ETV Bharat / politics

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অত্যুৎসাহী নহ'বলৈ আহ্বান ভূপেন বৰাৰ - Assam Congress

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 5:51 PM IST

Updated : Jul 26, 2024, 7:48 PM IST

APCC Joining Programme : মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক পেটৰ কথা মুখত ক'ব নোৱাৰে ৷ বেলেগ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আন ৰাজ্যলৈ যোৱাৰ‌ সময় নাই ৷ আমাৰ মুখ্যমন্ত্ৰীৰ সময় আছে ৷ এই মন্তব্যৰে মুখ্যমন্ত্ৰীক কটাক্ষ ভূপেন বৰাৰ ৷

APCC JOINING PROGRAMME
গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান সভা (ETV Bharat Assam)

গুৱাহাটী, 26 জুলাই : চৰাইদেউ মৈদামে ইউনেস্ক'ৰ স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত উৎসাহী হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতুৎসাহী নহ'বলৈ আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে আজি এক্স (টুইটাৰ) ত কয় - 'অসমৰ ৰাইজৰ বাবে স্বকীয় ঐতিহ্যৰ ধ্বজাবাহী চৰাইদেউ মৈদামে ইউনেস্ক'ৰ স্বীকৃতি লাভ কৰাটো এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব ৷ এয়া ঐক্যবদ্ধভাৱে আমাৰ সমৃদ্ধ ঐতিহ্য আৰু গৌৰৱক উদযাপনৰ সময় ৷'

মুখ্যমন্ত্ৰীক প্ৰশ্ন ভূপেন কুমাৰ বৰাৰ (ETV Bharat Assam)

ভূপেন বৰাই কয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ ভাল কথা, মাজুলীও বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত পৰে ৷ তাত এতিয়াও নাও দুৰ্ঘটনা হয় ৷ মাজুলীত বহু সমস্যা আজিও আছে ৷ গতিকে মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত অত্যুৎসাহী হ'ব নালাগে ৷ চৰাইদেউৰ বুৰঞ্জী বিভিন্ন দেশত জানে ৷ তেওঁ কয় যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পিচত জিলাখন নিবনুৱামুক্ত হ’বনে ৷ বি পি এল সকল এ পি এল হ'বনে, স্বাৱলম্বী হ'বনে ৷ এইবোৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিবনে?

লগতে পঢ়ক : কেন্দ্ৰৰ বাজেটত অসমৰ বাবে আছে কি ? বিৰোধীৰ সৰৱ প্ৰতিক্ৰিয়া - INDIA BUDGET 2024

মুখ্যমন্ত্ৰীৰ প্ৰতি দুখ লাগে ভূপেন বৰাৰ :

ৰাজ্যৰ বানপানী সমস্যা সন্দৰ্ভত ভূপেন‌ বৰাই কয়- 'দুখ লাগে মুখ্যমন্ত্ৰীৰ প্ৰতি ৷ আমাৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক পেটৰ কথা মুখত ক'ব নোৱাৰে ৷ তেওঁক বিজে‌পি দলৰ প্ৰচাৰক বনাইছে ৷ বেলেগ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আন ৰাজ্যলৈ যোৱাৰ‌ সময় নাই ৷ আমাৰ মুখ্যমন্ত্ৰীৰ সময় আছে ৷ অসমৰ বহুত সমস্যা আছে ৷ কিন্তু এইবোৰ কৰাৰ বাবে আমাৰ মুখ্যমন্ত্ৰীৰ সময় নাই ৷ বান সমস্যাৰ সমাধানৰ আৰ্জিলৈ বিৰোধী আৰু শাসকপক্ষক মিলাই বিধানসভাৰ দল এটা দিল্লীলৈ মুখ্যমন্ত্ৰীয়ে কিয় পঠাব নোৱাৰে ৷'

ৰাজীৱ‌ ভৱনত যোগদান কাৰ্যসূচী :

গুৱাহাটীৰ ৰাজীৱ ভৱনত কেবাজনো বিভিন্ন দলৰ নেতা-কৰ্মীয়ে শুকুৰবাৰে কংগ্ৰেছ দলত যোগদান কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত যোগদান কৰে তেওঁলোকে ৷ কংগ্ৰেছত যোগদান কৰাসকলক বৰাই দললৈ আদৰণি জনায় ৷ এবছুৰ শিবৰাম বসুমতাৰী, ধেমাজিৰ বিজেপিৰ জ্যেষ্ঠ নেতা লবীৰাম পেগুৰ লগতে, বি পি এফ, আমছু, অবড়ো সংগঠন, ইউ পি পি এলৰ, এ জে পি, তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে ৷ অনুষ্ঠানত ভূপেন বৰাই ভাষণ দি কয় যে 2025 চনৰ পৰা ডিজিটেল যোগদান আৰম্ভ কৰা হ’ব ৷ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচত কংগ্ৰেছত যোগদান বাঢ়িছে ৷ 28 জুলাইত 100 জনে গুৱাহাটীত কংগ্ৰেছত যোগদান কৰিব বুলি জনোৱাৰ লগতে 9 আগষ্টত নলবাৰীত বৃহৎ যোগদান কাৰ্যসূচী হ'ব বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : ঐতিহ্যৰ ঐতিহাসিক স্বীকৃতি : সংবাদমেলৰ মাজতে মুখ্যমন্ত্রীলৈ ফোন কেন্দ্ৰীয় মন্ত্রীৰ - World Heritage Site

Last Updated : Jul 26, 2024, 7:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.