ETV Bharat / politics

বতাহ এতিয়া কংগ্ৰেছৰ পক্ষত বলিছে, ৰাইজে পৰিৱৰ্তন বিচাৰিছে : ভূপেন বৰা - Bhupen Borah

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 8:40 PM IST

Assam congress : বিজেপিৰ প্ৰাক্তন বিধায়কসহ বহুলোকে কংগ্ৰেছ যোগদান কৰিবলৈ বিচাৰিছে ৷ জনালে ভূপেন বৰাই ৷ মুখ্যমন্ত্ৰীৰ অহংকাৰ দিনক দিনে বাঢ়ি যোৱাটো কামনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

BHUPEN BORAH
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

গুৱাহাটী, ১৪ জুলাই : ভালদিন পুনৰ যেন ঘূৰি আহিছে কংগ্ৰেছলৈ ! যাৰ বাবে প্ৰৱল আত্মবিশ্বাসী হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । ভূপেন বৰাৰ মতে কংগ্ৰেছৰ সৈতে বিজেপি-অগপ সকলো দলৰে নেতাই যোগাযোগ কৰি আছে ।

২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা টিকট বিচাৰি আবেদন কৰা তালিকাখন যথেষ্ট দীঘলীয়া হ’ব বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক যোগদান কাৰ্যসূচীৰ আয়োজন কৰে কংগ্ৰেছে ৷ অনুষ্ঠানত অগপৰ জিলা পৰ্যায়ৰ তিনিগৰাকী নেতাৰ লগতে পাঁচগৰাকী সমাজকৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ।

অনুষ্ঠানত সংবাদ মাধ্যমক সম্বোধন কৰি ভূপেন বৰাই কয়, ‘‘ কংগ্ৰেছত যোগদানৰ বাবে আম আদমি পাৰ্টী চমুকৈ আপৰ পৰা ১০০ জনীয়া তালিকা আহিছে যদিও আমি সময় দিব পৰা নাই । আমাৰ লগত বিজেপি-অগপ সকলো দলৰে নেতাই যোগাযোগ কৰি আছে ।’’ পূৰ্বৰ অভিজ্ঞতাৰ কথা সদৰী কৰি বৰাই কয়, ‘‘১৯৯৮ চনতে আমি গম পাইছিলো যে ২০০১ চনত কংগ্ৰেছ আহিব । সেই মতে কংগ্ৰেছ শাসনলৈ আহিছিল । আজি ইমান বছৰ পিচতো মই সেই একেই উমান পাইছোঁ । ২০২৬ত আমাৰ চৰকাৰ হ’ব । বতাহ এতিয়া কংগ্ৰেছৰ পক্ষত বলিছে ।’’

বৰাই লগতে কয়, ‘‘ বিজেপিৰ প্ৰাক্তন বিধায়ক এজনে যোগদান কৰিবলৈ বিচাৰিছে । লগতে বিজেপিৰ বহু বিধায়কে যোগাযোগ কৰি আছে । কিন্তু আনুষ্ঠানিকভাৱে মোক পত্ৰ দিয়া নাই ।’’ ইফালে ২০২৫ চনৰ পিচত মুখ্যমন্ত্ৰীয়ে সকলোকে লৈ যাব বুলি কৰা মন্তব্যৰ প্ৰসংগত বৰাই কয়, ‘‘ এই অহংকাৰ দিনক দিনে বাঢ়ক মুখ্যমন্ত্ৰীৰ । এই অহংকাৰৰ বাবেই বিজেপিৰ আজিৰ এই অৱস্থা হৈছে ।’’

লগতে পঢ়ক : পুৰণা কংগ্ৰেছীক পুনৰ আদৰিবলৈ সাজু প্ৰদেশ কংগ্ৰেছ

বিজেপিৰ অহংকাৰ বাঢ়ি যোৱাৰ কামনা কৰি ভূপেন বৰাৰ কয় যে কংগ্ৰেছৰ দুৱাৰ খোলা আছে যোগদানৰ বাবে । বৰাই কয়, ‘‘ আমাৰ সেনাপতি সাজু, সৈন্যবল অলপ বঢ়াব লাগিব ।’’ ৰাভা হাচঙৰ এটা দলৰ সৈতেও বৈঠক কৰাৰ কথা সদৰী কৰি বৰাই প্ৰাক্তন আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিংহই টিকট বিচৰা প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । বৰাই কয় যে এনেকুৱাধৰণৰ আলোচনা হোৱা নাই যদিও যোগদান কৰিবও পাৰে ।

ভূপেন বৰাই কয়, ‘‘ কংগ্ৰেছৰ অৱস্থা এতিয়া ভাল হৈছে । আগতে প্ৰাৰ্থীয়েই নাছিল । আজিৰ তাৰিখত ১২৬ টা সমষ্টিৰ বাবে আবেদনৰ তালিকাখন যথেষ্ট দীঘলীয়া হ’ব । অতি কমেও ৭০০ আবেদন আহিব । ২০২৬ৰ বাবে সেনাপতি সাজু আৰু এতিয়া সৈন্যবল সাজু কৰি আছো ।’’

লগতে পঢ়ক : ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে খালী হ’ব কংগ্ৰেছ : মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী

গৌৰৱ গগৈক পুনৰবাৰ বিৰোধী দলৰ উপ-দলপতিৰ দায়িত্ব দিয়া সন্দৰ্ভত বৰাই কয়, ‘‘গৌৰৱ গগৈক দ্বিতীয়বাৰৰ বাবে উপ-দলপতি দিয়াক লৈ আমি অত্যন্ত সুখী । ইয়াৰ পৰা আমাৰ লাভ হ’ব । গৌৰৱ গগৈৰ পদোন্নতিৰ জৰিয়তে অসমক গুৰুত্ব দিয়াটো নিশ্চিত কৰিছে ।’’ উল্লেখ্য যে আজি অগপৰ হাউলী টাউন কমিটিৰ সদস্য অনিমেষ বৰ্মন, সঞ্জীৱ পাঠক আৰু সহকাৰী সম্পাদক নিহাৰ দাসে কংগ্ৰেছত যোগদান কৰে ।

তদুপৰি অধিবক্তা মৃগেন তালুকদাৰ, সমাজকৰ্মী ক্ৰমে হৰেশ্বৰ কলিতা, উৎপল মেধি, হিমাংশু কলিতা, নৱ দাস আৰু অৱসৰপ্ৰাপ্ত শিক্ষক দ্বিজেন কলিতাই আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ।

লগতে পঢ়ক : 'দাদা ব্ৰিগেড'ৰ অত্যাচাৰত কোন ক্ষুব্ধ ? ক'লে বৰদলৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.