ETV Bharat / politics

ডিব্ৰুগড় লোকসভা সমষ্টিৰ‌ চমু আভাষ, তিনিগৰাকী প্ৰাৰ্থীৰ হ’ব ভাগ্য নিৰ্ণয় - Lok sabha election 2024

Lok sabha election 2024 : আজি ১৯ এপ্ৰিলত অসমৰ ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম ডিব্ৰুগড় লোকসভা সমষ্টিৰ এক চমু আভাষ...

Lok sabha election 2024
ডিব্ৰুগড় লোকসভা সমষ্টিৰ‌ চমু আভাষ, তিনিগৰাকী প্ৰাৰ্থীৰ হ’ব ভাগ্য নিৰ্ণয়
author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 10:16 AM IST

Updated : Apr 19, 2024, 11:03 AM IST

গুৱাহাটী, ১৯ এপ্ৰিল : আজি অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । ৰাজ্যৰ পাঁচটা সমষ্টি ক্ৰমে ডিব্ৰুগড়, কাজিৰঙা, যোৰহাট, শোণিতপুৰ আৰু লখিমপুৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত ডিব্ৰুগড় লোকসভা সমষ্টিৰ এক গুৰুত্ব আছে । কাৰণ এই সমষ্টিৰ পৰা সাংসদ হোৱা কেইবাগৰাকী সাংসদে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ পদ অলংকৃত কৰিছে ।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা

ডিব্ৰুগড় লোকসভা সমষ্টি উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এটা অসংৰক্ষিত সমষ্টি । ভোটাৰৰ সংখ্যাৰ দিশৰ পৰা অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত এই সমষ্টিটোৰ গুৰুত্বপূৰ্ণ স্থান আছে ৷

ডিব্ৰুগড় সমষ্টিটোত সমষ্টি পুনৰ ৰ্নিধাৰণৰ পূৰ্বে ৯ টা বিধানসভাৰ সমষ্টি আছিল । সমষ্টি পুনৰ ৰ্নিধাৰণৰ পিচত ডিব্ৰুগড় লোকসভা সমষ্টিটো ১০ টা বিধানসভা সমষ্টিলৈ বৃদ্ধি কৰা হয় । সেইকেইটা ক্ৰমে- ডিব্ৰুগড়, চাবুৱা-লাহোৱাল, দুলীয়াজান, টিংখাং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মাকুম, খোৱাং আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টি ।

সমষ্টি পুনৰ ৰ্নিধাৰণৰ পূৰ্বে ডিব্ৰুগড় লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১২,৯৭,৬৭১ জন। সমষ্টি পুনৰ ৰ্নিধাৰণৰ পিচত ডিব্ৰুগড় লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হয় ১৬,৫৯,৫৮৮ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৮০৯৯৯০ জন আৰু মহিলা ভোটাৰ ৮৪৯৫৬৩ গৰাকী । তৃতীয় লিংগৰ ভোটাৰ ৩৩ গৰাকী । সমষ্টিটোত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ আছে ১৯২৩ টা ।‌

ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ

উল্লেখ্য যে, ২০০৪ আৰু ২০১৪ চনৰ বাহিৰে আটাইকেইটা নিৰ্বাচনত সমষ্টিটো কংগ্ৰেছৰ দখলত আছিল । ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনত সমষ্টিটোৰ পৰা সৰ্বানন্দ সোণোৱাল অগপ দলৰ পৰা নিৰ্বাচিত হৈছিল । ২০০৯ চনত কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰে পুনৰ সমষ্টিটো দখল কৰে । কিন্তু ২০১৪ চনত সমষ্টিটো বিজেপিৰ দখললৈ যায় । ৰামেশ্বৰ তেলী জয়ী হয় ঘাটোৱাৰক পৰাজিত কৰে । তেলীয়ে ৪,৯৪,৩৬৪ টা ভোট লাভ কৰে । দ্বিতীয় স্থানত থকা ঘাটোৱাৰতকৈ তেওঁ ১,৮৫,৩৪৭ টা ভোট বেছিকৈ লাভ কৰে ৷

২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনত বিজেপিৰ ৰামেশ্বৰ তেলীয়ে পুনৰ বিজয়ী হৈ দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড় লোকসভাৰ সাংসদ হয় ।‌ পাঁচবাৰৰ বাবে সাংসদ হোৱা পৱন সিং ঘাটোৱাৰক ২০১৯ চনত ৩ লাখ ৬৪ হাজাৰ ৫৬৬ টা ভোটত পৰাস্ত কৰিছিল ৰামেশ্বৰ তেলীয়ে । ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে ৬৫,৯৫৮৩ সংখ্যক ভোট লাভ কৰি জয়লাভ কৰিছিল । নিৰ্বাচনত দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে ২৯,৫০১৭ টা ভোট লাভ কৰিছিল ।‌

ঠিক সেইদৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা NPP ৰ ভবেন বৰুৱাই ৯,৭১৮ টা, নিৰ্দলীয় ৰুবুল বুঢ়াগোহাঁই ৮,১১২ টা, বহুজন মুক্তি পাৰ্টিৰ ড৹ টাইটাছ ভেংৰাই ৬,৯৩৩ টা, নিৰ্দলীয় ইজৰাইল নন্দাই ৫,৬৮৭ টা, নিৰ্দলীয় নুৰুল হুদা ইমদাদুল ইছলাম শইকীয়াই ৫,৫৯৯ টা আৰু নিৰ্দলীয় অপূৰ্ব শইকীয়াই ৩,৮১১ টা‌‌ ভোট লাভ কৰিছিল। নোটাত ২১,২৮৮ টা‌ ভোট পৰিছিল ।

২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনত নিৰ্বাচনৰ বাবে সমষ্টিটোত মুঠ ৮ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি বিবেচিত হৈছিল । তেওঁলোক হ’ল ক্ৰমে- বিজেপিৰ ৰামেশ্বৰ তেলী, কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰ, নিৰ্দলীয় নুৰুল হুদা, ইমদাদুল ইছলাম শইকীয়া, বহুজন মুক্তি পাৰ্টিৰ ড৹ টাইটাছ ভেংৰা, নিৰ্দলীয় ৰুবুল বুঢ়াগোহাঁই, নিৰ্দলীয় ইজৰাইল নন্দা, নিৰ্দলীয় অপূৰ্ব শইকীয়া, এন পি পিৰ ভবেন বৰুৱা।

সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী

ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ‌ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মন কৰিবলগীয়া যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা কোনো নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা নাই।

লগতে পঢ়ক: জানো আহক লখিমপুৰ লোকসভা সমষ্টিৰ ৰূপৰেখা - Lok Sabha Election 2024

Last Updated : Apr 19, 2024, 11:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.