গুৱাহাটী,১৪ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ পদবীৰ মৰ্যাদা-গৰিমা লাঘৱ কৰাৰ বাবে কৰা কাম দেশৰ কোনো মুখ্যমন্ত্ৰীয়ে কৰা নাই । এই অভিযোগ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটেৰ । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটেই এখন সংবাদমেল সম্বোধন কৰে ।
সংবাদমেলত কংগ্ৰেছৰ দুগৰাকী বিধায়কে বিজেপি চৰকাৰক সমৰ্থন জনোৱাৰ প্ৰসংগত সাংবাদিকে প্ৰশ্ন কৰাত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে । উল্লেখ্য যে অসম বিধান সভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে বুধবাৰে কংগ্ৰেছৰ দুই বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসে চৰকাৰখনৰ প্ৰতি সমৰ্থন আগবঢ়াই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে । ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি কৰা এই প্ৰসংগত সুপ্ৰিয়া শ্ৰীনাটেই অসমৰ মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা ভ্ৰষ্টাচাৰৰ অভিযোগৰ বাবেই তেওঁক দেশৰ সবাতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী কোৱা হয় ।
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰক্ষীয়ে মানুহক ভয়-ভাবুকি প্ৰদান কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ ভয় খাই বিজেপি চৰকাৰে পথৰ গতিপথ সলনি কৰিলে । হিমন্ত বিশ্ব শৰ্মাৰ সকলো কথাৰ উত্তৰ দিব নোৱাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে আজিৰ সময়ত বিৰোধীৰ ৰাজনীতি কৰাটো কঠিনেই নহয় ইয়াৰ বাবে বহুত ডাঙৰ কলিজা লাগিব । কাৰণ নহ'লে চি বি আয়, আয়কৰ, ইডি লগাই দিব ।
হিমন্ত বিশ্ব শৰ্মাৰ দৰে লোকে সকলোধৰণৰ শক্তি প্ৰয়োগ কৰাত পাকৈত বুলি তেওঁ কয় । কংগ্ৰেছ দলত থাকি ৰাহুল গান্ধীক সহযোগ কৰি এই মহাসংগ্ৰামত অৱতীৰ্ণ হোৱাৰ বাবে কলিজা লাগিব বুলি তেওঁ কংগ্ৰেছৰ নেতা-কৰ্মীসকলক উদ্দেশ্যি কয় । অলপো ভয় থাকিলে এই যুদ্ধত অৱতীৰ্ণ হ'ব নোৱাৰিব বুলি কয় সুপ্ৰিয়া শ্ৰীনাটেই ।
লগতে পঢ়কঃ কংগ্ৰেছ তোড়ো ন্য়ায় যাত্ৰা ! কিয় ক’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ?