ETV Bharat / politics

লখিমপুৰত ভোট বৃদ্ধিৰ পিচতো কংগ্ৰেছৰ মুখথেকেচা - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 3:41 PM IST

Updated : Jun 5, 2024, 7:01 PM IST

BJP defeated Congress in Lakhimpur : মঙলবাৰে ঘোষণা হোৱা অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফলত লখিমপুৰত বিজয় সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই ৷ বৰুৱাই বিপক্ষৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাক প্ৰায় 2,01,257 ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷ পিছে এই ফলাফলত কিমান সন্তুষ্ট সমষ্টিবাসী, তাকে জানিবলৈ চাওক লখিমপুৰৰ সংবাদদাতা জীৱন গোস্বামীয়ে প্ৰস্তুত কৰা এই প্ৰতিবেদন ৷

LOK SABHA ELECTION RESULTS 2024
লখিমপুৰ এতিয়া বিজেপিৰ দখলত (Etv Bharat Assam)

লখিমপুৰ, 5 জুন : লখিমপুৰ লোকসভা সমষ্টি পুনৰ পাঁচ বছৰৰ বাবে থাকিব বিজেপিৰ দখলত ৷ সমষ্টিটোৰ পৰা প্ৰদান বৰুৱাই 6,63,122 ভোট লাভ কৰি পৰাস্ত কৰে বিপক্ষৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক ৷ প্ৰায় দুই লাখ ভোটৰ ব্যৱধানত পৰাস্ত হয় কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থীগৰাকী ৷ মঙলবাৰে ঘোষণা হোৱা ফলাফলে এই কথাকে প্ৰতীয়মান কৰিছে ৷

নিৰ্বাচনী ফলাফলক লৈ লখিমপুৰবাসীৰ মনৰ বতৰা (Etv Bharat Assam)

উল্লেখ্য যে, এটা উপ-নিৰ্বাচনকে ধৰি ক্ৰমাগত তিনিটাকৈ লোকসভা নিৰ্বাচনত সমষ্টিটোত আধিপত্য বিস্তাৰ কৰি ৰাখিবলৈ সক্ষম হৈছে গেৰুৱা দল বিজেপিয়ে ৷ এইবাৰৰ নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল 9 জনকৈ প্ৰাৰ্থীয়ে ৷

ফলাফল অনুসৰি,

প্ৰাৰ্থীৰ নামদলভোট লাভব্যৱধান
প্ৰদান বৰুৱাবিজেপি6,63,122 +201257
উদয় শংকৰ হাজৰিকাকংগ্ৰেছ4,61,865-201257

সমষ্টিটোত তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰে ক্ৰমে চি পি আইৰ ধীৰেণ কছাৰী(19,631 ভোট) আৰু তৃণমূল কংগ্ৰেছৰ ঘনকান্ত চুতীয়াই(14197 ভোট) ৷ কিন্তু মূল যুঁজখন অনুষ্ঠিত হয় বিজেপি-কংগ্ৰেছ প্ৰাৰ্থীৰ মাজতে ৷

লগতে পঢ়ক: লখিমপুৰত পুনৰ পদুম ফুলিলেও সন্তুষ্ট নহয় প্ৰদান বৰুৱা - Lok Sabha Election Results 2024

তাৎপৰ্যপূৰ্ণভাৱে সমষ্টিটোত ন’টা ভোটৰ সংখ্যা হৈছে 16,921 টা ৷ 2019 চনৰ নিৰ্বাচনত এই সংখ্যা আছিল 15,220 টা ৷ অৰ্থাৎ পূৰ্বৰ লোকসভা নিৰ্বাচনৰ তুলনাত সমষ্টিটোত ন’টা ভোটৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ন’টা ভোট বৃদ্ধিৰ পৰিসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে ৷

কিয় পৰাস্ত হল কংগ্রেছ ?

সাধাৰণ ৰাইজৰ মতামত : বিগত দুটাকৈ লোকসভা নির্বাচনতকৈ এইবাৰৰ নিৰ্বাচনত সমষ্টিটোত কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই বহু বেছি ভোট লাভ কৰাৰ পিছতো পৰাজয়বৰণ কৰিবলগীয়া হয় ৷ এই সন্দৰ্ভত ৰাইজে মতামত প্ৰকাশ কৰা অনুসৰি, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ লাভ কৰা নাছিল পৰ্যাপ্ত সময় ৷ কিয়নো নিৰ্বাচনৰ কিছুদিন পূৰ্বে সমষ্টিটোত কংগ্ৰেছে প্ৰক্ষেপ কৰিছিল প্ৰাৰ্থী ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক : https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

তদুপৰি দলীয় কোনো নেতাই প্ৰাৰ্থীগৰাকীক প্ৰচাৰ কাৰ্যত সহায় কৰিবলৈ অহা নাছিল বুলি স্থানীয় ৰাইজে ব্যক্ত কৰে ৷ বিজেপি দলে উদয় শংকৰ হাজৰিকাক পৰাস্ত কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰাৰ বিপৰীতে কংগ্রেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰায় অকলেই নিৰ্বাচনী যুঁজখন চলাই নিবলগীয়া হয় ।

তাৰোপৰি দলীয় আভ্যন্তৰীণ লবীকেন্দ্ৰিক ৰাজনীতিয়েও প্ৰাৰ্থীগৰাকীক ক্ষতি কৰা বহুসময়ত অনুমান হয় ৷ এনেবোৰ কাৰণতে বিগত দুটা নিৰ্বাচনৰ তুলনাত কংগ্ৰেছ প্ৰাৰ্থী উদয় হাজৰিকাই বেছি ভোট লাভ কৰিও নিৰ্বাচনী বৈতৰণী পাৰ হ’ব নোৱাৰিলে ৷

লগতে পঢ়ক: অসমৰ নিৰ্বাচনী যুঁজৰ ফলাফল : বিজেপি মিত্ৰজোঁটৰ হাতত 11 খন আসন; কংগ্ৰেছে লাভ কৰিলে 3 খন - LOK SABHA ELECTION RESULTS 2024

Last Updated : Jun 5, 2024, 7:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.