰ ঐক্য মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছিল ৷

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 7:38 PM IST

Updated : Mar 7, 2024, 8:04 PM IST

Anti CAA Protest
বিৰোধী ঐক্যমঞ্চই আগুৱালে প্ৰতিবাদৰ দিন
8 মাৰ্চত প্ৰতিবাদ সাব্যস্ত কৰিব বিৰোধী ঐক্য মঞ্চই

গুৱাহাটী/লখিমপুৰ, 7 মাৰ্চ : আছুৱে দিন পিছুৱালে, বিৰোধী ঐক্যমঞ্চই আগুৱালে প্ৰতিবাদৰ দিন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ সময়ত হাতত লোৱা প্ৰতিবাদী কাৰ্যসূচীৰ দিন সলনি কৰিলে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ ঐক্য মঞ্চই ৷ টাই আহোম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিৰোধী ঐক্যমঞ্চই 9 মাৰ্চত কলিয়াবৰত হাতত লোৱা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী এদিন আগুৱাই 8 মাৰ্চত একে স্থানতে পালন কৰিব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি সাংবাদিকৰ সন্মুখত কয় - “বিৰোধী ঐক্য মঞ্চ অসমে 9 মাৰ্চত কাজিৰঙা সমষ্টিৰ কলিয়াবৰত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছিল ৷ কিন্তু টাই আহোম ছাত্ৰ সন্থাই ৰাজহুৱাকৈ আহ্বান জনাইছিল যে 9 মাৰ্চত কাৰ্যসূচীটো ল’ব নালাগে ৷ টাই আহোম ছাত্ৰ সন্থাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিৰোধী ঐক্য মঞ্চ অসমৰ 9 মাৰ্চৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি 8 মাৰ্চলৈ আগুৱাই দিছো ৷ এতিয়া একে স্থানতে, একে সময়তে 9 মাৰ্চৰ পৰিৱৰ্তে 8 মাৰ্চত অৱস্থান ধৰ্মঘট কাৰ্যসূচী বিৰোধী ঐক্য মঞ্চ অসমে ৰূপায়ণ কৰিব ৷”

উল্লেখযোগ্য যে শুকুৰবাৰে অৰ্থাৎ 8 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৷ 9 মাৰ্চত দিনা প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ আৰু 'কা' কাৰ্যকৰীকৰণৰ প্ৰতিবাদত নগাঁও জিলাৰ কলিয়াবৰত কংগ্ৰেছ নেতৃত্বাধীন 16 টা বিৰোধী দলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু 9 মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাটত অসমৰ জাতীয় বীৰ লাচিত বৰফুকনৰ এক বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰিব ৷ সেয়েহে উক্তদিনা কোনো প্ৰতিবাদী কাৰ্যসূচী নল’বলৈ সমজুৱা আহ্বান জনাইছিল সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই ৷ সেই আহ্বানৰ প্ৰতি সন্মান জনাই আছুৱে 9 মাৰ্চৰ 'কা' বিৰোধী আন্দোলনৰ কাৰ্যসূচী পিচুৱালে 10 মাৰ্চলৈ ৷ আনহাতে আজি নিজৰ কাৰ্যসূচী এদিন আগুৱালে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চই ৷

লগতে পঢ়ক : ‘কা’ৰ বিৰুদ্ধে উত্তাল হ’ল ৰাজ্যৰ ভিন্ন প্ৰান্ত

Last Updated : Mar 7, 2024, 8:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.