ETV Bharat / politics

এ আই ইউ ডি এফৰ প্ৰাৰ্থী চূড়ান্ত কৰি দিছে মুখ্যমন্ত্ৰীয়ে: কংগ্ৰেছ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: নগাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ দুই জ্যেষ্ঠ মুখপাত্ৰৰ সংবাদমেল । সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক লৈ বিস্ফোৰক মন্তব্য প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ঠিক কৰি দিয়া হেলিকপ্টাৰেৰে প্ৰচাৰ চলাইছে আজমলে । মুখ্যমন্ত্ৰীয়ে চূড়ান্ত কৰিছে এ আই ই ডি এফৰ প্ৰাৰ্থী । দাবী প্ৰদেশ কংগ্ৰেছৰ ৷

Lok Sabha Election 2024
কংগ্ৰেছৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 8:25 PM IST

কংগ্ৰেছৰ সংবাদমেল

নগাঁও, ১৫ এপ্ৰিল: বিজেপি দলৰ নেতাই নিৰ্বাচনী প্ৰচাৰ চলোৱা হেলিকপ্টাৰখন বদৰুদ্দিন আজমলে ব্যৱহাৰ কৰিছে ৷ এ আই ইউ ডি এফ নেতা বদৰুদ্দিন আজমল আৰু বিজেপিৰ মাজত বুজাবুজি আছে ৷ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ৷ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ইমদাদ হুছেইন আৰু প্ৰফুল্ল কুমাৰ দাসে সোমবাৰে নগাঁও ৰাজীৱ ভৱনত সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফ সভাপতি বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ নেতা দুগৰাকীয়ে । আনকি লোকসভা নিৰ্বাচনৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তালিকা মুখ্যমন্ত্ৰীয়ে চূড়ান্ত কৰা বুলিও দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰদ্বয়ে । নগাঁও লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত বদৰুদ্দিন আজমলে ব্যৱহাৰ কৰা হেলিকপ্টাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঠিক কৰি দিয়া বুলিও বিস্ফোৰক অভিযোগ কৰে কংগ্ৰেছ নেতাদ্বয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিজেপিৰ হেলিকপ্টাৰ লৈ আজমলে প্ৰচাৰ চলোৱা কাৰ্যই বিজেপি-এ আই ইউ ডি এফৰ মুকলি মিত্ৰতাৰ কথা প্ৰমাণ কৰিছে বুলিও দাবী কৰে অসম প্ৰদেশ কংগ্ৰেছে । যোৰহাটত গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈক ভোট দিব নালাগে বুলি প্ৰচাৰ চলাই বদৰুদ্দিন আজমলে প্ৰকাৰান্তৰে বিজেপি প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনোৱা কথাই কি সুচাই বুলি প্ৰশ্ন কৰে মুখপাত্ৰদ্বয়ে । সংখ্যালঘু ৰাইজৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা বিচৰাৰ পিচতহে বিজেপি নেতাক সংখ্যালঘুৰ ভোট বিচাৰিবলৈ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ দুই জ্যেষ্ঠ মুখপাত্ৰ ইমদাদ হুছেইন আৰু প্ৰফুল্ল কুমাৰ দাসে ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনত ব্যক্তিগত বিমান-হেলিকপ্টাৰৰ চাহিদা 40 শতাংশ বৃদ্ধি পোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.