ETV Bharat / politics

ঝাৰখণ্ডত আদিবাসী আৰু হিন্দুসকল সুৰক্ষিত নহয় : হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 7:07 PM IST

Himanta Biswa Sarma in Jharkhand :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ঝাৰখণ্ডৰ পাকুৰৰ গাইবাথানৰ গাওঁবাসীক সাক্ষাৎ কৰে ৷ বুজ লয় হিংসাজৰ্জৰ অঞ্চলটোৰ লোকসকলৰ পৰিস্থিতিৰ ৷

HIMANTA BISWA SARMA
ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

নিউজ ডেস্ক, ১ আগষ্ট : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৃহস্পতিবাৰে ঝাৰখণ্ডৰ পাকুৰত উপস্থিত হয় । মুখ্যমন্ত্ৰীগৰাকী প্ৰথমে মহেশপুৰৰ গাইবাথান গাঁৱত উপস্থিত হয় ৷ তাৰ পিচত তেওঁ হিংসাজৰ্জৰ অঞ্চলটোৰ ভুক্তভোগী আঘাতপ্ৰাপ্ত গাওঁবাসীক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাসমূহৰ বুজ লয় ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে আজি ঝাৰখণ্ডত জনজাতীয় লোকৰ চৰকাৰ আছে, কিন্তু জনজাতীয় আৰু হিন্দুসকল ইয়াত সুৰক্ষিত নহয় ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হেমন্ত ছোৰেনৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয় যে এই আক্ৰমণত আহতসকলৰ অৱস্থা অতি শোচনীয়, চৰকাৰে তেওঁলোকৰ চিকিৎসাৰ বাবে কোনো পদক্ষেপ লোৱা নাই ৷ তদুপৰি ড৹ শৰ্মাই কয় যে আদালতৰ নিৰ্দেশৰ পিচতো চৰকাৰে মাটিখিনি মাটিৰ মালিকলৈ হস্তান্তৰ কৰা নাই ৷ আদিবাসী মুখ্যমন্ত্ৰীৰ শাসন কালতে যি ঘটিছে সেয়াই প্ৰমাণ কৰে যে আদিবাসী লোকসকলে ন্যায় পোৱা নাই ৷

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুজন আহত ব্যক্তিক দলৰ পৰা এক লাখ টকাকৈ দিয়া হৈছে যাতে তেওঁলোকে ন্যায়িক যুঁজৰ লগতে নিজৰ চিকিৎসা কৰিব পাৰে ৷ ইয়াৰ উপৰিও তেওঁ গোপীনাথপুৰলৈ যাবলৈ বাধা দিয়াৰ বাবে ঝাৰখণ্ড চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক বাধা দিয়া হৈছে ৷ কোৱা হৈছিল যে আপুনি তালৈ নাযাব, বংগ আৰু তাৰ অনুপ্ৰৱেশকাৰীসকলে হুলস্থুলৰ সৃষ্টি কৰিব পাৰে । অনুপ্ৰৱেশকাৰীৰ কাৰণে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ক’লৈকো যাবলৈ দিয়া হোৱা নাই । ইয়াৰ পৰা ঝাৰখণ্ডৰ পৰিস্থিতি কি সেয়া অনুমান কৰিব পাৰি ৷

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এজন মুখ্যমন্ত্ৰীয়ে নিজৰ দেশৰ আন এখন ৰাজ্যলৈ যাব নোৱৰাটো দুখজনক । ড৹ শৰ্মাই কয় যে এইবাৰ আমাক যোৱাৰ পৰা বাধা দিয়া হৈছে, কিন্তু দ্বিতীয়বাৰৰ বাবে আমি নিশ্চিতভাৱে আহি গোপীনাথপুৰলৈ যাম । সন্তলত অনুপ্ৰৱেশ আৰু জনগাঁথনিগত পৰিৱৰ্তন সন্দৰ্ভত তেওঁ কয় যে আজি পাকুৰ আৰু সন্তলৰ পৰিস্থিতি দেখি মই অত্যন্ত দুঃখিত ৷

লগতে পঢ়ক : হিংসাজৰ্জৰ গোপীনাথপুৰলৈ যোৱাত অসমৰ মুখ্যমন্ত্ৰীক বাধা ঝাৰখণ্ড চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.