ETV Bharat / politics

তেওঁলোকে পাঁচজনীয়া সমিতিৰ কথাও নাৰাখিলে: লুৰীণজ্যোতি গগৈ

জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়াক লৈ প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ । কংগ্ৰেছক বাদ দি বাকী দলসমূহৰ নেতৃত্বৰ অংশগ্ৰহণ বিশেষ বৈঠকত ।

AJP president Lurinjoyti Gogoi react on Behali Bye Election issue
জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়াক লৈ প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

গুৱাহাটী: "সততা তথা গুণগত ৰাজনীতিৰ দাম যদি টকাতকৈ কম হয় তেতিয়া মোৰ ক'বলগীয়‍া কি আছে ।" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি তথা অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ । বিহালী উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে অৱশেষত মিত্রদলৰ পৰামৰ্শ নস্যাৎ কৰি জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়া সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে লুৰীণজ্যোতি গগৈয়ে ।

অসম সন্মিলিত মৰ্চাৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ কংগ্ৰেছ দলে বিহালীত নিজৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে আজি গুৱাহাটীৰ এখন হোটেলত বৈঠকত মিলিত হয় অসম সন্মিলিত মৰ্চাৰ অংশীদাৰ দলসমূহ । কংগ্ৰেছক বাদ দি বাকী দলসমূহৰ নেতৃত্বই অংশগ্ৰহণ কৰে বৈঠকত । বৈঠকত লুৰীণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ লগতে আন অংশীদাৰ দলৰ নেতৃত্বই অংশগ্ৰহণ কৰে ।

জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়াক লৈ প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ (ETV Bharat Assam)

বৈঠকৰ পুৰ্বে সংবাদ মাধ্যমৰ আগত লুৰীণজ্যোতি গগৈয়ে কয়,"ৰাইজে সকলো কথা বুজি পাইছে । আমি কৈ থকা গুণগত আৰু সততাৰ ৰাজনীতিৰ মূল্যটো যদি টকা-পইচা তথা মাটিৰ ছিণ্ডিকেটতকৈ কম হয় তেন্তে উপাই নাই । মই কোনো গগৈৰ ৰাজনীতিত নাই । মই অসমৰ ৰাইজৰ লগত আছো । ৰাইজে সকলো কথা দেখিছে আৰু বুজিছে । মই নতুনকৈ ক'বলগীয়া নাই ।"

অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে লগতে কয়,"আমি সকলোৰে মতামতৰ ভিত্তিত সিদ্ধান্ত ল'ব লাগিব । অসমৰ ৰাজনীতিত ঐক্যবদ্ধ হৈ থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ । আমি সেইটোৱেই বিচাৰিছিলো । যদি বেলেগে বিশ্লেষণ কৰি পাইছে যে বিভাজনটোৱে মূল কথা তেন্তে আমি ক'বলগীয়‍ নাই । তেওঁলোকে পাঁচজনীয়া সমিতিৰ কথাও নাৰাখিলে । আনকি ফোন এটা কৰিও নকলে যে আমি নোৱাৰিলো, বেয়া নাপাব ।"

লগতে পঢ়ক: বিহালীত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়া সন্দৰ্ভত কি ক'লে ভূপেন বৰাই ?

নাটকৰ যৱনিকা; বিহালীত কংগ্ৰেছে দিলে বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক প্ৰাৰ্থিত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.