ETV Bharat / politics

নিৰ্বাচনত কোনটো সমষ্টিত কাক সমৰ্থন জনাব এ আই ইউ ডি এফে - Lok Sabha elections 2024 - LOK SABHA ELECTIONS 2024

Press conference of AIUDF: দৰং-ওদালগুৰি সমষ্টিত বি পি এফৰ প্ৰাৰ্থী দূৰ্গাদাস বড়োক এ আই ইউ ডি এফৰ সমৰ্থন । শিলচৰ সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসক সমৰ্থন । বৰপেটা সমষ্টিত চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰক সমৰ্থন । পৰ্যবেক্ষণত আছে গুৱাহাটী আৰু কোকৰাঝাৰ সমষ্টি । সংবাদমেলত ক'লে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে ।

Press conference of AIUDF
এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম
author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 9:20 PM IST

এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম

গুৱাহাটী, ১৯ এপ্ৰিল: নিজে প্ৰতিদ্বন্দ্বিতা কৰা তিনিটা সমষ্টিক বাদ দি বাকী সমষ্টিত বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱা দলক সমৰ্থন জনাব এ আই ইউ ডি এফ দলে । দলটোৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত শুকুৰবাৰে আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলামে । তেওঁ কয় যে বিজেপিক পৰাভূত কৰাৰ বাবেই প্ৰতিদ্বন্দ্বিতা নকৰা সমষ্টিত এ আই ইউ ডি এফ দলে আন প্ৰাৰ্থী তথা দলৰ প্ৰতি নৈতিক সমৰ্থন আগবঢ়াইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিজেপিক প্ৰত্যাহ্বান জনাব পৰা দলক সমৰ্থন জনোৱাৰ কথা সদৰী কৰি তেওঁ কয় যে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত পাঁচটা সমষ্টিৰ কথা এতিয়া নাহে । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ সমষ্টিকেইটাত সমৰ্থন জনোৱাৰ প্ৰসংগত তেওঁ কয় যে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জত এ আই ইউ ডি এফে নিজে প্ৰতিদ্বন্দ্বিতাত নামিছে । তেওঁ কয় যে এই তিনিটা সমষ্টিত দলীয় প্ৰাৰ্থীক জয়ী কৰোৱাৰ চেষ্টা কৰা হ'ব আৰু তিনিটা সমষ্টিতে এ আই ইউ ডি এফৰ প্ৰাৰ্থী জয়ী হ'ব ।

দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কোনটো সমষ্টিত কাক সমৰ্থন জনাব সেই কথা সদৰী কৰি তেওঁ কয় যে দৰং-ওদালগুৰি সমষ্টিত বি পি এফৰ প্ৰাৰ্থী দূৰ্গাদাস বড়োক এ আই ইউ ডি এফে নৈতিকভাৱে সমৰ্থন জনাইছে । এই সমষ্টিটোত বিজেপিৰ বিৰুদ্ধে বি পি এফ শক্তিশালী বুলি সদৰি কৰি বি পি এফৰ প্ৰাৰ্থী দূৰ্গাদাস বড়োক নৈতিকভাৱে সমৰ্থন জনোৱাৰ কথা তেওঁ স্পষ্টভাৱে সদৰী কৰে ।

আনহাতে, শিলচৰ লোকসভা সমষ্টিত এ আই ইউ ডি এফে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসক সমৰ্থন জনোৱাৰ কথা তেওঁ উল্লেখ কৰে । তেওঁ কয় যে সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । তৃতীয় পৰ্যায়ৰ বৰপেটা সমষ্টিত চি পি আই (এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক সমৰ্থন জনাব বুলি তেওঁ কয় । বৰপেটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়ন যথেষ্ট দুৰ্বল বুলি তেওঁ কয় ।

ইফালে, ধুবুৰীত বদৰুদ্দিন আজমল বৃহৎ ব্যৱধানত জয়ী হ'ব বুলি তেওঁ দৃঢ়তাৰে কয় । আনহাতে, গুৱাহাটী আৰু কোকৰাঝাৰ লোকসভা সমষ্টি এতিয়াও পৰ্যবেক্ষণত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই দুটা সমষ্টিত এতিয়ালৈকে দলে কাকো সমৰ্থন আগবঢ়োৱা নাই । সমষ্টি দুটাত বিজেপিৰ বিৰুদ্ধে যাৰ স্থিতি শক্তিশালী হ'ব সেই দলকে সমৰ্থন জনোৱা হ'ব বুলি তেওঁ কয় ।

লগতে পঢ়ক:১০ বছৰত বদৰুদ্দিন আজমলৰ সম্পত্তি বাঢ়িল ১০৮ কোটি টকা - Property Of Badruddin Ajmal

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.