ETV Bharat / politics

প্ৰতিৰক্ষা মন্ত্ৰী আহিব: বৰপেটাৰোডত প্ৰস্তুতি সভা - Bhabesh Kalita

Lok Sabha Election: ২৯ ফেব্ৰুৱাৰীত বৰপেটাৰোডলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব "লোক সভা আগমন" কাৰ্যসূচীত ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া উক্ত জনসভাৰ বাবে প্ৰস্তুতি সভা অনুষ্ঠিত কৰা হয় মঙলবাৰে ৷

Rajnath Singh Barpetaroad
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 9:23 PM IST

অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

বৰপেটাৰোড, 20 ফেব্ৰুৱাৰী : বৰপেটাৰোডত আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে অসম ৰাজ্যিক বিজেপিয়ে । ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে আগন্তুক বৰপেটা লোকসভা আগমন কাৰ্যসূচীৰ বাবে বৰপেটাৰোডত অনুষ্ঠিত হয় প্ৰস্তুতি সভা ।

  • " class="align-text-top noRightClick twitterSection" data="">

মঙলবাৰে ১১ গৰাকী মন্ত্ৰী-বিধায়কসহ ১০ টা সমষ্টিৰ দলীয় নেতা-কৰ্মীৰ উপস্থিতিত এক দলীয় সভা অনুষ্ঠিত হয় । উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ২৯ ফেব্ৰুৱাৰীত বৰপেটাৰোডত পদাৰ্পন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৷ সভাত ১০ টা সমষ্টিৰ পৰা ৬০ হেজাৰ দলীয় কৰ্মী উপস্থিতি হ’ব বুলি বিজেপিৰ সভাপতি ভৱেশ কলিতাই জনায় ।

ভৱেশ কলিতাই কয় যে বছৰ বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা বৰপেটা লোকসভা সমষ্টি উদ্ধাৰৰ বাবে মিত্ৰগোষ্ঠীয়ে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ বাবে মিত্ৰজোঁটে প্ৰতিদ্বন্দিতা আগবঢ়াব বৰপেটা লোক সভা সমষ্টিত ।

বৰপেটা লোকসভা সমষ্টিত আগন্তুক নিৰ্বাচনত মিত্ৰ দলে তীব্ৰ প্ৰতিদ্বন্দিতা কৰাৰ লগতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে । ইয়াৰোপৰি তেওঁ জনায় যে ২২ ফেব্ৰুৱাৰীত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আৰু বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে বিজেপিত যোগ দিব ।

লোক সভা নিৰ্বাচনৰ আগতে অন্য কোনো দলৰ বিধায়কে বিজেপিত যোগদান নকৰে বুলি সদৰী কৰে তেওঁ ৷ ১৪ টা লোকসভা সমষ্টিৰ মাজত ১২ খন আসন মিত্ৰজোঁটে লাভ কৰিব বুলি দাবী কৰে ভৱেশ কলিতাই ৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সন্দৰ্ভত ভৱেশ কলিতাই কটাক্ষ কৰি কয় যে বৰ্তমান ভূপেন বৰাৰ কোনো দলেই নাই ।

উল্লেখ্য যে মঙলবাৰৰ সভাখনত বৰপেটাৰোড সাহিত্য সভা ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস,মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক ফণী তালুকদাৰ, বিধায়ক সুমন হৰিপ্ৰিয়া, বিধায়ক নৱ দলেসহ ভালে কেইজন ৰাজ্যিক নেতা উপস্থিত থাকে ।

লগতে পঢ়ক: কংগ্ৰেছ ত্যাগ কৰিলে আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.