ডিব্ৰুগড়, 10 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচনক লৈ জমি উঠিছে ৰাজ্যৰ ৰাজনীতি । ডিব্ৰুগড় লোকসভা সমষ্টিত আগ্ৰাসী ৰূপত দেখা পোৱা গৈছে আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক । শাসকীয় পক্ষৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে এঘড়ী যুঁজিবলৈ ৰণত নামিছে যুৱনেতা মনোজ ধানোৱাৰ ৷
ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত দলীয় সমৰ্থকসহ প্ৰচাৰ অভিযানত নামিছে আপৰ প্ৰাৰ্থীজন । দেওবাৰে টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বাগিচা, হাট-বজাৰ আদিত আম আদমি পাৰ্টীয়ে প্ৰচাৰ অভিযান চলায় ।
প্ৰাৰ্থী মনোজ ধানোৱাৰক লগত লৈ দলীয় সমৰ্থকসকলে দীঘলীয়া সমদল বাহিৰ কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰচাৰপত্ৰ বিতৰণ কৰি আপৰ প্ৰাৰ্থীজনক আগন্তুক লোকসভা নিৰ্বাচনত জয়যুক্ত কৰিবলৈ আহ্বান জনায় । প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মনোজ ধানোৱাৰে মন্তব্য কৰে যে বিজেপিয়ে ডিব্ৰুগড় লোকসভা সমষ্টিত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব নিদিয়াৰ বাবে চাহ বাগিচাত বিজেপিৰ ভোট কৰ্তন হ’ব ।
নিৰ্বাচনত জয়ী হ'লে ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দিয়াৰ উদ্দেশ্যে কেঁচা চাহপাতৰ এক উচিত মূল্য নিৰ্ধাৰণ কৰা হ'ব বুলি উল্লেখ কৰে মনোজ ধানোৱাৰে । আনহাতে প্ৰধানমন্ত্ৰীৰ অসম আগমনে আগন্তুক নিৰ্বাচনত কোনোধৰণৰ প্ৰভাৱ নেপেলায় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় আপৰ প্ৰাৰ্থীগৰাকীয়ে ।
আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৰহাটৰ সভালৈ ডিব্ৰুগড়, গুৱাহাটীকে ৰাজ্যৰ প্ৰায় সংখ্যক ৰাজ্যৰ পৰা মানুহ আনিবলগীয়া হোৱা বিষয়টোৱে মোদীৰ বৰ্তমানৰ জনপ্ৰিয়তা কিমান সেই কথা প্ৰমাণ কৰিছে বুলি বিজেপিক তীব্ৰ কটাক্ষ কৰে আম আদমি পাৰ্টীৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ বক্তব্য সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া