ETV Bharat / politics

অপেক্ষা ৪ জুনলৈ: অসমৰ ৫২ টা কেন্দ্ৰৰ ১৫২ টা হলৰ ১৯৪১ খন টেবুলত খোল খাব ই ভি এম - Lok Sabha Election 2024 results

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 4:29 PM IST

LS Polls Counting on 4th June: ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতিৰে সাজু নিৰ্বাচন আয়োগ । থাকিব ৫৮২৩ গৰাকী কাউণ্টিং ষ্টাফ আৰু ৬৪ গৰাকী সাধাৰণ নিৰীক্ষক । আমৰি বিধানসভা সমষ্টিত সবাতোকৈ কম ১০ টা ৰাউণ্ড হ'ব । জলেশ্বৰ আৰু পূব গোৱালপাৰা সমষ্টিত হ'ব সৰ্বাধিক ২৮ টা ৰাউণ্ড । পোষ্টেল বেলটৰ সংখ্যা ১,২৮,২৯৯ টা । ভোটগণনা কেন্দ্ৰসমূহত নিয়মীয়া বিদ্যুৎ সেৱা আৰু ইন্টাৰনেটৰ বাবে এ পি ডি চি এল আৰু বি এছ এন এলৰ লগত কৰা হৈছে আলোচনা । জনতা ভৱনত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল ।

Lok Sabha Election results
LS Polls Counting on 4th June (Etv Bharat Assam)

গুৱাহাটী, ৩১ মে': ৰাজ্যৰ ৫২ টা ভোটগণনা কেন্দ্ৰৰ ১৫২ টা হলৰ ১৯৪১ খন টেবুলত ৪ জুনৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব লোকসভা নিৰ্বাচন ২০২৪ ৰ ভোটগণনা । শুকুৰবাৰে জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ।

ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতিৰে সাজু নিৰ্বাচন আয়োগ (ETV Bharat Assam)

অসমত প্ৰথম তিনিটা পৰ্যায়ত ১৪ টা লোকসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল । ৪ জুনত ই ভি এমত বন্দী হৈ থকা প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় হ'ব । ফলাফল ঘোষণাৰ বাবে যাৱতীয় প্ৰস্তুতিৰে সাজু হৈছে নিৰ্বাচন আয়োগ ।

৪ জুনৰ ভোটগণনা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কয় যে ৰাজ্যত ৫০ খন নিৰ্বাচনী জিলাৰ ৫২ টা কাউন্টিং চেন্টাৰ আছে । কাউন্টিং চেন্টাৰ দুই ধৰণৰ আছে বুলি সদৰী কৰি তেওঁ কয় যে এটাত ই ভি এমৰ ভোটৰ গণনা হ'ব আৰু আনটোত পোষ্টেল বেলট গণনা কৰা হ'ব । ৫২ টা কেন্দ্ৰত ভোট গণনাৰ ১৫২ টা হল আছে । আনহাতে ১৫২ টা হলত ভোট গণনাৰ বাবে মুঠ ১৯৪১ খন টেবুল আছে ।

লগতে পঢ়ক: ভোটগণনাৰ বাবে সাজু ধেমাজি জিলা প্ৰশাসন - LOK SABHA ELECTION 2024

তেওঁ লগতে কয় যে আমৰি বিধানসভা সমষ্টিত সবাতোকৈ কম ১০ টা ৰাউণ্ডতে ভোটগণনা সমাপ্ত হ'ব । সেইদৰে জলেশ্বৰ আৰু পূব গোৱালপাৰা সমষ্টিত সৰ্বাধিক ২৮ টা ৰাউণ্ড হ'ব । বাকী সমষ্টি সমূহত ১০ ৰ পৰা ২৮ টা ৰাউণ্ডৰে ভিতৰতে ভোটগণনা হ'ব । ভোটগণনাত ৫৮২৩ গৰাকী কাউণ্টিং ষ্টাফ নিয়োজিত থাকিব বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ উপৰিও নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত ৬৪ গৰাকী সাধাৰণ নিৰীক্ষক থাকিব ।

পোষ্টেল বেলটৰ প্ৰসংগত তেওঁ কয় যে এতিয়ালৈকে ১,২৮,২৯৯ টা পোষ্টেল বেলট লাভ কৰা হৈছে । এই সংখ্যা কিছু বাঢ়িব পাৰে । ৪ জুনৰ পুৱা ৮ বজাৰ পূৰ্বে অহা পোষ্টেল বেলটসমূহ গণনাৰ বাবে গ্ৰহণ কৰা হ'ব । তেওঁ লগতে কয় যে ভোটগণনা কেন্দ্ৰসমূহত বৈধ কাৰ্ড থকা সাংবাদিকসকলেহে প্ৰৱেশ কৰিব পাৰিব । ইতিমধ্যে নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তসকলৰ সৈতে বৈঠক অনুষ্ঠিত হৈ গৈছে ৷

লগতে পঢ়ক: এগজিট প’ল : অপেক্ষা এতিয়া 1 জুনৰ সন্ধিয়ালৈ - LOK SABHA ELECTION 2024

আনহাতে ভোটগণনা কেন্দ্ৰসমূহত নিয়মীয়া বিদ্যুৎ সেৱা আৰু ইন্টাৰনেটৰ বাবে এ পি ডি চি এল আৰু বি এছ এন এলৰ লগত আলোচনা হৈছে বুলি তেওঁ কয় । বান প্ৰভাৱিত এলেকাত বিদ্যুৎ যোগানৰ বাবে জেনেৰেটৰৰ ব্যৱস্থা কৰিবলৈ দিয়া হৈছে । ভোটগণনাত ব্যাঘাত নোহোৱাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ সংবাদমেল যোগে সদৰী কৰে ।

আনহাতে কিবা বিসংগতি ধৰা পৰা ই ভি এম মেছিনৰ ক্ষেত্ৰত ভোটগণনা প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিচত সেইসমূহৰ গণনা কৰা হ’ব । ভি ভি পেট গণনা কৰা হ'ব ।

লগতে পঢ়ক: ডিব্ৰুগড়ত বিজয় নিশ্চিত : হাস্যবদনেৰে সোণোৱালে ক’লে- 400 পাৰ হ’বই - Lok Sabha election 2024

নলবাৰীৰ ষ্ট্ৰং ৰূমৰ ক্ষেত্ৰত উত্থাপিত অভিযোগ সন্দৰ্ভত তেওঁ কয় যে লুইত কুমাৰ বৰ্মনে অনা অভিযোগ সন্দৰ্ভত গৃহ বিভাগৰ প্ৰধান সচিবৰ যোগেদি তদন্ত কৰা হৈছে । তাত নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা নাই । তদন্তৰ সবিশেষ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা হৈছে ।

ইফালে বৰাকৰ বান পৰিস্থিতিৰ প্ৰসংগত তেওঁ কয় যে বানপানী হৈছে যদিও ষ্ট্ৰং ৰূমৰ বিশেষ ক্ষতি হোৱা নাই । কাউণ্টিং চেণ্টাৰত বানপানীক লৈ কোনো সমস্যা হোৱা নাই । কেৱল যাতায়াতৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছে বুলি গোৱেলে কয় । ভোটগণনাৰ ফলাফল বিয়লি ৩ বজাৰ পাচত ওলাব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ পৰা কংগনালৈ... হাই প্ৰফাইল প্ৰাৰ্থীৰ অন্তিম যুঁজ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.