ETV Bharat / politics

শাসকীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ আটছা - লোকসভা নিৰ্বাচন

Tinsukia AATSA press meet: ৰামেশ্বৰ তেলীক ডিব্ৰুগড়ত টিকট দিলে কঠোৰ প্ৰতিবাদৰ সন্মুখীন হ’ব বিজেপি ৷ এই সকীয়নি আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ ৷

aatsa hold a press meet against bjp govt in tinsukia
সংবাদমেল আয়োজন
author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 7:15 PM IST

জগত নায়কৰ ভাষ্য

তিনিচুকীয়া, ২৯ ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ শাসক-বিৰোধী দলসমূহে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ ৷ এই লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণতে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তিনিচুকীয়া আটছা জিলা সমিতি ৷ বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এখনি সংবাদমেল সম্বোধন কৰি আটছাৰ নেতৃত্বই ক্ষোভ উজাৰে ৷

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী ঘোষণা কৰাৰ প্ৰাকক্ষণত তিনিচুকীয়াত আটছা জিলা সমিতিয়ে সংবাদমেলৰ জৰিয়তে শাসকীয় চৰকাৰলৈ হুংকাৰ প্ৰদান কৰে ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক চাহ বাগিচা অঞ্চলত বয়কট ঘোষণা কৰিছে আটছাই৷ ডিব্ৰুগড় লোকসভা সমষ্টিত ৰামেশ্বৰ তেলীক দলীয় টিকট প্ৰদান নকৰিবলৈ বিজেপি চৰকাৰক আহ্বান জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে ৷

ৰামেশ্বৰ তেলীক অকৰ্মন্য এলেহুৱা সাংসদ ঘোষণা কৰি ৰামেশ্বৰ তেলীক টিকট প্ৰদান কৰিলে আটছাৰ কঠোৰ প্ৰতিবাদৰ সন্মুখীন হ’ব বুলি বিজেপি চৰকাৰক হুংকাৰ প্ৰদান কৰে আটছাৰ নেতৃত্বই৷ আনহাতে, দুটাকৈ কাৰ্যকাল সংসদত থাকিও জনগোষ্ঠীটোৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই বুলি ৰামেশ্বৰ তেলীক সমালোচনা কৰে আটছাই ৷ তিনিচুকীয়া প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে আটছা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়কে৷ প্ৰাপ্ত খবৰ অনুসৰি আটছাৰ সকলো সভা সমিতিত এসময়ৰ আটছাৰ নেতা ৰামেশ্বৰ তেলীক নিষিদ্ধ কৰা হৈছে ৷

আজিৰ সংবাদমেলত আটছা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়ক, সম্পাদক অনুজ তাঁতী, কেন্দ্ৰীয় নেতা যতীন বৰাইককে আদি কৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক : ৰামেশ্বৰ তেলীক টিকট দিলে বাগিচাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰিব আছাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.