গুৱাহাটী, 28 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনত শোণিতপুৰ সংসদীয় সমষ্টিৰ আপৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা ঋষিৰাজ কৌণ্ডিন্যক বিতৰ্কই লগ এৰা নাই ৷ এটাৰ পিচত আন এটা অভিযোগ উত্থাপিত হৈ থকা ঋষিৰাজ কৌণ্ডিন্যৰ বিৰুদ্ধে আপৰ সদস্য বুলি দাবী কৰা পলাশ ৰঞ্জন বৰুৱাই পুনৰ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে ৷ তেওঁ ছ’চিয়েল মিডিয়াত আদালতৰ তথ্যৰ উদ্ধৃতি দি এই অভিযোগ কৰি কয়- "আপৰ শোণিতপুৰৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই এগৰাকী ধৰ্ষণ ভুক্তভোগীৰ সৈতে আপোচ কৰিছিল ৷ আদালতৰ নিৰ্দেশত এইদৰে কোৱা হৈছে ৷ তেওঁক ধৰ্ষণৰ অভিযোগৰ পৰা মুক্ত কৰা হোৱা নাছিল ৷ উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি তেওঁ আদালতৰ বাহিৰত ভুক্তভোগীৰ সৈতে মীমাংসা কৰিছিল ৷
![Rishiraj Kaundinya](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-02-2024/20866077_nn.jpg)
তেওঁ পুনৰ কয়- "এয়া কি মডেল ? দিল্লী মডেল এনেকুৱা নেকি ? এনে ৰেপিষ্ট প্ৰাৰ্থীৰে নিৰ্বাচন খেলিবলৈ লোৱা দলৰ লগত অসম প্ৰদেশ কংগ্ৰেছে মিত্ৰতা কৰি বিজেপিক যদি পৰাজিত কৰিম বুলি ভাবিছে তেনেহ'লে মহাকাশত চাং পাতিছে ৷" এই পোষ্টে ছ’চিয়েল মিডিয়াত এতিয়া খলকনি তুলিছে ৷ উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ বাবে শোণিতপুৰ লোকসভা আসনৰ আপৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা ঋষিৰাজ কৌণ্ডিন্যক নিৰ্বাচিত কৰাক লৈ ভিতৰি আপৰ মাজত দুটা ফৈদৰ সৃষ্টি হৈছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
একাংশ আপ কৰ্মীয়ে আপৰ কেন্দ্ৰীয় নেতৃত্বই বিভিন্ন অভিযোগ থকা ঋষিৰাজ কৌণ্ডিন্যক প্ৰাৰ্থীত্ব দিয়াকলৈ অসন্তুষ্টিত আছে ৷ যদিও এই কথা আপৰ ভিতৰচ’ৰাত আৱদ্ধ হৈ আছে ৷ কিন্তু ইয়াকে লৈ অসমত আপ দুটা ভাগত ভাগ হোৱাৰ সম্ভাৱনা আছে ৷
![Rishiraj Kaundinya](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-02-2024/20866077_cc.jpg)
উল্লেখ্য যে শেহতীয়াকৈ বিতৰ্কত সোমাই পৰা লোকসভা নিৰ্বাচনৰ শোণিতপুৰ লোকসভা আসনৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ বিৰুদ্ধে চাৰিটাকৈ প্ৰবঞ্চনাৰ গোচৰ গুৱাহাটীৰ বিভিন্ন আৰক্ষী থানাত পঞ্জীয়ন হৈ আছে ৷ কিন্তু এই গোচৰবোৰত এতিয়াও আদালতে তেওঁক দোষী সাব্যস্ত কৰা নাই বুলি গুৱাহাটীত কিছুদিন পূৰ্বে আপৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ঋষিৰাজ কৌণ্ডিন্যই স্পষ্ট কৰিছিল ৷ তেওঁ সংবাদমেলত কৈছিল- " গোচৰ থাকিলে মানুহ এজন অপৰাধী হৈ নাযায় ৷
![Rishiraj Kaundinya](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-02-2024/20866077_ff.jpg)
আদালতে তেওঁক দোষী সাব্যস্ত কৰি অপৰাধী হিচাপে প্ৰমাণিত কৰিব লাগিব ৷ মোৰ বিৰুদ্ধে 34 টা গোচৰ নহয় 4 টা গোচৰ ৰুজু হৈ আছে ৷ ইয়াৰে দিছপুৰ থানাত 3 টা গোচৰ আৰু চান্দমাৰী থানাত 1 টা গোচৰ আছে ৷ প্ৰতিটো গোচৰ ঠগ-প্ৰৱঞ্চনাৰ গোচৰ ৷ এগৰাকী ব্যক্তিয়ে বাৰে বাৰে মোৰ বিৰুদ্ধে এনে গোচৰ ৰুজু কৰিছে ৷ 20 লাখ টকা লোৱা বুলি গোচৰ ৰুজু কৰিছিল ৷"
উল্লেখ্য যে ঋষিৰাজৰ ওপৰত জখলাবন্ধত ধৰ্ষণৰ গোচৰ দিছিল এগৰাকী মহিলাই ৷ কিন্তু সেই গোচৰ 2/11/ 18 তাৰিখে আদালতে খাৰিজ কৰিছে বুলি তেওঁ সদৰী কৰে। ৷ তেওঁ কয় যে মহিলাগৰাকীয়ে মিছাকৈ গোচৰ দিছিল ৷ উল্লেখ্য যে ঋষিৰাজ কৌণ্ডিন্য পূৰ্বতে বিজেপিৰ যুৱ মৰ্চাত আছিল ৷ 2019 চনত বিজেপি ত্যাগ কৰি আপত যোগদান কৰিছিল তেওঁ ৷
লগতে পঢ়ক : ৰাণা গোস্বামীৰ দলত্যাগৰ কাৰণ ৰাজহুৱা কৰক: দেৱব্ৰত শইকীয়া