ETV Bharat / politics

বিহালীত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়া সন্দৰ্ভত কি ক'লে ভূপেন বৰাই ?

বিহালীত কংগ্ৰেছে দিলে প্ৰাৰ্থী । জয়ন্ত বৰাক কিয় দিবলগীয়া হ'ল প্ৰাৰ্থিত্ব ? অসম সন্মিলিত মৰ্চা সন্দৰ্ভতো প্ৰতিক্ৰিয়া বৰাৰ ।

APCC president Bhupen Bora reacts on Behali Bye Election issue
বিহালীত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়া সন্দৰ্ভত কি ক'লে ভূপেন বৰাই ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

গুৱাহাটী: বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই কংগ্ৰেছ দলে ঘোষণা কৰিলে বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম । অসম সন্মিলিত মৰ্চা চমুকৈ 'অ.স.ম'ৰ পৰামৰ্শক সম্পূৰ্ণৰূপে নসাৎ কৰি কংগ্ৰেছে যোৱা নিশা বিহালীৰ বাবে বিজেপিৰ সদ্য পদত্যাগী নেতা জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰে ।

লক্ষণীয় বিষয় যে জয়ন্ত বৰাই এতিয়ালৈকে কংগ্ৰেছ দলত যোগদান কৰা নাই যদিও যোগাদনৰ পূৰ্বেই প্ৰাৰ্থিত্ব লাভ কৰে । বিহালীৰ প্ৰাৰ্থিত্বক লৈ ব্যাপক বিতৰ্ক অব্যাহত থকাৰ লগতে অসম সন্মিলিত মৰ্চাই আগবঢ়োৱা পৰামৰ্শক কংগ্ৰেছ দলে অলপো গুৰুত্ব নিদিলে । ইফালে এনে বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ মাজতে ইতিমধ্যে অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰে ভূপেন বৰাই ।

বিহালীত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়া সন্দৰ্ভত কি ক'লে ভূপেন বৰাই ? (ETV Bharat Assam)

বিহালীৰ প্ৰেক্ষাপট সন্দৰ্ভত কি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই :

অৱশেষত কংগ্ৰেছ দলে বিহালী সমষ্টিত বিৰোধী মিত্রদলক গুৰুত্বহীন কৰি জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয়, "উপ-নিৰ্বাচনৰ পাঁচটা সমষ্টিৰ প্ৰাৰ্থী বাচনি কৰাৰ বাবে পাঁচগৰাকী নেতাৰে পাঁচখন সমিতি গঠন কৰা হৈছিল । লগতে কেন্দ্ৰীয়ভাৱে ছাৰ্ভেৰ ব্যৱস্থা কৰা হৈছিল । প্ৰাৰ্থী বাচনি কৰাৰ আমাৰ আগতীয়া সিদ্ধান্ত আছিল । প্ৰাৰ্থীৰ ক্ষেত্রত পাঁচখন সমিতিৰ ৰি'পৰ্ট আৰু ছাৰ্ভেৰ মাজত সমিল-মিল আছিল । সেই অনুসৰি চাৰিটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছিল। বিহালীক লৈ আমাৰ দেৰি হ'ল আৰু তাৰ বাবে মই দুঃখিত ।"

তেওঁ লগতে কয়, "ইয়াৰ কাৰণ হ'ল যে আমাৰ অসম সন্মিলিত মৰ্চাৰ মাজৰ পৰা বিহালীৰ বাবে চি পি আই এম এলে প্ৰাৰ্থিত্ব বিচাৰিছিল । অসম সন্মিলিত মৰ্চাৰ সভাপতি হিচাপে মই একতা ধৰি ৰখাৰ বাবে চি পি আই এম এলক প্ৰাৰ্থিত্ব দিয়াৰ বিষয়টোত চৰ্চা কৰিছিলো । কিন্তু বাৰে বাৰে এটা কথা আহিছিল যে বিবেক দাসে পূৰ্বে নিবাচন খেলাৰ ফলাফল কি আছিল ? যাৰ বাবে শেষত আমি এটা সিদ্ধান্ত হ'ব লগা হ'ল যে শক্তিশালী প্ৰাৰ্থী দিম নে একতাৰ খাতিৰত প্ৰাৰ্থী দিম । সেই কাৰণে এ আই চি চিয়ে এটা সিদ্ধান্ত লৈছে আৰু যিটো সিদ্ধান্ত আপোনালোকে জানে । মই আগতেই কৈছো যে এ আই চি চিয়ে যিটো সিদ্ধান্ত ল'ব সেইটো মই সভাপতি হিচাপে মানি লোৱাটো মোৰ নীতিগত দায়িত্ব ।"

"যিহেতু মই অসম সন্মিলিত মৰ্চাৰ জন্মদাতা গতিকে তেওঁলোকৰো এৰাব নোৱৰা অৱস্থা যে পাঁচখন আসনত এখন লাগে । আমাৰ সমিতিৰ ৰি'পৰ্ট আৰু ছাৰ্ভে অনুসৰি জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু তেওঁ এজন শক্তিশালী প্ৰাৰ্থী বুলি দুয়োটা ৰি'পৰ্টতে আছে । গতিকে দলৰ সিদ্ধান্তটোক আমি সকলোৱে মানি লৈছো।" বুলি বৰাই উল্লেখ কৰে ।

বিৰোধীৰ ঐক্য সন্দৰ্ভত সভাপতি বৰা:

"আমি আকৌ চেষ্টা কৰিম যে আমাৰ একতা ২০২৬ লৈকে বৰ্তাই ৰাখি আগুৱাই যাম । মই অসম সন্মিলিত মৰ্চাক আহ্বান জনাম যে উপ-নিৰ্বাচনকেন্দ্ৰিক কথা-বাৰ্তাৰ বাবে আমি বৃহত্তৰ স্বাৰ্থৰ পৰা ফালৰি কাটিব নালাগে । হয়, আমি তেওঁলোকে বিচৰাটো দিব পৰা নাই । কিন্তু ইয়াৰ যুক্তি-যুক্ততাও আছে । আমাৰ মূল লক্ষ্য হৈছে বিজেপিক পৰাভূত কৰা ।"-ভূপেন বৰা ।

লগতে তেওঁ কয়, "বিজেপিক পৰাভূত কৰাৰ ক্ষেত্রত শক্তিশালী প্ৰাৰ্থী বাচনি কৰিবলৈ যাওতে যিটো পৰিস্থিতি হৈছে তাৰ কাৰণে মই বিৰোধী ঐক্যৰ সভাপতি হৈ থাকিলে হয়টো তেওঁলোকে মনত দুখ পাব তাৰ বাবে মই সাময়িকভাৱে এৰিছো । মনটো এতিয়াও আছে । উপ-নিৰ্বাচনৰ পাছত আচল যুঁজখন আৰম্ভ হ'ব । আচল যুঁজখনত যাতে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত ২০২৬ ৰ নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ বাবে পৰামৰ্শ দিছিলো ।’’

ভূপেন বৰাই পুনৰ কয়,"জয়ন্ত বৰাৰ পৰিয়ালৰ লোকে কংগ্ৰেছৰ 'এ' আৰু 'বি' ফৰ্ম লৈ গৈছে আৰু জয়ন্ত বৰাই তেজপুৰত কংগ্ৰেছ দলত যোগদান কৰিব । দলত সিদ্ধান্ত এজনৰ কথাৰে নহয় । কেন্দ্ৰীয় নেতৃত্বই লোৱা সিদ্ধান্ত দলৰ সকলোৰে সিদ্ধান্ত । লুৰীণজ্যোতি গগৈক আমি কংগ্ৰেছ দলে যিমান সন্মান দিছো সিমান সন্মান আমি অসম সন্মিলিত মৰ্চাৰ নেতাক দিব পৰা নাই । ডিব্ৰুগড়ৰ দৰে এখন আসন এৰি দিছিলো । এৰি দিলেই ভাল আৰু এৰি নিদিলেই বেয়া তেনে হ'ব নালাগে । ২০২৬লৈ আমাৰ বিৰোধী ঐক্য থাকিব বুলি মই আশা কৰো ।"

শেষত বৰাই কয়, "আমি অসমৰ ৰাইজৰ কথা শুনিব লাগিব । জয়ন্ত বৰাই কংগ্ৰেছত যোগদান কৰাৰ বাবে আগৰ পৰাই যোগাযোগ কৰিছিল । মোক বহুবাৰ ফোন কৰিছে । বিবেক দাসক মই ২০২৬ৰ বাবে সাজু হোৱাৰ বাবে আহ্বান জনাইছো । জয়ন্ত বৰা জয়ী হ'লেও ২০২৬ত সমষ্টিটো নিৰ্বাচন খেলিব নোৱাৰিব । কাৰণ আসনখন এছ চিৰ বাবে সংৰক্ষিত হ'ব । ২০২৬ত বিবেক দাসে খেলিব পাৰিব । বিবেক দাসে এবছৰ কিয় বিধায়ক হ'ব লাগে, পাঁচ বছৰ হওক ।"

লগতে পঢ়ক: নাটকৰ যৱনিকা; বিহালীত কংগ্ৰেছে দিলে বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক প্ৰাৰ্থিত্ব

অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ কিয় ত্যাগ কৰিলে ভূপেন বৰাই, কি আছে পত্ৰত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.